অসম

assam

Foods to Eat During Pregnancy: গৰ্ভাৱস্থাত মহিলাসকলে নিশ্চয়কৈ খাওক এই ৬বিধ খাদ্য

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 12:37 PM IST

গৰ্ভৱতী মহিলাসকলে নিশ্চিতভাৱে নিজৰ খাদ্যাভ্যাসৰ বাবে চিন্তিত, কাৰণ তেওঁলোকৰ খাদ্যাভ্যাসে শিশুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায় ৷ ইয়াৰ বাবে আপুনি কিছুমান বিশেষ বস্তু সেৱন কৰিব লাগে ৷

foods to eat during pregnancy for a healthy baby
গৰ্ভাৱস্থাত মহিলাসকলে নিশ্চয়কৈ খাওক এই ৬বিধ খাদ্য

গৰ্ভাৱস্থাত মহিলাসকলে খাদ্যাভ্যাসৰ প্ৰতি অতি সতৰ্ক হয়, তেওঁলোকক এনে খাদ্যৰ প্ৰয়োজন যিয়ে গৰ্ভত থকা শিশুটিক সঠিকভাৱে পুষ্টি দিব পাৰে ৷ এই সময়ছোৱাত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰি থাকিব ৷ গৰ্ভাৱস্থাত সঠিক খাদ্যাভ্যাসে আপোনাৰ গৰ্ভস্থ সন্তানৰ জীৱনৰ এটা ভাল আৰম্ভণি দিব পাৰে ৷ গৰ্ভাৱস্থাত মহিলাৰ বাবে ভিটামিন, খনিজ পদাৰ্থ, স্বাস্থ্যকৰ চৰ্বি, জটিল কাৰ্বহাইড্ৰেট, আঁহ আৰু তৰল পদাৰ্থ সেৱন কৰাটো গুৰুত্বপূৰ্ণ ৷

গৰ্ভৱতী মহিলাই এই ৬টা খাদ্য খাব লাগিব

১/ দুগ্ধজাত সামগ্ৰী

গৰ্ভাৱস্থাত মহিলাক অতিৰিক্ত প্ৰ’টিন আৰু কেলচিয়ামৰ প্ৰয়োজন হয়, গতিকে গাখীৰ আৰু দৈ আপোনাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব যাতে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান বিচাৰি পোৱা যায় ৷

২/ মিঠা আলু

মিঠা আলু খাবলৈ সুস্বাদু হোৱাই নহয়, গৰ্ভত উপস্থিত থকা শিশুৰ বাবেও উপকাৰী ৷ ই ভিটামিন এ আৰু ফাইবাৰ যোগান ধৰে ৷

৩/ ছালমন মাছ

যদি আপুনি সাগৰীয় খাদ্যৰ প্ৰতি আকৰ্ষিত, তেন্তে গৰ্ভাৱস্থাত নিশ্চয়কৈ ছালমন মাছ খাব কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন ডি আৰু কেলচিয়াম থাকে, যিটো হাড়ৰ বিকাশৰ বাবে প্ৰয়োজনীয় ৷

৪/ কণী

কণীক অতি স্বাস্থ্যকৰ খাদ্য বুলি গণ্য কৰা হয়, যিয়ে গৰ্ভাৱস্থাত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে, য’ত প্ৰ’টিন, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থ আদি অন্তৰ্ভুক্ত ৷

৫/ শুকান ফল

কেলৰি, আঁহ, বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ শুকান ফলত পোৱা যায় ৷ ইয়াৰ লগতে প্ৰাকৃতিক চেনিও বহুতো শুকান ফলত পোৱা যায় ৷ গৰ্ভাৱস্থাত মহিলাসকলে এইবোৰ সেৱন কৰিব লাগিব ৷

৬/ তৰল পদাৰ্থ

গৰ্ভাৱস্থাত নিয়মীয়াকৈ তৰল পদাৰ্থ সেৱন কৰি ৰাখিব যাতে আপুনি আৰু আপোনাৰ শিশুটিয়ে ডিহাইড্ৰেচনত ভুগিবলগীয়া নহয় ৷ পানীৰ বাহিৰেও এনে ফল খাব পাৰে য’ত অধিক তৰল পদাৰ্থ থাকে ৷ প্ৰায়ে নাৰিকল পানী খোৱাৰ পৰামৰ্শ দিয়া হয় ৷

লগতে পঢ়ক:French Fries: আপুনি ফ্ৰেঞ্চ ফ্ৰাই খাই ভাল পায় নেকি ? তেন্তে হৈ যাওক সাৱধান!

ABOUT THE AUTHOR

...view details