অসম

assam

ETV Bharat / sukhibhava

আপোনাৰ শিশুটিক পেটৰ সমস্যাই আমনি কৰিছে নেকি: তেন্তে খাবলৈ দিয়ক এইসমূহ খাদ্য - পানী

অভিভাৱক হিচাপে আপুনি আপোনাৰ সন্তানে কি খাইছে আৰু কি খোৱা নাই তাৰ ওপৰত চকু ৰাখিব লাগে । তেলীয়া, প্ৰচেছড ফুড, অধিক চেনিযুক্ত খাদ্যৰ পৰা শিশুক আঁতৰাই ৰাখক । আহক জানো, শিশুৰ পেট বেয়া হ’লে কি কি খাদ্য খাবলৈ দিয়া উচিত(Healthy and easy digestive food to your kids)৷

give these healthy and easy digestive food to your kids during tummy trouble
আপোনাৰ শিশুটিক পেটৰ সমস্যাই আমনি কৰিছে নেকি: তেন্তে খাবলৈ দিয়ক এইসমূহ খাদ্য

By

Published : Sep 11, 2022, 10:10 PM IST

প্ৰাপ্তবয়স্ক সকলতকৈ শিশুসকল অধিক ৰোগত আক্ৰান্ত হয় কাৰণ তেওঁলোকৰ পাচনতন্ত্ৰ অতি দুৰ্বল । এনে অৱস্থাত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হজম কৰাৰ ক্ষমতা শক্তিশালী কৰিবলৈ অধিক পুষ্টিকৰ খাদ্য প্ৰদান কৰিব লাগে(Healthy and easy digestive food to your kids) ।

অভিভাৱক হিচাপে আপুনি আপোনাৰ সন্তানে কি খাইছে আৰু কি খোৱা নাই তাৰ ওপৰত চকু ৰাখিব লাগে । তেলীয়া, প্ৰচেছড ফুড, অধিক চেনিযুক্ত খাদ্যৰ পৰা শিশুক আঁতৰাই ৰাখক । আহক জানো, শিশুৰ পেট বেয়া হ’লে কি কি খাদ্য খাবলৈ দিয়া উচিত-

  • সিজোৱা শাক-পাচলি(Steam Vegetables):

শাক-পাচলি শিশুৰ বাবে আটাইতকৈ উপকাৰী, বহুতো ৰঙীন শাক-পাচলি লৈ গৰম পানীত সিজোৱা শাক-পাচলিত অলপ চাত মছলা আৰু জালুক ছটিয়াই খাবলৈ দিব পাৰে ।

  • ছু’প(Soup):

বিশেষকৈ হজম বা বমিৰ সমস্যা হ’লে শিশুৰ যিকোনো পেটৰ বিষৰ বাবে এটা গৰম বাটিত ছু’প বা গৰম জোল খাবলৈ দিব পাৰে ।

  • কম আঁহযুক্ত খাদ্য(Low fiber foods):

যদি আপোনাৰ শিশুটিৰ ডায়েৰিয়া হয়, তেন্তে আপুনি তেওঁলোকক কম আঁহযুক্ত খাদ্য দিব পাৰে, কিয়নো ইয়াৰ ফলত আপোনাৰ শিশুটিৰ পেটটো ভালদৰে পৰিষ্কাৰ হয় ।

  • শুকান ব্ৰেড টোষ্ট(Dry Toast):

ড্ৰাই ব্ৰেড টোষ্টৰ দৰে কোমল খাদ্যত কাৰ্বহাইড্ৰেট থাকে, যিয়ে আপোনাৰ শিশুৰ পেটৰ বাবে খুবেই উপকাৰী । যিকোনো টেঙা বস্তুৱে পেটত প্ৰদাহ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পেটৰ বিষ, বমি আদিৰ দৰে বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে ।

  • পানী(Water):

পানীতকৈ ভাল একোৱেই নহয় । আপোনাৰ শিশুটিৰ পেটৰ যি সমস্যাই নহওক কিয়, পানী খোৱাটোৱেই আটাইতকৈ উত্তম সমাধান ।

  • নাৰিকলৰ পানী(Coconut water):

পেটৰ সমস্যা বা সহজে হজম হোৱাৰ বাবে শিশুটিক নাৰিকলৰ পানী দিব লাগে । এনে কৰিলে তেওঁলোকৰ মনটো বহুত ভাল হ’ব আৰু পেটেও সকাহ পাব ।

লগতে পঢ়ক:Chocolate-based coffee recipes: ঘৰতে সহজতে প্ৰস্তুত কৰক চকলেট কফি

ABOUT THE AUTHOR

...view details