বৰ্তমানৰ জীৱনশৈলীত কামৰ ব্যস্ততা, চিন্তা, মানসিক অশান্তি আদিৰ বাবে মূৰৰ বিষ হোৱাটো এটা তেনেই সাধাৰণ সমস্যা হৈ পৰিছে ৷ যিকোনো বয়সতে এনে হ’ব পাৰে আৰু ই দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলাব পাৰে ৷
মূৰৰ বিষৰ বহু কাৰণ হ’ব পাৰে ৷ যেনে মানসিক চাপ, উদ্বেগ বৃদ্ধি, ভাগৰুৱা, কামৰ অতিৰিক্ত বোজা বা যিকোনো বদ অভ্যাস ৷ বহু সময়ত মূৰৰ বিষে সহ্যৰ সীমা অতিক্ৰম কৰে আৰু আপুনি বিষনাশক ঔষধ খাবলৈ বাধ্য হয় ৷ যি আপোনাৰ স্বাস্থ্যৰ পক্ষে খুবেই ক্ষতিকাৰক, সেয়ে এনে পৰিস্থিতিত আপুনি কিছুমান বিশেষ ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে ৷ যিয়ে আপোনাক মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা সকাহ দিব ৷
মূৰৰ বিষৰ পৰা উপশম পোৱাৰ সহজ উপায়
১/ শৰীৰত পানীৰ পৰিমাণ সঠিক ৰাখক
মূৰৰ বিষৰ এটা সাধাৰণ কাৰণ হ’ব পাৰে শৰীৰত পানীৰ অভাৱ ৷ দৈনিক কমেও ৮-১০ গিলাচ পানী খালে পানীলগা হোৱাৰ সম্ভাৱনা কম হয় আৰু মূৰৰ বিষ কম হ’ব পাৰে ৷
২/ যোগ আৰু ধ্যান
ধ্যান কৰাটো মানসিক স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয়, স্বাভাৱিক দিনতো কৰিব লাগে ৷ দৈনিক ইয়াৰ অভ্যাস কৰিলে মানসিক চাপ হ্ৰাস আৰু মূৰৰ বিষ দূৰ কৰাত সহায়ক হ’ব পাৰে ৷