সুস্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰাটোও অতি প্ৰয়োজনীয় । ব্যস্ততাৰে ভৰা এই জীৱনৰ বাবে মানুহে খাদ্যৰ বিশেষ যত্ন ল’ব নোৱাৰে । যাৰ ফলত স্বাস্থ্যৰ ওপৰতো ইয়াৰ অতি গুৰুতৰ প্ৰভাৱ পৰিবলৈ ধৰিছে । বাৰ্ধক্যৰ লক্ষণ সময়ৰ আগতেই দেখা দিবলৈ আৰম্ভ কৰে । কিন্তু এজন বিশেষজ্ঞৰ মতে, আপুনি আপোনাৰ খাদ্য তালিকাত এন্টি-ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে । এই খাদ্যবোৰে আপোনাৰ যৌৱন ধৰি ৰখাত সহায় কৰিব ।
এই খাদ্যবোৰে কলাজেন উৎপাদন বৃদ্ধিৰ কাম কৰে । বাৰ্ধক্যৰ লক্ষণসমূহৰ পৰা হাত সাৰি থাকিবলৈ এই খাদ্যসমূহ বিভিন্ন ধৰণে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।
কেপচিকাম
ভিটামিন C আৰু এন্টিঅক্সিডেন্ট গুণযুক্ত কেপচিকাম আপোনাৰ শৰীৰৰ বাবে অতি খুবেই লাভদায়ক । কেপচিকামৰ এমিনো এচিডৰ গুণো আছে । ই ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে । চেণ্ডুইচ আৰু শাক-পাচলিৰ বাবেও কেপচিকাম ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ বাহিৰেও আন বহু ধৰণে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে ।
ছাইট্ৰাছ ফল
ছাইট্ৰাছ ফলৰ এন্টিঅক্সিডেন্ট গুণ আছে । কমলা আৰু নেমুৰ দৰে বহু ধৰণৰ টেঙা খাদ্য খাব পাৰে । এইবোৰে আপোনাক কলাজেন উৎপাদনত সহায় কৰিব । এই খাদ্যবোৰে আপোনাৰ মুখমণ্ডল উজ্বল কৰি ৰখাৰ লগতে স্বাস্থ্যকৰ কৰি ৰাখে । এই খাদ্যবোৰে আপোনাৰ মুখলৈ প্ৰাকৃতিক সৌন্দৰ্যতা আনে ।