অসম

assam

ETV Bharat / sukhibhava

যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে হৃদৰোগৰ ঘটনা - হৃদৰোগৰ বিভিন্ন কাৰণ

অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে বৰ্তমান প্ৰজন্মই হৃদৰোগৰ আশংকাত জীয়াই থাকিব লগীয়া হৈছে (Youth facing heart attack severly)। পূৰ্বতে 65 বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ ক্ষেত্ৰত হৃদৰোগৰ হোৱাৰ সম্ভাৱনা আছিল, কিন্তু কেইবছৰ মানৰ পৰা 25-30 বছৰ বয়সৰ যুৱক-যুৱতীসকলো হৃদৰোগত আক্ৰান্ত হৈছে (Recently heart attack is increasing in Youths) ।

Heart Attack is increasing
যুৱ প্ৰজন্মৰ ক্ষেত্ৰত বৃদ্ধি হৈছে হৃদৰোগৰ আক্ৰমণ

By

Published : Feb 24, 2022, 10:51 AM IST

অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে বৰ্তমান প্ৰজন্মই হৃদৰোগৰ আশংকাত জীয়াই থাকিব লগীয়া হৈছে । পূৰ্বতে 65 বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলৰ ক্ষেত্ৰত হৃদৰোগৰ হোৱাৰ সম্ভাৱনা আছিল, কিন্তু কেইবছৰ মানৰ পৰা 25-30 বছৰ বয়সৰ যুৱক-যুৱতীসকলো হৃদৰোগত আক্ৰান্ত হৈছে । শেহতীয়াকৈ, কানাড়া চুপাৰষ্টাৰ পুনীত ৰাজকুমাৰ (Kannada Superstar Puneeth Rajkumar) 46 বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছিল । প্ৰয়াত অভিনেতাজন যথেষ্ট স্বাস্থ্য সচেতন আছিল আৰু নিয়মিতভাৱে ব্যায়াম কৰিছিল ।

এই ঘটনাটোৱে সকলোকে আচৰিত কৰি তুলিছিল যে কেনেদৰে এনেকুৱা ফিটনেছ ফ্ৰিক হোৱাৰ পিছতো তেওঁৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিব পাৰে! একেদৰে, অন্ধ্ৰ প্ৰদেশৰ তথ্য প্ৰযুক্তি মন্ত্ৰী মেকাপতি গৌথম ৰেড্ডীৰ (50) হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল । নিয়মীয়াকৈ ব্যায়াম কৰিছিল তেওঁ । প্ৰাপ্ত তথ্য অনুসৰি হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ বাবে 16,731 জন লোকক মাধাপুৰৰ এখন কৰ্প’ৰেট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁলোকৰ 22 শতাংশৰ বয়স 30 ৰ পৰা 45 বছৰৰ ভিতৰত আছিল ।

48 শতাংশৰ বয়স 46 ৰ পৰা 60 বছৰৰ ভিতৰত আৰু বাকী 30 শতাংশৰ বয়স 60 বছৰৰ অধিক আছিল । হায়দৰাবাদত প্ৰতি বছৰে 10,000 বাইপাছ অস্ত্ৰোপচাৰ কৰা হয় । সমীক্ষা অনুসৰি বেছিভাগ ৰোগীৰ বয়স 40 ৰ পৰা 50 বছৰৰ ভিতৰত ।

আধুনিক সময়ৰ জীৱনশৈলীৰ বাবে বহুলোকে চাপ, অস্থিৰতা আৰু ব্যস্ততাৰ মাজেৰে জীৱন নিৰ্বাহ কৰে (Reasons for heart attack) । বহু সংখ্যক লোকে দৈনন্দিন চাপৰ সৈতে মোকাবিলা কৰিবলৈ সুৰা আৰু চিগাৰেট সেৱন কৰে । এই অভ্যাসে টোপনি ক্ষতি কৰে যাৰ ফলত স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি হয় । চিকিৎসকসকলে কৈছে যে ধূমপানে হৃদযন্ত্ৰৰ স্বাস্থ্যক প্ৰভাৱিত কৰে আৰু যুৱসকলৰ মাজত বাইপাছ অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা এইবাবেই বৃদ্ধি পাইছে । চাপ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা, ধূমপান, সুৰাপান আদিয়ে হৃদযন্ত্ৰৰ ৰোগ বৃদ্ধিত মুখ্য কাৰক হিচাপে কাম কৰে ।

