অসম

assam

ETV Bharat / sukhibhava

আমাৰ স্বাস্থ্যৰ বাবে এখনি ফুলনি বাগিচাৰ ভূমিকা জানি আচৰিত হৈ পৰিব আপুনি! - নিসংগৰ লগৰী ফুলৰ বাগিচা

এটা পৰিয়ালৰ ঘৰখনেই সুখ-শান্তিৰ আলয় । এই ঘৰখনৰ সমুখত বা চৌহদত এখন ফুলৰ বাগিচা তৈয়াৰ কৰিব পৰি । আপোনাৰ বাগিচাখনত কিদৰে সুস্বাস্থ্য আৰু আনন্দপূৰ্ণ কৰি তুলিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হৈছে ।

Flower gardens for a happy life
আমাৰ স্বাস্থ্যৰ বাবে এখন ফুলনি বাগিচাৰ ভূমিকা কি জানো আহক

By

Published : Oct 31, 2022, 1:12 PM IST

এটা পৰিয়ালৰ ঘৰখনেই সুখ-শান্তিৰ আলয় । এই ঘৰখনৰ সমুখত বা চৌহদত এখন ফুলৰ বাগিচা তৈয়াৰ কৰিব পৰি । আপোনাৰ বাগিচাখনত কিদৰে সুস্বাস্থ্য আৰু আনন্দপূৰ্ণ কৰি তুলিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হৈছে(Flower gardens for a happy life) ।

আমাৰ স্বাস্থ্যৰ বাবে এখন ফুলনি বাগিচাৰ ভূমিকা কি জানো আহক

যিসকল লোকৰ নিজাববীয়াকৈ এখন বাগিচা কৰিব পৰাকৈ ঘৰ-মাটি আছে সেইসকলে সুন্দৰভাৱে সু-স্ংহতভাৱে এখন বাগিচা গঢ়ি তুলিব পাৰে । পূৰ্বৰ তুলনাত আজিকালি প্ৰায়বোৰ ঘৰৰ সমুখত ঠাইৰ অভাৱ । সেয়ে পদুলিৰ সমুকতে হওক বা ঘৰৰ ছাদতে হওক একোখন ফুলনি বাগিচা কৰাটো অতি প্ৰয়োজন । ঋতু অনুসৰি বিভিন্ন ধৰণৰ ফুল আছে ।

জাৰকালিৰ ফুল(Winter flowers)

নাৰ্জি, জিনিয়া, ডালিয়া, ক্ৰিচেনথিয়াম, গোলাপ, প’পী ছুইট পি আদি ফুল লগোৱাৰ উপৰিও মাধৈ-মালতী, অপৰাজিতা আদি ফুল লগাব লাগে । এই ফুলবোৰ যেতিয়া ফুলিব দেখিবলৈ অতি ধুনীয়া হয় ।

আমাৰ স্বাস্থ্যৰ বাবে এখন ফুলনি বাগিচাৰ ভূমিকা কি জানো আহক

জহকালিৰ ফুল(Autumn flowers)

ঋতুভেদে প্ৰকৃতিয়ে নৱ ৰুপ সজি-কাচি সাৰ পাই উঠে । গ্ৰীস্ম ঋতু বা জহকালিৰ ফুলবোৰৰ ভিতৰত হ’ল লিলি, ফৰগেচ নট, কছমছ, পপি এনথুৰিয়াম, জাৰবেৰিয়া, ডেইজী, এছিয়াটিক লিলি, অৰ্কিডকে ধৰি বিভিন্ন ফুল ।

নিসংগৰ লগৰী ফুলৰ বাগিচা

আমাৰ স্বাস্থ্যৰ বাবে এখন ফুলনি বাগিচাৰ ভূমিকা কি জানো আহক

মানুহ শেষ বয়সত নি:সংগ হৈ পৰে, বিশেষকৈ স্বামী বা স্ত্ৰীৰ মৃত্যুৰ পিছত, অৱসৰ গ্ৰহণৰ পিছত অকলশৰীয়া হৈও পৰে । কিছুমানে কিতাপ পঢ়ি লিখা-মেলা কৰি, কিছুমানে খেল-ধেমালি কৰি, কিছুমানে শাক-পাচলি আৰু ফুলনি বাগিচা পাতি কৰ্মব্যস্ত হৈ থাকিব বিচাৰে । ইয়াৰ বাবে লাগিব সদিচ্ছা আৰু মানসিক প্ৰস্তুতি । ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অৱসাদ, দুশ্চিন্তা, হতাশা, অৱসাদ দূৰ কৰি ঘৰখন তথা ঘৰৰ চৌদহত এখন ফুলনি সজাওক । তেতিয়া ঘৰখনত প্ৰৱেশ কৰিলে মানসিক শান্তিৰে মনটো ভৰি পৰিব ।

