প্ৰতি বছৰে কাৰ্তিক পূৰ্ণিমাৰ দিনা গুৰু নানক জয়ন্তী পালন কৰা হয়(Guru Nanak Jayanti 2022 )। ৰবি নদীৰ পাৰত অৱস্থিত তালৱাণ্ডী গাঁৱত ১৪৬৯ চনৰ ১৫ এপ্ৰিলত গুৰু নানক জীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয় । তেওঁৰ জন্মৰ দিনটো আছিল কাৰ্তিক পূৰ্ণিমা । গুৰু নানকৰ পিতৃৰ নাম মেহতা কালু আৰু মাতৃৰ নাম তৃপ্তা দেৱী(Guru Nanak Jayanti history) । গুৰু নানক জীয়ে শিখ সমাজৰ ভেটি স্থাপন কৰিছিল বুলি বিশ্বাস কৰা হয়(Guru Nanak Jayanti significance) । সেইবাবেই তেওঁক শিখ সম্প্ৰদায়ৰ প্ৰথমজন গুৰু হিচাপে গণ্য কৰা হয় । সেয়েহে প্ৰতি বছৰে এই দিনটো গুৰু পূৰব বা প্ৰকাশ পৰ্ব হিচাপে পালন কৰা হয়(why we celebrate Guru Nanak Jayanti) ।
Guru Nanak Jayanti 2022: গুৰু নানক জয়ন্তী উপলক্ষে জানো আহক তেওঁৰ কিছুমান প্ৰেৰণাদায়ক উক্তি - Guru Nanak Jayanti history
প্ৰতি বছৰে কাতি পূৰ্ণিমাৰ দিনা গুৰু নানক জয়ন্তী পালন কৰা হয় (Guru Nanak Jayanti 2022 )। ৰবি নদীৰ পাৰত অৱস্থিত তালৱাণ্ডী গাঁৱত ১৪৬৯ চনৰ ১৫ এপ্ৰিলত গুৰু নানক জীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয় ।
গুৰু নানক জয়ন্তী উপলক্ষে জানো আহক তেওঁৰ কিছুমান প্ৰেৰণাদায়ক উক্তি
গুৰু নানক জয়ন্তীৰ এই পবিত্ৰ দিন উপলক্ষে এনে কিছুমান ধাৰণাৰ বিষয়ে জানি লওক যিসমূহ অনুসৰণ কৰি এজন ব্যক্তিয়ে সমগ্ৰ জীৱন সলনি কৰি সফলতাৰ পথত আগবাঢ়িব পাৰে । গুৰু নানক জয়ন্তীৰ এই পবিত্ৰ ক্ষণত জানো আহক তেওঁৰ কিছুমান প্ৰেৰণাদায়ক উক্তি-
- ঈশ্বৰ এক আৰু তেওঁ সকলোতে বিৰাজমান । আমি সকলোৰে লগত মিলা-প্ৰীতিৰ সৈতে জীয়াই থকা উচিত ।
- কষ্টোপাৰ্জিত ধন আৰু সততাৰ পৰা আৰ্তজনকো সহায় কৰিব লাগে ।
- ইয়াৰ দ্বাৰা ভৱিষ্যতে নিশ্চয়কৈ লাভৱান হ’ব ।
- লোভ ত্যাগ কৰি নিজৰ হাতেৰে কঠোৰ পৰিশ্ৰম কৰি ধন উপাৰ্জন কৰিব লাগে । এনে উপাৰ্জিত ধন কেতিয়াও অপচয় নহয় ।
- কাৰো অধিকাৰ কাঢ়ি লোৱা উচিত নহয় । যদি আনৰ অধিকাৰ কাঢ়ি লোৱা হয়, সমাজত তেওঁ কেতিয়াও সন্মান নাপায় ।
- পকেটত টকা ৰাখিব লাগে । টকাক হৃদয়ত স্থান দিয়াটো উচিত নহয় । কাৰণ হৃদয়ত স্থান দিলে লালসা বৃদ্ধি পায় ।
- নাৰীজাতিক সন্মান কৰা উচিত । পুৰুষ আৰু মহিলাক সমান ব্যৱহাৰ কৰিব লাগে ।
- ঈশ্বৰক উপাসনা কৰাসকলৰ কাকো ভয় নাথাকে । কাৰণ মানসিক চাপৰ পৰা সকাহ পায় ।
- পৃথিৱী জয় কৰাৰ আগতে নিজৰ কু-অভ্যাসক জয় কৰাটো অতি প্ৰয়োজনীয় । যেতিয়া আপুনি নিজৰ কু-অভ্যাসক জয় কৰিব, তেতিয়া কোনো সফলতাই আপোনাক তললৈ নমাৱ নোৱাৰে ।
- মানুহৰ প্ৰতি প্ৰেম, একতা, সমতা, ভাতৃত্ববোধ আৰু আধ্যাত্মিক দিশৰ বাৰ্তা ৰাইজক দিব লাগে ।
- কেতিয়াও অহংকাৰ নকৰিব, কিন্তু নম্ৰ মনোভাৱেৰে জীৱন অতিবাহিত কৰক । আনকি মহান পণ্ডিতসকলো অহংকাৰৰ বাবে ধ্বংস হৈছিল ।
- চিন্তা নকৰাকৈ কাম কৰি যাওক । পৃথিৱী জয় কৰাৰ পূৰ্বে নিজৰ কু-অভ্যাসক দূৰ কৰাটো প্ৰয়োজনীয় ।
লগতে পঢ়ক:International Stress Awareness Week: যিকোনো হতাশাৰ সৈতে মোকাবিলা কৰিবলৈ আমাক কিহৰ প্ৰয়োজন ?