শীতকাল পৰাৰ লগে লগে আমি আমাৰ শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰো ৷ এয়া বিহুৰ বতৰ গতিকে এই সময়ছোৱাত গুড়-তিল-নাৰিকলেৰে বিধে বিধে লাৰু-পিঠা আদি প্ৰস্তুত কৰা হয় ৷ কিন্তু আপুনি জানেনে গুড় আৰু তিল আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ৷ যদি আপুনি এই বিষয়ে জ্ঞাত নহয় তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে তিল আৰু গুড় খোৱাৰ উপকাৰিতাৰ বিষয়ে জনাম৷ এই ঠাণ্ডাৰ বতৰত এই পুষ্টিকৰ খাদ্যই আপোনাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰিতা সাধন কৰে জানো আহক-
কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে:পুৱা সোনকালে সাৰ পোৱাৰ পিছত তিল খোৱাটো পাচনতন্ত্ৰ শক্তিশালী কৰাত অতি লাভদায়ক ৷ ইয়াত প্ৰচুৰ পৰিমাণৰ আঁহ থাকে, গতিকে ইয়াক গ্ৰহণ কৰিলে আপোনাৰ হজম শক্তি উন্নত হোৱাই নহয়, পেটৰ সৈতে জড়িত বহুতো সমস্যাও দূৰ কৰিব পৰা যাব ৷
চৰ্দি, কাহ আৰু ফ্লুৰ পৰা সুৰক্ষা: এই বতৰত চৰ্দি, কাহ আৰু ফ্লু এটি ডাঙৰ সমস্যা যাৰ সৈতে বহুতে যুঁজিবলগীয়া হয় ৷ এনে পৰিস্থিতিত দৈনিক গুড় সৈতে তিল খালে শৰীৰ গৰম হৈ থাকে ৷ সেয়ে শীতকালত তিল আৰু গুড়েৰে প্ৰস্তুত লাৰু খাব পাৰে ৷