শৰীৰত ইউৰিক এচিড বৃদ্ধি হোৱাটো এনেকুৱা এটা সমস্যা যাৰ বাবে আন গুৰুতৰ ৰোগৰো আশংকা বৃদ্ধি পায় ৷ দৰাচলতে যেতিয়া আমাৰ শৰীৰত দূষিত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে আৰু সেইবোৰ ওলাই আহিব নোৱাৰে তেতিয়া ইয়াক ইউৰিক এচিড বৃদ্ধি বুলি কোৱা হয় ৷ মূলতঃ ইয়াৰ বাবেই পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থ এটা শৰীৰত ভাঙিবলৈ আৰম্ভ কৰে ৷ ই পোনে পোনে তেজত জমা হ’বলৈ আৰম্ভ কৰে ৷ যেতিয়া ইয়াৰ অতিৰিক্ততা আৰম্ভ হয়, তেতিয়া ভৰিত অসহ্যকৰ বিষ আৰু ফুলাৰ সমস্যা আৰম্ভ হয় ৷
ইউৰিক এচিড বৃদ্ধি হ’লে চিকিৎসকৰ পৰামৰ্শ মতে কিছুমান ঔষধ খাবলৈ আৰম্ভ কৰে ৷ কিন্তু আজি আমি আপোনালোকক এনে পাঁচটা উপায়ৰ বিষয়ে ক'বলৈ ওলাইছো, যি উপায় অৱলম্বন কৰি আপুনি শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিড হ্ৰাস কৰিব পাৰিব ৷ এইবোৰ কিছুমান অলৌকিক পাত, যিবোৰ আপুনি দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ৷ আহকচোন ইয়াৰ বিষয়ে জানো....
১) তুলসীৰ পাত
বহু প্ৰকাৰৰ সংক্ৰমণ তুলসীৰ পাত খালে নাইকিয়া হয় ৷ একেদৰে ইউৰিক এচিড কমোৱাতো তুলসী অতি উপকাৰী ৷ আপুনি নিয়মিতভাৱে তুলসী চোবাই খাওক ৷ অথবা ইয়াৰ পানী উতলাই পান কৰক ৷ ইয়াৰ ফলত ইউৰিক এচিডৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস পাব ৷
২) পাণৰ পাত
স্বাস্থ্যৰ বাবে পাণৰ পাত অতি ফলপ্ৰসূ ৷ শৰীৰত বৃদ্ধি পোৱা ইউৰিক এচিড কমোৱাতো বেটেল পাত অতি ফলপ্ৰসূ ৷ পাণৰ পাত সেৱন কৰিলে তেজত ইউৰিক এচিডৰ স্ফটিক বাহিৰলৈ ওলাই আহে ৷