আমাৰ স্বাস্থ্যৰ বাবে এখন ফুলনি বাগিচাৰ ভূমিকা কি জানো আহক

দিনটোৰ চিন্তা-ভাৱনা সকলো ঘৰখনৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে । ঘৰৰ বাৰাণ্ডাতে হওক ফুলনিত ফুলগছজোপা দেখিলে মনটি সজীৱ হৈ পৰিব । ফুলনিখন তদাৰক কৰোতে সময়বোৰ সুন্দৰকৈ অতিবাহিত হ’ব । মনটো প্ৰশান্তিৰে ভৰি পৰিব ।

ফুলনি বাগিচাৰ লগত স্বাস্থ্যৰ সম্পৰ্ক: ফুলনি বাগিচাখনে আমাৰ মনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে তথা আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক...

আমাৰ স্বাস্থ্যৰ বাবে এখন ফুলনি বাগিচাৰ ভূমিকা কি জানো আহক
  • ফুলৰ গছবোৰ ডাঙৰ হৈ তাত যেতিয়া নানা ৰঙৰ ফুল ফুলিব, তেতিয়া মনটো সৃষ্টিৰ আনন্দত ভৰি পৰিব ।
  • উদ্ভিদেও মানুহৰ স্পৰ্শ ভাল পায় । কিয়নো উদ্ভিদ অতি স্ংবেদনশীল আৰু স্পৰ্শকাতৰ ।
  • উদ্ভিদেও মানুহৰে দৰে সুখ-দুখ অনুভৱ কৰিব পাৰে । মানুহৰ স্ংস্পৰ্শ পালেহে ফুল ফুলে, গছ-গছনিত ফল-ফুল লাগে ।
  • এজোপা গছক যদি আপুনি লালন-পালন কৰে সি সদায় আপোনাৰ পৰশ পোৱাৰ বাবে অপেক্ষা কৰি থাকে ।
  • ফুলৰ গুড়িত সাৰ-পানী দি লালন-পালন কৰিলে মনলৈ প্ৰশান্তি আহে ।
  • গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিল যে, উদ্ভিদৰো আত্মা আছে, কিন্তু ইন্দ্ৰিয়ানুভুতি নাই । ইপিনে কাৰ্ল ভনে কৈছিল যে, উদ্ভিদ আৰু মানুহৰ পাৰ্থক্য মাথোঁ মানুহৰ দৰে উদ্ভিদে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিব নোৱাৰে ।
  • ৰাতিপুৱা শুই উঠি যেতিয়া সমুখৰ বাগিচাত এটা ৰঙা গোলাপ বা অশোক ফুল এজোপাত ৰঙা ফুলে জকমকাই থাকিব, মনটো ভাল লাগি যায় । মনৰ ক্লান্তি অৱসাদ দূৰ হয় ।
  • বাগিচাখনত যেতিয়া সাৰ-পানী দি থাকিব, ফুলবোৰ ফুলি উঠিব । মনৰ দুশ্চিন্তা, অৱসাদ নোহোৱা হ’ব, এটা ভাল আশাবাদী মনৰ সৃষ্টি হ’ব ।
  • ফুলৰ বাগিচা তদাৰক কৰা লোকৰ মনলৈ ইতিবাচক চিন্তা আহে ।
  • ফুলৰ ডাল-পাত কাটি দিয়া, বন-জাবৰ খুঁচৰি পৰিস্কাৰ কৰি থাকিলে মানুহৰ কঁকালৰ বিষ, আঁঠুৰ বিষ আদিৰ পৰা হাত সাৰি থাকিব পাৰি । ইও এক সুন্দৰ ব্যায়াম হয় ।
  • এবাৰ উঠি এবাৰ বহি ফুলৰ গুৰিৰ মাটি খুঁচৰি দিয়াটোও এটা ব্যায়ামৰ লেখীয়া হয় ।
