প্ৰায়ে আমি শুনো যে হঠাৎ হাৰ্ট এটাকৰ ফলত কাৰোবাৰ মৃত্যু হৈছে ৷ তেতিয়া হয়তো আপোনাৰো মনলৈ প্ৰশ্ন আহে যে, হঠাৎ হোৱা হাৰ্ট এটাকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি ? নিজৰ হৃদয়খন কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰি ? এনে বহু প্ৰশ্ন আমাৰ মনত উদয় হয় ৷ নহয় জানো ? কিন্তু আপুনি জানেনে যে খাদ্যাভ্যাসেও হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । আজি আমি আপোনাক ক’ম কিছুমান খাদ্যৰ বিষয়ে, যিবোৰ খাদ্য খালে আপুনি হাৰ্ট এটাকৰ আশংকাৰ পৰা হাত সাৰিব পাৰিব । গতিকে, আজি এই প্ৰতিবেদনত আমি ক’ম এনে কিছুমান খাদ্যৰ বিষয়ে কওঁ, যিয়ে এজন ব্যক্তিৰ হাৰ্ট এটাকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে-
নহৰু
আমাৰ দৈনন্দিন খাদ্যত ব্যৱহৃত নহৰু হৃদযন্ত্ৰৰ বাবেও অতি উপকাৰী । কাৰণ ইয়াৰ সোৱাদৰ লগতে বহুতো ঔষধি গুণ আছে । নহৰু খালে কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত থাকে । ইয়াৰ উপৰিও ৰক্ত সঞ্চালন উন্নত কৰে । এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি সিজোৱা নহৰুতকৈ কেঁচা নহৰু অধিক উপকাৰী ।
গোটা শস্য
বৰ্তমান চিকিৎসক আৰু ডায়েটচিয়ানসকলে সকলোকে খাদ্যত গোটা শস্য অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে । গোটা শস্য যেনে ব্ৰাউন ৰাইচ আৰু কৰ্ণৰ পৰা তৈয়াৰী খাদ্য আপোনাৰ হৃদযন্ত্ৰৰ বাবে অতি উত্তম হ’ব পাৰে । কাৰণ এনে শস্যত কাৰ্বহাইড্ৰেটৰ লগতে প্ৰচুৰ পৰিমাণে আঁহ থাকে । এইবোৰে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে বুলি জনা যায় ।
বাদাম