যেতিয়া কোনোবা অতিথি ঘৰলৈ আহিবলৈ লয়, তেওঁৰ আগমনৰ আনন্দৰ আগতেই প্ৰতিগৰাকী মহিলাই চিন্তাত পৰে যে খাদ্যত কি ৰান্ধিব । খাদ্য আৰু ষ্টাৰ্টাৰ সন্দৰ্ভত সকলোৱে প্ৰায়ে চিন্তিত হৈ পৰে । বিশেষকৈ গৃহিণীসকলে ন ন খাদ্য সম্ভাৰ তৈয়াৰৰ বাবে চিন্তিত হৈ পৰে ৷ সেয়ে আমি আপোনালোকৰ বাবে আগবঢ়াইছো Starterৰ বাবে Veg Kabab এক সহজ ৰেচিপি(Veg kabab recipe)। ঘৰত সহজতে উপলব্ধ সামগ্ৰীৰ সৈতে আপুনি অতি সহজে এই ৰেচিপি তৈয়াৰ কৰি উলিয়াব পাৰে ৷ তৈয়াৰ কৰিবলৈ অতি সহজ আৰু খাবলৈও সুস্বাদু ৷
ক’লা বুটৰ পৰা তৈয়াৰ কৰা হয় এই Veg Kabab আৰু এই ক্ষেত্ৰত ই আপোনাক বাবে এবিধ স্বাস্থ্যকৰ খাদ্য় । সেউজীয়া ধনীয়া চাটনিৰ সৈতে বা উল্লেখ কৰা ধৰণে পৰিবেশন কৰিব পাৰে Veg Kabab । চাও আহক ৰেচিপি...
Veg Kabab বনাবলৈ প্রয়োজন হ'ব...
- সিজোৱা ক'লা বুট
- কটা পিঁয়াজ
- দৈ
- জলকীয়াৰ গুৰি
- ক'লা নিমখ
- সোৱাদ অনুসৰি নিমখ
- কাশ্মিৰী মিৰ্চ
- ধনীয়া গুড়ি
- জিৰা গুড়ি
- চাত মছলা
- মেগী মছলা
- কটা ধনীয়া
- নেমুৰ ৰস
- বেচন
- তেল
- কটা ধনীয়া
কেনেকৈ তৈয়াৰ কৰিব লাগে
- Veg Kabab তৈয়াৰ কৰিবলৈ ৰাতিটো বুটখিনি তিয়াই থৈ পিছদিনা পুৱা পানীত সিজাই লওক ।
- সিজোৱা বুটখিনি ঠাণ্ডা কৰি তাৰ পিছত মিক্সিত গুৰি কৰি লওক । এটা বাটিত ভালকৈ পিহি লোৱা বুটখিনি উলিয়াই লওক ।
- তাৰ পিছত তাত পিঁয়াজ, নিমখ (ৰুচি অনুসৰি), জলকীয়াৰ গুড়ি, কাশ্মিৰী মিৰ্চ, ধনীয়া গুড়ি, জিৰা গুড়ি, চাট মছলা, মেগী মছলা, সেউজীয়া ধনীয়া আৰু নেমুৰ ৰস দিব । ভালদৰে মিহলাই লওক ।
- এতিয়া হাতেৰে সৰু সৰু কাবাবৰ আকাৰ দি তৈয়াৰ কৰি লওক । আনহাতে কেৰাহীত অলপ তেল গৰম কৰি তাত সকলো কাবাব সোণালী বৰণৰ হোৱালৈকে ভাজিব ।
- পৰিবেশনৰ বাবে দৈত ৰঙা জলকীয়া আৰু সেউজীয়া ধনীয়া দি ভালদৰে মিহলাই লওক । এতিয়া কাবাব দৈ আৰু লাচ্ছা পিঁয়াজৰ সৈতে পৰিবেশন কৰক ।
লগতে পঢ়ক:Pocket-friendly Date: এইদৰে আপোনাৰ প্ৰথম ডেট পকেট ফ্ৰেণ্ডলী কৰি তুলিব পাৰে!