অসম

assam

ETV Bharat / sukhibhava

শৰীৰৰ এইসমূহ ৰোগ নিৰাময়ৰ বাবে অতি উপকাৰী নহৰু - কি কি ৰোগত নহৰুৱে সহায় কৰে

নহৰুৱে কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ নহৰুত থকা ৰোগ প্ৰতিৰোধ বৃদ্ধি, প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণে হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে ৷ দৈনিক ১ ফুটা নহৰু খোৱাটোৱে আপোনাৰ স্বাস্থ্যক কিদৰে প্ৰভাৱিত কৰে, আজি জানো আহক-

Garlic protects the body from many diseases, do you know its amazing benefits?
শৰীৰৰ এইসমূহ ৰোগ নিৰাময়ৰ বাবে অতি উপকাৰী নহৰু

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 5:02 PM IST

নহৰু হৈছে প্ৰতিটো ভাৰতীয় পাকঘৰত পোৱা এক অত্যাৱশ্যকীয় উপাদান ৷ নহৰুয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিয়েই নহয়, ই স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী ৷ হয়, আজিৰ ব্যস্ত জীৱনশৈলীৰ বাবে মানুহে ব্যায়াম কৰিবলৈ সময় নাপায়, যাৰ ফলত শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি হয় আৰু ইয়েই হৈছে অগণন স্বাস্থ্য সমস্যাৰ মূল কাৰণ ৷

এনে পৰিস্থিতিত আপুনি খালী পেটত কেৱল এক ফুটা নহৰু খাই আপোনাৰ স্বাস্থ্যক সুৰক্ষা দিব পাৰে ৷ নহৰুৱে কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ নহৰুত থকা ৰোগ প্ৰতিৰোধ বৃদ্ধি, প্ৰদাহ-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণে হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰাখে ৷ দৈনিক ১ ফুটা নহৰু খোৱাটোৱে আপোনাৰ স্বাস্থ্যক কিদৰে প্ৰভাৱিত কৰে, আজি জানো আহক-

  • হজম শক্তি উন্নত কৰে

প্ৰতিদিনে ১ ফুটা নহৰু খোৱাৰ ফলত গেষ্ট্ৰিক ৰসৰ পিএইচ উন্নত হয় আৰু ই পাচন তন্ত্ৰ স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে ৷ ইয়াত থকা এণ্টিমাইক্ৰোবাইল গুণাগুণবোৰে অন্ত্ৰত আলচাৰ তথা অন্যান্য গেষ্ট্ৰোইনটেষ্টিনেল ৰোগ হ্ৰাস কৰাত সহায় কৰে ৷

  • শৰীৰটো বিষমুক্ত কৰে

কেঁচা নহৰু আৰু পানীৰ সংমিশ্ৰণে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে ৷ ই আপোনাৰ শৰীৰৰ পৰা সকলো ক্ষতিকাৰক বিষাক্ত সামগ্ৰী বাহিৰলৈ উলিয়াই দিয়ে ৷ একে সময়তে, ই বহু প্ৰকাৰৰ কৰ্কট ৰোগৰ পৰাও সুৰক্ষা দিয়ে ৷

  • ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখে

নহৰু খোৱাৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত থাকে ৷ নহৰুৰ ডায়েবেটিছ আৰু ৰক্ত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰে ৷ ইয়াত ভিটামিন চি থাকে, যিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত ৰাখে ৷

  • যক্ষ্মা ৰোগৰ বাবেও উপকাৰী

হাঁওফাঁওৰ সৈতে সম্পৰ্কিত ৰোগত নহৰু যথেষ্ট সহায়ক ৷ যদি আপোনাৰ যক্ষ্মা ৰোগ আছে, তেন্তে নহৰু খাব ৷ পুৱা ২-৩ ফুটা কেঁচা নহৰু চোবাই যক্ষ্মাৰোগৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি ৷ প্ৰকৃততে, নহৰুৰ এলিচিন উপাদানে যক্ষ্মা বেক্টেৰিয়াৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায় ৷

কেনেকৈ খাব লাগে

পুৱা কুহুমীয়া পানীৰে খালী পেটত ১ ফুটা নহৰু খাব ৷

লগতে পঢ়ক:হাৰ্ট এটেকৰ পৰা প্ৰাণ ৰক্ষাৰ হেতুকে সমগ্ৰ দেশে শিকিব CPR

ABOUT THE AUTHOR

...view details