অসম

assam

Health Tips: ৰাতি খাদ্য গ্ৰহণৰ পিছত খোজ কাঢ়ক মাত্ৰ ১০ মিনিট; আপোনাৰ শৰীৰে লাভ কৰিব এই ৫টা উপকাৰিতা

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 11:22 AM IST

ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিছত ১০ মিনিট খোজ কাঢ়িলে আমি আমাৰ শৰীৰক বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰো ।

Health Benefits Of Walking For 10 Minutes Right After Having Dinner
ৰাতি খাদ্য গ্ৰহণৰ পিছত খোজ কাঢ়ক মাত্ৰ ১০ মিনিট; আপোনাৰ শৰীৰে লাভ কৰিব এই ৫টা উপকাৰিতা

আজিৰ সময়ত মানুহৰ জীৱনশৈলী এনেকুৱা হৈ পৰিছে যে মানুহ বহু গুৰুতৰ ৰোগৰ বলি হৈ পৰিছে ৷ ঘণ্টাৰ পিছত ঘণ্টা একে ঠাইত বহি বা শুই থাকিলে এলেহুৱা হৈ পৰিব পাৰে আৰু শৰীৰটো ভাগৰুৱা হৈ পৰে ৷ বহু সময়ত মানুহে খাদ্য খোৱাৰ লগে লগে শুই থাকে বা বহি থাকে ৷ কিন্তু আপোনাৰ এই অভ্যাসৰ ফলত আপুনি মেদবহুলতাৰ লগতে বিভিন্ন ৰোগত ভুগিব পাৰে ৷

সেয়ে খাদ্য খোৱাৰ পিছত লগে লগে বহি নাথাকি কিছু সময় খোজ কঢ়াটো অতি আমাৰ সকলোৰে অতি প্ৰয়োজনীয় ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য ভাল হৈ থকাই নহয় বৰঞ্চ আপুনি ৰোগৰ পৰা আঁতৰি থাকিব পাৰে ৷

ৰাতিৰ আহাৰ খোৱাৰ পিছত কিমান সময় খোজ কাঢ়িব লাগে ?

গৱেষণাৰ মতে, এই কথা পোহৰলৈ আহিছে যে খাদ্য খোৱাৰ পিছত ৬০-৯০ মিনিট খোজ কাঢ়িলে স্বাস্থ্যৰ বাবে সৰ্বোত্তম ফল পোৱা যায় ৷ শৰীৰত বৃদ্ধি পোৱা ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ খাদ্য খোৱাৰ পিছত ১ ঘণ্টা বা তাতকৈ অধিক সময় খোজ কাঢ়িলেই আটাইতকৈ ফলপ্ৰসূ হয় ৷ খাদ্য খোৱাৰ লগে লগে শুই যোৱাৰ পৰিৱৰ্তে অন্য কামো কৰিব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ কামো সম্পূৰ্ণ হ’ব আৰু শৰীৰটোও সুস্থ হৈ থাকিব ৷

খাদ্য খোৱাৰ গ্ৰহণৰ খোজ কাঢ়িলে লাভ কৰিব এই ৫টা উপকাৰিতা

ভালদৰে টোপনি গ্ৰহণত সহায়

ৰাতি শান্তিৰে শুবলৈ হ’লে নিশ্চয় ৰাতিৰ আহাৰ খোৱাৰ পিছত খোজ কাঢ়িবলৈ যাব ৷ বহু সময়ত আপুনি মানসিক চাপৰ সৈতে শুই থাকে, কৰ্মক্ষেত্ৰত বা ব্যক্তিগত জীৱনৰ সমস্যাই আপোনাক শান্তিৰে শুবলৈ নিদিয়ে ৷ ৰাতিৰ আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে মানসিক চাপৰ মাত্ৰা হ্ৰাস পায় ৷ ৰাতি ভাল টোপনিৰ বাবে এইটো গুৰুত্বপূৰ্ণ ৷

ডায়েবেটিছৰ পৰা সকাহ দিব পাৰে

খাদ্য খোৱাৰ পিছত খোজ কাঢ়িলে শৰীৰৰ ৰক্তশৰ্কৰাৰ পৰিমাণ কমি যায় ৷ যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে খাদ্য খোৱাৰ পিছত ৩০ মিনিট খোজ কাঢ়িলে ৰক্তশৰ্কৰাৰ পৰিমাণ হ্ৰাস পাব পাৰে ৷ আপোনাৰ সুস্থ জীৱনশৈলী গঢ়ি তোলাত ই উপকাৰী ৷

পাচনতন্ত্ৰৰ উন্নতি হয়

হজম শক্তি এটা লেহেমীয়া প্ৰক্ৰিয়া যিটোৱে সময় লয় ৷ আমি খাদ্য শেষ হোৱাৰ লগে লগে হজম শক্তি আৰম্ভ হয়, কিন্তু যেতিয়া আপুনি খাদ্য সঠিকভাৱে চোবাই নাথাকে বা বেছি পানী নাখায় তেতিয়া ই হজম প্ৰক্ৰিয়াটো লেহেমীয়া কৰিব পাৰে ৷ এনে পৰিস্থিতিত ৰাতি ৰাতিৰ আহাৰ খোৱাৰ পিছত খোজ কাঢ়িলে আমাৰ পাচনতন্ত্ৰ সঠিকভাৱে কাম কৰাত সহায় কৰে ৷

হ্ৰাস পাব ওজন

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে খাদ্য খোৱাৰ পিছত মাত্ৰ ২০ মিনিট খোজ কাঢ়িলে মেদবহুলতাৰ দৰে সমস্যাৰ পৰা বহু পৰিমাণে পৰিত্ৰাণ পোৱাত সহায় কৰিব পাৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হ’ব

প্ৰতি নিশা ৰাতিৰ আহাৰ খোৱাৰ পিছত ১০ মিনিট খোজ কাঢ়িলেও আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷ মাত্ৰ ১০ মিনিট খোজ কাঢ়িলে আপোনাৰ শৰীৰে বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই যোৱাত সহায় হয় ৷ শুবলৈ যোৱাৰ পূৰ্বে খোজ কঢ়াটোও আমাৰ অভ্যন্তৰীণ অংগসমূহৰ বাবে এক উত্তম বিকল্প ৷

লগতে পঢ়ক:Dhanteras 2023: ৰাশি অনুযায়ী ধনতেৰচত কি ক্ৰয় কৰিলে লাভ কৰিব শুভফল ?

ABOUT THE AUTHOR

...view details