হৃদযন্ত্ৰৰ ৰোগ এক চিন্তনীয় বিষয় ৷ ই কেতিয়া মানুহক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে কোনেও আগতীয়াকৈ অনুমান কৰিব নোৱাৰে (Youth facing heart attack) ৷ বহুত মানুহে কেইবাটাও কাৰণত নিশা উশাহ লোৱাত কষ্ট অনুভৱ কৰে । পালমোনাৰী এম্বোলিজম, যাৰ বাবে হাঁওফাঁওত তেজ গোট মাৰে, ই উশাহ লোৱাত কষ্ট হোৱাৰ এক মুখ্য কাৰণ । আন এটা কাৰণ হৈছে শ্লীপ এপ’নিয়া, য'ত ডিঙিৰ পেশীবোৰ ঢিলা হৈ যায়, যাৰ ফলত বায়ু চলাচলৰ পথ সংকীৰ্ণ হয়, যিয়ে উশাহ লোৱাত কষ্ট প্ৰদান কৰে ৷ মেদবহুলতা থকা লোকসকলৰ শ্লীপ এপ’নিয়াৰ আশংকা বেছি থাকে যিয়ে টোপনিৰ সময়ত হৃদৰোগৰ আশংকা বৃদ্ধি কৰে । নাক বজা, নিশা হঠাতে উশাহ চুটি হোৱা আৰু উচ্চ ৰক্তচাপ হৈছে হৃদৰোগত আক্ৰান্ত হোৱাৰ প্ৰাথমিক লক্ষণ ৷ এনে লক্ষণ অনুভৱ কৰাৰ লগে লগে সাৱধানতা অবলম্বন কৰা উচিত ।

বন্ধ হৈ থকা ধমনীবোৰে হৃদযন্ত্ৰৰ বাৰুকৈয়ে ক্ষতি সাধন কৰে । উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ থকা বেছিভাগ লোকে আৰম্ভণিতে কোনো ধৰণৰ লক্ষণ অনুভৱ নকৰে । কিন্তু যদি নিয়ন্ত্ৰণ কৰা নেযায় এই ৰোগবোৰে জীৱনৰ প্ৰতি গুৰুতৰ ভাবুকি আনে । কাৰ্ডিঅ’থোৰাচিক শল্য চিকিৎসক ডাঃ এম. অমৰেশ ৰাওৱে সতৰ্ক কৰি দিছে যে উশাহ চুটি হোৱা, বুকুৰ বিষ, অত্যাধিক ঘাম ওলোৱা আৰু মূৰ্চ্ছা যোৱাৰ দৰে লক্ষণবোৰে গুৰুতৰ কিবা এটালৈ আঙুলিয়াই দিয়ে । এনে ধৰণৰ লক্ষণ অনুভৱ কৰাৰ লগে লগেই চিকিৎসকৰ পৰা পৰামৰ্শ লোৱা উচিত ৷ অস্বাস্থ্যকৰ জীৱনশৈলীৰ পৰিৱৰ্তন কৰি বহু পৰিমাণে হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰি ।

যুৱ প্ৰজন্মৰ মাজত হৃদৰোগৰ আশংকা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । 40 শতাংশ লোকৰ ক্ষেত্ৰত ইয়াৰ কোনো অন্তৰ্নিহিত কাৰণ পোৱা নগ'ল। কাৰ্ডিঅ’পালমোনাৰী ৰিচাচিটেচন (চিপিআৰ) হৈছে জৰুৰীকালীন অৱস্থাৰ বাবে এক জীৱনদায়িনী পদ্ধতি । এই পদ্ধতিত মগজু আৰু দেহৰ অন্যান্য অঙ্গলৈ তেজৰ প্ৰবাহ বজাই ৰাখিবলৈ তেতিয়ালৈকে বুকু সংকুচিত কৰি ৰখা হয়, যেতিয়ালৈকে চিকিৎসকৰ হস্তক্ষেপেৰে হৃদযন্ত্ৰৰ ছন্দ পুনৰ ঘূৰাই অনা নহয় । এপ’ল’ চিকিৎসালয়ৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ বৰ্ষা কিৰণে কৈছে যে নাগৰিকসকলক জৰুৰীকালীন চিপিআৰ পদ্ধতিৰ ওপৰত প্ৰশিক্ষণ দিয়া উচিত ।

লগতে পঢ়ক:Skin care routine for Men: পুৰুষ সকলে কিদৰে ল’ব ছালৰ যতন ?

ABOUT THE AUTHOR

...view details