"আমি প্ৰথম কথাটো চিনি উলিয়াই লোৱাটো দৰকাৰ যে, আমাৰ শৰীৰৰ প্ৰতিটো প্ৰণালী আন্তঃসংযোগযুক্ত । সেয়েহে আমাৰ শাৰীৰিক স্বাস্থ্যই আমাৰ মানসিক স্বাস্থ্যকো প্ৰভাৱিত কৰে ৷ আনহাতে মানসিক স্বাস্থ্যই আমাৰ শৰীৰক প্ৰভাৱিত কৰে ৷ আৰু দুয়োটাই একেলগে কাম কৰে ৷ যাৰ বাবে কিছু নিয়ম মানি চলিলে আমি শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰাখিব পাৰো"- এই মন্তব্য স্বাস্থ্য আৰু ফিটনেছ বিশেষজ্ঞ তথা নিউট্ৰিছ’নিষ্ট যশবৰ্ধন স্বামীৰ ।
খাদ্যত সঠিক পুষ্টি থকাটো নিশ্চিত কৰা(Ensuring that nutrition is on point):
আমি নিশ্চিত হ’ব লাগিব যে, আমি আমাৰ শৰীৰক সঠিক পুষ্টি প্ৰদান কৰিছো ৷ ইয়াৰ অৰ্থ এইটো নহয় যে, আমি সকলো সময়তে চালাড খোৱা উচিত ৷ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন, কাৰ্ব’ হাইড্ৰেট, চৰ্বীৰ পৰা ভিটামিন আৰু খনিজ পদাৰ্থৰ পৰা প্ৰয়োজনীয় সকলো পুষ্টি আমি আহৰণ কৰো ৷ আমাৰ শাৰিৰীক গঠনৰ সৈতে সংগতি ৰাখি শৰীৰে কেলৰি গ্ৰহণ কৰাটো বাঞ্ছনীয় ৷ আমি এইটোও মনত ৰাখিব লাগিব যে, আমাৰ শৰীৰটো 50-60 শতাংশ পানীৰে পৰিপূৰ্ণ ৷ স্বাস্থ্য সুস্থিৰে ৰখাৰ ক্ষেত্ৰত নাইবা মস্তিষ্কৰ কাৰ্য সম্পাদন কৰিবলৈও আমাক পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন ।
ব্যায়াম আৰু দৈনন্দিন ক্ৰিয়া (Exercising and activity) :
আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে কমেও 3-5 বাৰকৈ সপ্তাহত ব্যায়াম কৰাটো আৱশ্যক । শৰীৰৰ বাবে প্ৰয়োজনীয় যিকোনো ধৰণৰ ব্যায়ামে আপুনি কৰিব পাৰে ৷ দৈনিক খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক ৷
টোপনি (Sleep) :