টেকন’লজিৰ উদ্ধাৱনকেই আমি যোগাযোগৰ উত্তম মাধ্যম হিচাপে গণ্য কৰি আহিছো ৷ অৱশ্যে আমাক বিজ্ঞানে সেইখিনি সুবিধাও কৰি দিছে ৷ কিন্তু যেনেদৰে শিক্ষাৰ আদিপাঠ ঘৰখনেই দিয়ে বুলি ধৰা হয় ঠিক তেনেদৰে পেন-পেঞ্চিল লৈ লিখা কাৰ্যইহে প্ৰকৃত লিখা কামটোৰ সোৱাদ প্ৰদান কৰে ৷ বিগত দুটা বৰ্ষত ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত গৃহবন্দী হোৱা সাধাৰণ ৰাইজে পুনৰ কাগজ-কলম তুলি লোৱা দেখিবলৈ পোৱা গৈছিল ৷
মানুহে ম’বাইল স্ক্ৰীণ আৰু টেকন’লজিৰ পৰা আঁতৰি নিজৰ মনৰ ভাৱ অথবা সৃষ্টিশীল কৰ্মৰাজিৰ প্ৰকাশৰ অৰ্থে অন্য এটা মাধ্যম সদায় বিচাৰে (Good handwriting enhances creativity) ৷ আৰু সেই মাধ্যম হিচাপে লিখা কামটো বহুতেই পছন্দ কৰে ৷ এজন মানুহক জীৱনৰ কঠিন সময়তো এই লিখা কাৰ্যই যথেষ্ট সহায় কৰে ৷ মানসিক চাপ সমূহৰ পৰা নিজকে মুকলি কৰাত এই লিখা-মেলা কাৰ্য বহুখিনি সহায়ক হয় ৷
2022 বৰ্ষৰ আৰম্ভণিৰ লগে লগেই বি.আই.চি.-ৰ জ্যেষ্ঠ ব্যৱহাৰকাৰী গৱেষণা প্ৰৱন্ধক Eirini Petratou য়ে হাতে লিখাৰ আঁৰত থকা লাভালাভ আৰু লিখনিৰ যাদুৰ ওপৰত এক আলোকপাত কৰে ৷
Handwriting boosts cognitive processes
গেজেটত টোকা লিখাৰ অভ্যাস কৰাৰ বিপৰীতে কাগজ-কলম লৈ এই অভ্যাস কৰিলে ব্যক্তি এজনৰ চিন্তাশক্তি প্ৰখৰ হয় (How to improve brain functions )৷ কাগজ-কলম লৈ লিখাৰ অভ্যাসে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে Facts আৰু Concepts সহজভাৱে বুজাত সহায় কৰে ৷ বিষয় এটাৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰাত সুবিধা হয় ৷ Cursive Writingয়ে বিশেষভাৱে চিন্তা, ভাষা আৰু তৰ্কৰ ক্ষেত্ৰত মগজুৰ বৃদ্ধি কৰে ৷ New York Times এ কৰা এক সমীক্ষা অনুসৰি Cursive Writing এ সোঁ আৰু বাঁও গোলাৰ্ধৰ মাজত মস্তিকৰ সংমিশ্ৰণ বৃদ্ধি কৰে ৷
Handwriting develops brain health