অসম

assam

ETV Bharat / sukhibhava

শীতকালত সুস্থ হৈ থাকিব হৃদযন্ত্ৰ-হাড়-ছাল, মাত্ৰ খাদ্যত অন্তৰ্ভুক্ত কৰক বাদাম - ডায়েবিটিছ

Peanuts Health Benefits: ভিটামিন, খনিজ পদাৰ্থ, প্ৰ’টিন, আঁহকে ধৰি বহুতো পুষ্টিকৰ উপাদান বাদামত প্ৰচুৰ পৰিমাণে পোৱা যায় । আহক শীতকালত বাদাম খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক ৷

Heart, bones and skin will remain healthy in winter, just include peanuts in your diet
শীতকালত সুস্থ হৈ থাকিব হৃদযন্ত্ৰ-হাড়-ছাল, মাত্ৰ খাদ্যত অন্তৰ্ভুক্ত কৰক বাদাম

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 11:18 AM IST

শীতকাল অহাৰ লগে লগে আমি বিভিন্ন ৰোগৰ সন্মুখীন হ’বলগীয়া হয় ৷ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয় তেওঁলোকে প্ৰায়ে জ্বৰ আৰু চৰ্দিৰ সৈতে যুঁজিবলগীয়া হয় ৷ শীতকালত বিভিন্ন ৰোগৰ পৰা আঁতৰি থাকিবলৈ খাদ্যৰ পৰিৱৰ্তন কৰাটো অতি প্ৰয়োজনীয় ৷ এই বতৰত বহুতো শাক-পাচলি আৰু ফল-মূলো পোৱা যায় ৷ এই ফল-মূলে শৰীৰক বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰখাৰ শৰীৰক শক্তিশালী কৰি ৰখাত সহায় কৰে ৷

শীতকালত গ্ৰহণ কৰিবলগীয়া এবিধ খাদ্য হৈছে বাদাম ৷ বাদামৰ অবিহনে শীতকাল আধৰুৱা ৷ বহুতে সময় পাৰ কৰাৰ উপায় হিচাপে বাদাম খোৱাটো পচন্দ কৰে ৷ এই সৰু সৰু বাদামক স্বাস্থ্যৰ বাবে আশীৰ্বাদ হিচাপে গণ্য কৰা হয় ৷

ভিটামিন, খনিজ পদাৰ্থ, প্ৰ’টিন, আঁহকে ধৰি বহুতো পুষ্টিকৰ উপাদান ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ আজি আমি আপোনালোকক শীতকালত বাদাম খোৱাৰ উপকাৰিতাৰ বিষয়ে জনাবলৈ ওলাইছো ৷

ডায়েবেটিছ

ডায়েবেটিছ ৰোগীৰ বাবে বাদাম সেৱন অতি উপকাৰী ৷ এনে বহু পুষ্টিকৰ উপাদান ইয়াত পোৱা যায় যিয়ে ৰক্তশৰ্কৰাৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷ ৰক্তশৰ্কৰাৰ মাত্ৰা বজাই ৰাখিবলৈ খাদ্যত বাদাম অন্তৰ্ভুক্ত কৰাটো খুবেই প্ৰয়োজনীয়৷

হাড়ৰ স্বাস্থ্য

বাদামত পৰ্যাপ্ত পৰিমাণে মেংগানিজ আৰু ফছফৰাছ থাকে যিয়ে হাড় সুস্থ কৰি ৰখাত সহায় কৰে ৷ শীতকালত হাড় মজবুত কৰি ৰাখিবলৈ খাদ্যত বাদাম অন্তৰ্ভুক্ত কৰিব লাগে ৷

ওজন কমি যোৱা

ওজন বৃদ্ধিত ভুগি থকা লোকৰ বাবে বাদামৰ পৰিমাণ অতি সহায়ক হ’ব পাৰে ৷ ইয়াক সেৱন কৰিলে ওজন কমি যায় ৷ আচলতে বাদাম খালে বহুদিনলৈ ভোক নাথাকে ৷ যদি আপুনি শীতকালত মেদবহুলতা হ্ৰাস কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে আপোনাৰ খাদ্যত বাদাম অন্তৰ্ভুক্ত কৰক ৷

সুস্থ ছাল

বাদামত ভিটামিন বি ১২কে ধৰি বহুতো পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে যিবোৰ ছালৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয় ৷ নিয়মিতভাৱে বাদাম সেৱন কৰিলে ছাল ভালে থাকে ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য

বাদাম খালে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায় আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় ৷ ইয়াৰ সেৱনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

লগতে পঢ়ক:ভুলতেও শৰীৰত অভাৱ হ’বলৈ নিদিব এই ভিটামিনৰ; অন্যথা হ’ব এই লোকচান

ABOUT THE AUTHOR

...view details