জাতিলাউ এনেকুৱা এটা পাচলি যিটো হয়তো সকলোৱে খাই ভাল নাপায়, কিন্তু ইয়াৰ উপকাৰিতা বহুত আছে ৷ অৱশ্যে গৰমৰ পৰা সকাহ দিয়াত সহায়ক হোৱাৰ বাবে গ্ৰীষ্মকালত ইয়াৰ চাহিদা অতি বেছি থাকে, কিন্তু শীতকালতো জাতিলাউৰ বহু উপকাৰ আছে । ই এবিধ চিৰসেউজ পাচলি । ইয়াক যিকোনো সময়তে খাব পাৰি । জাতিলাউত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু এন্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । ইয়াৰ উপৰিও কেলচিয়াম, পটাছিয়াম, আইৰণ আদি খনিজ পদাৰ্থও ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায় । এই সকলোবোৰ পুষ্টিকৰ উপাদান আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
কিন্তু আপুনি জানেনে জাতিলাউ শৰীৰৰ লগতে ছালৰ বাবেও অতি উপকাৰী । ইয়াত এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে যিয়ে ছালৰ বয়স বৃদ্ধি ৰোধ কৰে আৰু ছালৰ কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে । ইয়াৰ উপৰিও ছালৰ দাগ আৰু প্ৰদাহ কমোৱাতো সহায় কৰে । জাতিলাউৰ ৰস ছাল আৰু চুলিত লগালে ইয়াৰ উপকাৰিতা পোৱা যায় । সেয়েহে প্ৰতিটো ঋতুতে জাতিলাউ খাব লাগে ।
জাতিলাউ খালে পৰিত্ৰাণ পাব এইসমূহ ৰোগৰ পৰা
চৰ্দি আৰু কাহৰ দৰে ৰোগবোৰ আঁতৰোৱাত সহায়ক হয়, কাৰণ জাতিলাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
জাতিলাউত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন থাকে যিয়ে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে ।
জাতিলাউ খালে তেজৰ চেনি নিয়ন্ত্ৰণ কৰাৰ লগতে ডায়েবেটিছ ৰোগকো আঁতৰাই ৰাখে ।
জাতিলাউ খালে হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল সম্পৰ্কীয় ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰি।
ইয়াৰ লগতে জাতিলাউৰ স্বাস্থ্যৰ আন বহুতো উপকাৰিতাও আছে
ছালৰ বাবে উপকাৰী
মুখৰ সৌন্দৰ্য বৃদ্ধিত জাতিলাউ অতি উপকাৰী বুলি প্ৰমাণিত হৈছে । ইয়াত উপস্থিত বহু ধৰণৰ পুষ্টিকৰ উপাদানে ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে আৰু মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে ।
সৌন্দৰ্য বৃদ্ধিৰ বাবে মুখত লগাওক লাউৰ ফেচপেক
প্ৰথমে জাতিলাউটো ভালদৰে ধুই পিহি তাৰ পৰা ৰস উলিয়াই ল’ব ।