শেহতীয়াকৈ লেন্সেট প্লেনেটাৰী হেল্থ নামৰ আলোচনীখনত প্ৰকাশিত এক তথ্য মতে, দিনক দিনে বৃদ্ধি পোৱা অত্যাধিক বায়ু প্ৰদূষণে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছে শিশুসকলক ৷ বিশেষকৈ হাঁপানি বেমাৰৰ সৈতে যুঁজিবলৈ শিশুসকলক অধিক দুৰ্বল কৰি তোলে বায়ু প্ৰদূষণে (Asthma attacks in children) । লেন্সেট প্লেনেটাৰী হেল্থৰ অধ্যয়নত ভাইৰাছ আৰু নন-ভাইৰেল কাৰণত হাঁপানিৰ আক্ৰমণ বৃদ্ধি কৰাত বায়ুত উপস্থিত প্ৰদূষকৰ ভূমিকা সম্পৰ্কে গৱেষণা কৰা হৈছিল।
বায়ুত প্ৰদূষক পদাৰ্থৰ উচ্চ মাত্ৰাই শিশুসকলৰ হাঁপানি বেমাৰ বৃদ্ধি কৰিব পাৰে: গৱেষণা
চহৰ অঞ্চলৰ বায়ুত অত্যাধিক মাত্ৰাত প্ৰদূষণ থকাৰ বাবে শিশুসকলক হাঁপানি বা অন্যান্য বেমাৰে সহজতে আক্ৰমণ কৰিব পাৰে (High levels of pollutants) ৷ তাৎপৰ্যপূৰ্ণভাৱে, বেছিভাগ ভাইৰাছজনিত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণক হাঁপানিৰ বাবে দায়ী বুলি গণ্য কৰা হয়।
কিন্তু শেহতীয়াকৈ কৰা এক গৱেষণাৰ পৰা দেখা গৈছে যে চহৰ অঞ্চলৰ বতাহত থকা প্ৰদূষণ বিশেষকৈ অ’জন আৰু অন্যান্য মিহি কণিকাৰ দৰে নন-ভাইৰাছে শিশুৰ ক্ষেত্ৰত হাঁপানিৰ বেমাৰ বৃদ্ধি কৰিছে । এই অধ্যয়নত বায়ু প্ৰদূষণ আৰু সৰ্বকাৰণ হাঁপানিৰ আক্ৰমণৰ মাজৰ সম্পৰ্ক সযতনে বিশ্লেষণ কৰা হৈছে (Asthma attacks in children) ।
লেন্সেট প্লেনেটাৰী হেল্থ জাৰ্নেলত প্ৰকাশিত এই গৱেষণাৰ পৰা অনুমান কৰা হৈছে যে বায়ুত বিশেষকৈ অ’জন আৰু অন্যান্য কণাজাতীয় পদাৰ্থৰ উচ্চ প্ৰদূষণৰ মাত্ৰাই হাঁপানিৰ আক্ৰমণৰ সূচনা কৰিব পাৰে আৰু বিশেষকৈ চহৰ অঞ্চলত বাস কৰা শিশুৰ হাওঁফাওঁৰ কাম-কাজত ব্যাঘাত জন্মাব পাৰে । গৱেষণাত বিশেষভাৱে অধ্যয়ন কৰা হৈছিল যে কেনেকৈ উচ্চ প্ৰদূষণৰ মাত্ৰাই চহৰ অঞ্চলত বসবাস কৰা শিশুসকলৰ হাঁপানিৰ আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে (Pollutants in air may increase asthma attacks) ।
প্ৰদূষক পদাৰ্থই হাঁপানিৰ আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে
গৱেষণাৰ বিষয়ে অধিক বিশদভাৱে উল্লেখ কৰি অধ্যয়নটোৰ অন্যতম গৱেষক শিশু চিকিৎসাৰ অধ্যাপক তথা নিউয়ৰ্ক মেডিকেল কলেজৰ পালমোন’লজী বিভাগৰ মুৰব্বী ডাঃ এলান ডজাৰে মেডিকেল নিউজ টুডেক কয় যে, “ভাইৰাছৰ সংক্ৰমণ শিশুৰ ক্ষেত্ৰত অতি সাধাৰণ আৰু ইয়াৰ সৈতে জড়িত । শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ (URI) বা চৰ্দিৰ বাবেই অধিক আক্ৰমণাত্মক গৈ পৰে হাঁপানি ৷"
তেওঁ লগতে কয় যে সাধাৰণতে শীতকালত ভাইৰাছৰ সংক্ৰমণ আৰু হাঁপানিৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পায় । কিন্তু বিশেষকৈ বায়ু প্ৰদূষণৰ মাত্ৰা অধিক হোৱা অঞ্চলত এই ঋতুত হাঁপানিৰ আক্ৰমণ অধিক দেখা যায় ।
এই অধ্যয়নত গৱেষকসকলে প্ৰথমে আমেৰিকাৰ কিছুমান বিশেষ চহৰ অঞ্চলত বাস কৰা শিশু আৰু কিশোৰ-কিশোৰীৰ হাঁপানিৰ তীব্ৰতা আৰু তেওঁলোকৰ চহৰত বায়ু প্ৰদূষকৰ মাত্ৰাৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিছিল । ইয়াৰ উপৰিও তেওঁলোকে কিছুমান পুৰণি পৰ্যবেক্ষণমূলক অধ্যয়নৰ তথ্য আৰু অংশগ্ৰহণকাৰীসকলৰ জিন প্ৰকাশৰ প্ৰফাইলও বিশ্লেষণ কৰিছিল । যাতে ভাইৰাছ আৰু নন-ভাইৰেল হাঁপানিৰ তীব্ৰতা বৃদ্ধিৰ অন্তৰ্নিহিত আণৱিক ব্যৱস্থা আৰু আণৱিক ভিত্তি বুজিব পৰা যায় ।