সুগন্ধি নাথাকিলেও দেখিবলৈ অতিকে সুন্দৰ জবা ফুলৰ আছে বহু ঔষধি গুণ । সৌন্দৰ্য চৰ্চাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী জবা ফুল আৰু জবা ফুলৰ পাত(Health and beauty benefit of hibiscus flower) ।
হিন্দু ধৰ্মাৱলম্বীলোকে এই ফুল কালিপূজা বা শক্তিপূজা আৰু গণেশ পূজাত বিশেষকৈ ব্যবহাৰ কৰা দেখা যায় । মালয়েছিয়াত জবা জাতীয় ফুল । বহু কেইবিধ ৰঙত আৰু প্ৰকাৰত উপলব্ধ এই জবা ফুলৰ গছ সহজতে গজি উঠে। প্ৰকাৰ যিমানেই নাথাকক কিয় সকলোৰে ভিতৰত ৰঙা জবাৰ ঔষধীয় গুণ সবাতোকৈ অধিক(Hibiscus flower benefits) ।
জবা ফুল চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে মহৌষধ হোৱাৰ লগতে মহিলাৰ মাহেকীয়া সমস্যাতো সহায়ক(Women monthly period issue) । জবাফুল, পাত, গছৰ ছাল আৰু শিপাৰ ছাল দৰৱত ব্যৱহাৰ হয় । উষ্ণবীৰ্য, কফ, গেছৰ সমস্যা, ইন্দ্ৰলুপ্ত ৰোগত লাভ দায়ক এই ৰঙা জবা । ফুলৰ ক্বাথ চৰবতৰ লগত পান কৰিলে জ্বৰ আৰু কাহ উপসম হয়। কৃমি নাশ কৰাটো লাভদায়ক জবা ফুলৰ চৰবত ।
জবা ফুলৰ ৰসৰ পৰা জবাকুসুম তেলো বনোৱা হয় । এই তেল চুলিত ব্যবহাৰ কৰিলে, চুলি সৰা বন্ধ হয় আৰু চুলি ক’লা হয় । মহিলাৰ মাহেকীয়া অনিয়মিত হ’লে, পেট বিষ, বেছি ৰক্তক্ষৰণ, অল্প ঋতুস্রাবজনীত ইত্যাদি সমস্যা নাশ কৰাত জবা বহু উপকাৰী । পুৱা খালী পেটত ৪-৫ পাহমান জবাফুল পিহি কেইদিনমান খালে ৰোগ নিৰাময় হয় ।