অসম

assam

ETV Bharat / sukhibhava

Lord Ganesh Famous Temple: ভগৱান গণেশক মানৱ ৰূপত পূজা কৰা একমাত্ৰ মন্দিৰটো - ভগৱান গণেশ

ভাৰতবৰ্ষত ভগৱান গণেশৰ এনে এটা মন্দিৰ আছে য'ত তেওঁৰ মানৱ ৰূপক পূজা কৰা হয় ৷ এই মন্দিৰটোৱেই পৃথিৱীৰ একমাত্ৰ মন্দিৰ য’ত গণেশৰ কোনো গজমুখ মূৰ্তিৰ পূজা কৰা নহয় ৷

How are Adi Vinayaka temple of Tamil Nadu different from the regular Ganapati temples?
এইটোৱেই হৈছে ভগৱান গণেশৰ একমাত্ৰ মন্দিৰ, য'ত কৰা হয় গণেশৰ মানৱ ৰূপৰ পূজা

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 1:50 PM IST

আজিৰ পৰাই সমগ্ৰ দেশতে আৰম্ভ হৈছে গণেশ চতুৰ্থী ৷ সমগ্ৰ দেশতে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হয় ৷ গণেশ বাবাক উপাসনা কৰিবলৈ ভক্তসকলো অতি আগ্ৰহী হৈ পৰিছে ৷ বিশেষকৈ মহাৰাষ্ট্ৰত গণেশ চতুৰ্থী উৎসৱৰ সময়ত ব্যাপক জাকজমকতা দেখা যায় ৷ সিদ্ধিবিনায়কৰ পৰা খজৰানালৈকে দেশজুৰি গণপতিৰ মন্দিৰত ভিৰ কৰা দেখা যায় ৷

আদিবিনায়ক মন্দিৰ, তামিলনাডু

এই সকলোবোৰ মন্দিৰত ভগৱান গণেশৰ শুৰ থকা মূৰ্তি আছে ৷ কিন্তু আপুনি জানেনে যে ভাৰতত এনে এটি গণেশ মন্দিৰ আছে, য’ত ভগৱান গণেশৰ মূৰ্তি মানৱ ৰূপত আছে ৷ এতিয়ালৈকে আপুনিও নিশ্চয় শুৰ থকা গণেশ বাবাৰ মূৰ্তি দেখিছে, গতিকে আমি আপোনাক এই বিশেষ মন্দিৰটো চাবলৈ লৈ যাওঁ ৷

আদিবিনায়ক মন্দিৰ

ভগৱান গণেশৰ এই মন্দিৰ তামিলনাডুত ৷ এই মন্দিৰৰ নাম আদিবিনায়ক, য'ত ভগৱান গণেশক মানৱ ৰূপত পূজা কৰা হয় ৷ আমোদজনক কথাটো হ’ল এই প্ৰতিমূৰ্তি পৃথিৱীত কেৱল আদিবিনায়ক মন্দিৰতহে পোৱা যায় ৷ এই মন্দিৰত বাপ্পাৰ শৰীৰত গজমুখ নহয় মানুহৰ মুখহে দেখিবলৈ পোৱা যায় ৷

কিয় গণেশ বাবাক মনুষ্য ৰূপৰ পূজা কৰা হয় ?

বিশ্বাস কৰা হয় যে ভগৱান শংকৰে যেতিয়া গণেশৰ ওপৰত ক্ৰোধিত হৈছিল তেতিয়া তেওঁ গণেশক শিৰচ্ছেদ কৰিছিল ৷ ইয়াৰ পিছত ভগৱান গণেশৰ চিঙিত এটা হস্তীৰ মূৰ ৰখা হৈছিল ৷ কিন্তু ইয়াত বাপ্পাৰ সেই ৰূপটোৰ পূজা কৰা হয় যেতিয়া ভগৱান গণেশ মনুষ্য ৰূপত আছিল ৷ সেয়ে ভগৱান গণপতিৰ প্ৰথম ৰূপক পূজা কৰা বাবে মন্দিৰৰ নাম আদি বিনায়ক হিচাপে নামাকৰণ কৰা হৈছিল ৷

আদিবিনায়ক মন্দিৰলৈ কেনেকৈ যাব পাৰি

এই মন্দিৰটো তামিলনাডু ৰাজ্যৰ তিৰুৱৰুৰ জিলাৰ কুটনুৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ নিলগত তিল্লাথাৰ্পনপুৰী নামৰ স্থানত ৷ বিমানযোগে এই মন্দিৰলৈও যাব পাৰে ৷ মন্দিৰৰ নিকটতম বিমানবন্দৰ হৈছে তিৰুচিৰাপল্লী বিমানবন্দৰ, যিটো প্ৰায় ১১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ একে সময়তে যদি আপুনি ইয়ালৈ ৰে’লযোগে যাব বিচাৰে, তেন্তে চেন্নাই পোৱাৰ পিছত আপুনি ৰে‘লত উঠি তিৰুভাৰুৰলৈ যাব লাগিব ৷

লগতে পঢ়ক:Ganesh Chaturthi 2023: ঘৰে ঘৰে চলিছে গণেশ চতুৰ্থীৰ প্ৰস্তুতি; জানি লওক পূজাৰ সঠিক সময় তথা পদ্ধতি

ABOUT THE AUTHOR

...view details