  • এনেদৰে ফুলৰ বাগিচাত কাম কৰিলে হাত-ভৰিৰ জঠৰতা নোহোৱা হ’ব আৰু কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব ।
  • নিজে ফুলৰ পুলিটো ৰুই ডাঙৰ দীঘল কৰাৰ পিছত যেতিয়া জকমকাই ফুলবোৰ ফুলি উঠিব মনটো সুখ আৰু আমোদেৰে ভৰি পৰে ।
  • এজোপা গছ ৰোৱা, ডাঙৰ-দীঘল কৰাটো এটি শিশুক ডাঙৰ-দীঘল কৰা বা যত্ন লোৱা একে কথা ।
  • গছ ৰোৱা, গছক প্ৰতিপালন কৰা কাৰ্যই মনত অনাবিল আনন্দ দিব পাৰে ।
  • ফুলৰ বাগিচা এখনে আপোনাৰ নি:সংগ জীৱনৰ সুন্দৰ লগৰী হ’ব পাৰে ।
  • ফুলনি পাতক, গছ ৰোৱক, তাক আদৰ কৰক, ডাঙৰ-দীঘল কৰক, পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ হ’ব । সেউজ পৰিৱেশৰ সৃষ্টি হ’ব । আপোনাৰ ঘৰৰ পদুলিত নিমগছ এজোপা, শেৱালী ফুল আৰু ক’লা তুলসী থাকিলে সেই ঘৰ মানুহৰ কেতিয়াও বসন্ত ৰোগ নহয় বুলি কোৱা হয় ।
    আমাৰ স্বাস্থ্যৰ বাবে এখন ফুলনি বাগিচাৰ ভূমিকা কি জানো আহক
  • এই গছকেইজোপাই ১০০ ফুটৰ পৰা বায়ু প্ৰদূষণ ৰোধ কৰি নিৰ্মল বায়ু প্ৰদান কৰি মানুহক সুস্বাস্থ্যৰ গৰাকী কৰি তুলিব পাৰে ।
  • ফুলৰ বাগিচাখনে মানুহক জীয়াই থকাৰ প্ৰেৰণা আৰু উৎসাহ দিব পাৰে । ইয়াকো এক আত্মসন্তুষ্টিৰ আধাৰ কৰি লওক ।
  • ফুলগছ বা আন যিবোৰ গছ-গছনি ৰুই বা ব্যৱহাৰ কৰি আপুনি ফুলনি বাগিচাখন দেখাত ধুনীয়া কৰাৰ লগতে ঘৰৰ চাৰিওকাষৰ পৰিৱেশটো সুন্দৰ কৰি তুলিব পাৰে ।
  • সমাজত এষাৰ কথা আছে- নঙলামুখত থিয় হৈয়ে মানুহঘৰৰ মানুহৰ মনোভাৱ, সৌন্দৰ্যশীলতাৰ কথা ক’ব পাৰি ।
  • সেউজীয়া পাত থকা, ৰঙা ফুল ফুলা গছ-গছনি, বাঁহগছৰ ব্যৱহৰ কৰি ঘৰটোৰ স্বৰ্গীয় সুখ-সমৃদ্ধি আৰু আনন্দ অটুট ৰাখিব পৰা যায় ।
  • ওখ ওখ গছবোৰ ঘৰৰ পিচফালে থকা উচিত।এনে গছে ঘৰখনক সেউজীয়া পাহাৰৰ দৰে সহায় কৰিব পাৰে । নিৰ্মল বায়ু আৰু সুন্দৰ পৰিৱেশ সৃষ্টি হ’ব ।
  • সুন্দৰ পৰিৱেশে এটা আনন্দপূৰ্ণ জীৱনৰ আধাৰ স্বৰুপ হ’ব পাৰে ।
  • গতিকে আহক, আমি প্ৰতিজন লোকে ঘৰৰ বাগিচাই হওক, টাবতে হওক, ছাদৰ ওপৰতে হওক এখন সুন্দৰ ফুলৰ বাগিচা তৈয়াৰ কৰি সুস্বাস্থ্য আৰু সুখী জীৱনৰ বাবে সাধনা কৰো ।

লগতে পঢ়ক:Pocket-friendly Date: এইদৰে আপোনাৰ প্ৰথম ডেট পকেট ফ্ৰেণ্ডলী কৰি তুলিব পাৰে!

ABOUT THE AUTHOR

...view details