অসম

assam

ETV Bharat / sukhibhava

Triphala: কলেষ্টেৰল হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি কোষ্ঠকাঠিন্য দূৰ কৰালৈকে ত্ৰিফলাৰ ৬টা আচৰিত উপকাৰিতা জানি লওক

ত্ৰিফলা হৈছে ভাৰতত যুগ যুগ ধৰি ব্যৱহাৰ হৈ অহা এক পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধ । আমলখি, শিলিখা আৰু ভোমোৰা ফলৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় । এই তিনিটা ফল সমান পৰিমাণে মিহলাই তৈয়াৰ কৰা হয় ।

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 5:00 PM IST

From reducing cholesterol to relieving constipation, know the 6 amazing benefits of Triphala
কলেষ্টেৰল হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি কোষ্ঠকাঠিন্য দূৰ কৰালৈকে ত্ৰিফলাৰ ৬টা আচৰিত উপকাৰিতা জানি লওক

ত্ৰিফলা হৈছে ভাৰতত যুগ যুগ ধৰি ব্যৱহাৰ হৈ অহা এক পৰম্পৰাগত আয়ুৰ্বেদিক ঔষধ ৷ আমলখি, শিলিখা আৰু ভোমোৰা ফলৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয় ত্ৰিফলা ৷ এই তিনিটা ফল সমান পৰিমাণে মিহলাই তৈয়াৰ কৰা হয় ৷ ত্ৰিফলা বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ সাধাৰণতে ত্ৰিফলা গুড়ি ৰূপত সেৱন কৰা হয় ৷ ইয়াক পানী বা গাখীৰৰ লগত খাব পাৰি ৷ ত্ৰিফলাই কোনবোৰ সমস্যা নিৰাময় কৰিব পাৰে জানো আহক-

ত্ৰিফলাৰ উপকাৰিতা

কোষ্ঠকাঠিন্য

ত্ৰিফলা এবিধ উৎকৃষ্ট ৰেচক যিয়ে মলত্যাগ সহজ কৰে ৷ ই অন্ত্ৰৰ গতিশীলতা বৃদ্ধি কৰে আৰু মল কোমল কৰে ৷

হজম শক্তি উন্নত কৰা

ত্ৰিফলাই পাচনতন্ত্ৰৰ ৰসৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত খাদ্য হজম সহজ হৈ পৰে ৷ ইয়াৰ উপৰিও পেট ফুলা কমোৱাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য ৰোধ কৰে ৷

কলেষ্টেৰল হ্ৰাস কৰে

ত্ৰিফলাত থকা পলিফেনলে বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰাত সহায় কৰে ৷ ই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা

ত্ৰিফলাত থকা এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ ই সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে ৷

ওজন কমাব লাগে

ত্ৰিফলাত থকা পলিফিনলে ভোক কমোৱাত সহায় কৰে ৷ ওজন কমাবলৈ কৰা প্ৰচেষ্টাত ই সহায়ক হ’ব পাৰে ৷

ছাল আৰু চুলি

ত্ৰিফলাত থকা এন্টিঅক্সিডেন্টে ছাল আৰু চুলিক ৰক্ষা কৰাত সহায় কৰে ৷ ই ছালখন গ্লো আৰু চুলিক শক্তিশালী কৰাত সহায় কৰিব পাৰে ৷

লগতে পঢ়ক:Mustard seeds: স্বাস্থ্যৰ তথা ছালৰ বাবে এইসমূহ উপকাৰিতা কঢ়িয়াই আনে সৰিয়হৰ গুটিয়ে

লগতে পঢ়ক:Kidney Patients Diet: কিডনীৰ ৰোগীসকলে কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে ? চিকিৎসকৰ পৰা সকলো তথ্য জানি লওক

লগতে পঢ়ক:Water Drinking Mistake: আপুনিও পানী খোৱাৰ সময়ত কৰে নেকি এই ভুল ? তেন্তে আজিয়েই শুধৰাওক এই ভুল

ABOUT THE AUTHOR

...view details