অসম

assam

ETV Bharat / sukhibhava

শীতকালত আমি কেঁচা জলকীয়া খাব লাগেনে ? জানো আহক

Green chili during winter: কেঁচা জলকীয়াত কেপছেইকিন নামৰ এক উপাদান থাকে, যাৰ বাবেই ইয়াৰ সোৱাদ জ্বলা হয় ৷ তদুপৰি ই ডায়েটাৰী ফাইবাৰেৰেও পৰিপূৰ্ণ, যি আমাৰ হজম শক্তিৰ বাবে অতি উপকাৰী ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক কেঁচা জলকীয়াৰ এই আচৰিত উপকাৰিতাসমূহ-

Health benefits of Green chili during winter
শীতকালত আমি কেঁচা জলকীয়া খাব লাগেনে ? জানো আহক

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:09 PM IST

আঞ্জাত জ্বলা দিলেও কেঁচা জলকীয়া এটা-দুটা কাঁহীৰ কাষত লোৱাটো আমাৰ মাজৰ বহুতৰে অভ্যাস ৷ কেঁচা জলকীয়া নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবেই বহু লোকে আকৌ ধমকো দিয়ে ৷ কিন্তু আপোনালোকে জানেনে, কেঁচা জলকীয়া প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ৰে পৰিপূৰ্ণ ৷ কেৱল ভিটামিন ‘C য়েই নহয়, ইয়াত ভিটামিন “B6“, ভিটামিন A, আইৰণ, কপাৰ, পটাছিয়াম তথা শর্কৰাও থাকে- যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ৷ কেঁচা জলকীয়াত কেপছেইকিন নামৰ এক উপাদান থাকে, যাৰ বাবেই ইয়াৰ সোৱাদ জ্বলা হয় ৷ তদুপৰি ই ডায়েটাৰী ফাইবাৰেৰেও পৰিপূৰ্ণ, যি আমাৰ হজম শক্তিৰ বাবে অতি উপকাৰী ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক কেঁচা জলকীয়াৰ এই আচৰিত উপকাৰিতাসমূহ-

  • কেঁচা জলকীয়াই ছাল সুস্থ আৰু সুন্দৰ কৰি তোলাত অতি উপকাৰী ভূমিকা পালন কৰে ৷ ইয়াত থকা ভিটামিন ‘চিয়ে মূলতঃ ছাল স্বাস্থ্যকৰ আৰু উজ্জ্বল কৰি ৰাখে ৷
  • কেঁচা জলকীয়াই ব্যক্তিৰ হজম শক্তি বৃদ্ধি কৰে ৷ ভিটামিন ‘চি’ৰ আধিক্যৰ বাবেই দৈনিক আহাৰৰ সৈতে কেঁচা জলকীয়া খালে আহাৰ সোনকালে হজম হয় ৷
  • শুনিবলৈ আচৰিত যদিও কেঁচা জলকীয়াই ওজন হ্রাস কৰাত সহায় কৰে ৷ দেহৰ অতিৰিক্ত মেদ-চৰ্বি হ্ৰাস কৰি তোলাত কেঁচা জলকীয়া অনন্য ৷ তদুপৰি ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷
  • বর্তমান অতি কমবয়সীয়া কিশোৰ-কিশোৰীৰ পৰা আদি কৰি প্ৰাপ্তবয়স্ক, বয়স্ক বয়সৰ প্ৰতি স্তৰৰ ব্যক্তি মধুমেহ ৰোগত আক্রান্ত হোৱা দেখা যায় ৷ মধুমেহ ৰোগীয়ে প্রতিদিনেই নিজৰ খাদ্য তালিকাত কেঁচা ফলত শৰীৰৰ ‘ছুগাৰ লেভেল’ নিয়ন্ত্রিত হয় ৷
  • কেঁচা জলকীয়া এন্টি অক্সিজেনেৰে পূর্ণ ৷ সেয়েহে ই প্রাকৃতিক সুৰক্ষাস্বৰূপে কাম কৰি শৰীৰক “ফ্রি ৰেডিকেল’ হোৱাৰ পৰা ৰক্ষা কৰে ৷ তদুপৰি কেঁচা জলকীয়া প্ৰষ্টেটৰ সমস্যাও দূৰ কৰি ৰখাত সহায়কাৰী ৷
  • কেঁচা জলকীয়াৰ পৰা এণ্ডৰফিন নামৰ উপাদান নিৰ্গত হয় ৷ যি ব্যক্তিৰ মানসিক স্বাস্থ্য ভালে ৰখাত সহায় কৰে ৷ আনহাতে কেঁচা জলকীয়াই বিভিন্ন বিষো উপশম কৰে ৷
  • কেঁচা জলকীয়াৰ এণ্টিবেক্টেৰিয়েল উপাদানে ছালৰ বিভিন্ন ধৰণৰ সংক্রমণ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
  • কেঁচা জলকীয়া ভিটামিন ‘কে’ ৰে পৰিপূৰ্ণ ৷ ই এষ্টিঅ’পেৰ’ছিছৰ সম্ভাৱনা ৰোধ কৰাত সহায় কৰে ৷

ABOUT THE AUTHOR

...view details