শীতকালত অহা মধুৰীয়াম সুস্বাদু হোৱাৰ লগতে বহুতো পুষ্টিকৰ উপাদানৰে ভৰপূৰ হয় । কম কেলৰি আৰু আঁহযুক্ত মধুৰীয়ামে এক উত্তম খাদ্য হিচাপে গণ্য কৰ হয় । মধুৰীআম কেঁচাকৈ খোৱাৰ উপৰিও ইয়াৰ চাটনি, জাম, মিঠাই আদি তৈয়াৰ কৰিব পাৰি । মধুৰীআমক স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় যদিও তথাপিও ইয়াক গ্ৰহণ কৰিলে কেতিয়াবা ইয়াৰ পাৰ্শ্চক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে । তেন্তে জানো আহক মধুৰীআম আমাৰ স্বাস্থ্যৰ পক্ষে উপকাৰী নে অপকাৰী(Benefits of guava) ৷
পুষ্টিকৰ পদাৰ্থ সমৃদ্ধ মধুৰীআম
মধুৰীআমত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, ভিটামিন-চি আৰু পটাছিয়াম থাকে । এটা মধুৰীআমত ১১২ কেলৰি আৰু ২৩ গ্ৰাম কাৰ্ব থাকে । ৯ গ্ৰাম আঁহ আৰু চেনি, আনহাতে ষ্টাৰচ একেবাৰেই নাথাকে ।
গৱেষণাৰ মতে, এই ফল ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী । ইয়াৰ বাহিৰেও মধুৰীআম খোৱাৰ বহু উপকাৰ আছে যদিও একাংশ লোকে ইয়াৰ সেৱনৰ পৰা বিৰত থকা উচিত ।
যিসকল লোকে প্ৰায়ে পেট ফুলাৰ সমস্যাৰ সৈতে যুঁজি আছে
মধুৰীআমত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু ফ্ৰুক্ট’জ থাকে । যদি এই দুটাৰ যিকোনো এটাৰ পৰিমাণ শৰীৰত বৃদ্ধি পায় তেন্তে আপোনাৰ পেটটো ফুলিবলৈ আৰম্ভ কৰিব । ভিটামিন-C পানীত দ্ৰৱীভূত ভিটামিন, ইয়াৰ পৰিমাণ বৃদ্ধি হ’লে আমাৰ শৰীৰে ইয়াক শোষণ কৰাটো কঠিন হৈ পৰে ।
কমেও ৪০ শতাংশ লোকে ফ্ৰুক্ট’জৰ অশোষণত আক্ৰান্ত হয়, য’ত শৰীৰে প্ৰাকৃতিক চেনি শোষণ কৰিব নোৱাৰে, যাৰ ফলত ই পেটত বহি পেট ফুলাৰ সৃষ্টি কৰে । লগতে মধুৰীআম খোৱাৰ লগে লগে শুই গ’লে পেট ফুলাও হ’ব পাৰে ।
খিংখিঙীয়া আন্ত্ৰিক চিনড্ৰম থকা লোক