মহিলাসকলে প্ৰতিমাহে ঋতুস্ৰাৱ অৰ্থাৎ মাহেকীয়াৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । সাধাৰণতে হৰম’নৰ পৰিৱৰ্তনৰ ফলত মহিলাসকলে এই সমস্যাৰ সন্মূখীন হয় । মাহেকীয়াৰ সময়ত বহুতো সমস্যাৰ সৃষ্টি হয় যেনে, পেটৰ বিষ, কঁকালৰ বিষ, কোষ্ঠকাঠিন্য, মূৰ ঘূৰোৱা, ভাগৰুৱা অনুভৱ কৰা আদি(Health tips causes of irregular periods) ।
২২ বা ২৩ দিনত যিসকল মহিলাৰ মাহেকীয়া হয় তেওঁলোকক সুস্থ ঋতুস্ৰাৱ বুলি গণ্য কৰা হয়(Problems during periods) । কিন্তু যদি ২১ দিনত বা তাৰ আগতে ঋতুস্ৰাৱ আৰম্ভ হয় তেন্তে ই অনিয়মিত মাহেকীয়া সমস্যা(Periods problems) ।
যদি ঋতুস্ৰাৱ ৮ দিনতকৈ অধিক সময় থাকে তেন্তে ইও অনিয়মিত ঋতুস্ৰাৱৰ লক্ষণ । মানসিক চাপ, অস্বাস্থ্যকৰ খাদ্যৰ বাবেই এই সমস্যাৰ সৃষ্টি হয়(Problem in periods) । গতিকে আজি এই লেখাটোত আমি আপোনালোকক অনিয়মিত মাহেকীয়া হোৱাৰ কাৰণ আৰু ইয়াক নিয়মীয়া কৰাৰ কিছুমান সহজ উপায় আপোনালোকক জনাইছো ।
কিয় হয় অনিয়মিত মাহেকীয়া ?
স্বাস্থ্য বিশেষজ্ঞৰ মতে,
- অধিক ব্যায়াম
- দ্ৰুত ওজন বৃদ্ধি বা কমি যোৱা
- অস্বাস্থ্যকৰ খাদ্য খোৱাৰ বাবে
- ৰজোনিবৃত্তিৰ সময়ত
- জন্ম নিয়ন্ত্ৰণৰ বড়ি