অসম

assam

ETV Bharat / sukhibhava

Mysterious Places of India: এইখন ভাৰততেই আছে এই কেইখন ৰহস্যময় ঠাই - জাতিংগা

ৰহস্য অনুসন্ধানী মন এটাৰ গৰাকী নেকি আপুনি ? তেন্তে আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবেই ৷ সবিশেষ জানিবলৈ আগলৈ পঢ়ক...

Five Mysterious Places in India
এইখন ভাৰততেই আছে এই কেইখন ৰহস্যময়ী ঠাই

By

Published : Oct 25, 2022, 3:17 PM IST

ভাৰতৰ আটাইতকৈ ৰহস্যময় ঠাইসমূহৰ বিষয়ে জানিব বিচাৰেনে ? এই ঠাইসমূহে আপোনাকো আচৰিত কৰি তুলিব । বহুতে হয়তো এই ৰহস্যবোৰ বিচাৰি উলিওৱাৰ প্ৰৱণতা কৰে আৰু আন কিছুমানে ইয়াৰ আঁৰৰ যুক্তি বুজিবলৈ চেষ্টা কৰে(Five Mysterious Places in India)। ইয়াৰে কিছুমান ঠাই দেশৰ বিখ্যাত পৰ্যটনস্থলীও ।

ভাৰতৰ ভ্ৰমণ কৰিবলগীয়া ৰহস্যময় ঠাইসমূহৰ কেইখনমান ইয়াত দিয়া হ’ল যিয়ে আপোনাক আচৰিত কৰি তুলিব(Mysterious Places of India)।

1/ অসমৰ জাতিংগা(Jatinga, Assam)

অসমৰ জাতিংগা

জাতিংগা হৈছে চিৰ সেউজীয়া পাহাৰৰ সৈতে এক শান্তিপূৰ্ণ স্থান । কিন্তু এই ঠাইখন বাৰিষা মাহত প্ৰতি বছৰে ঘটা এক পৰিঘটনাৰ বাবেও অধিক জনাজাত । উল্লেখযোগ্য যে, সূৰ্যাস্তৰ ঠিক পিছতেই ইয়াত শ শ পৰিভ্ৰমী চৰায়ে আত্মহত্যা কৰে । স্থানীয় একাংশ লোকে অস্বাভাৱিক কাৰ্যকলাপত বিশ্বাস কৰিছিল যদিও বৈজ্ঞানিক তত্ত্বই প্ৰকাশ কৰে যে ঘন কুঁৱলীৰ বাবেই চৰাইবোৰে গছ-গছনি আৰু অট্টালিকাত খুন্দা মাৰে যাৰ ফলত চৰাইবোৰৰ মৃত্যু ঘটে(Bird Suicide mystery of Assam) । কিন্তু এই চৰাইবোৰে ৰাতি কিয় উৰি যায় তাৰহে আজিলৈ কোনো ব্যাখ্যা পোৱা নাই ।

2/ ভাংগাৰ দুৰ্গ, ৰাজস্থান(Bhangarh Fort, Rajasthan)

ভাৰতৰ ভ্ৰমণ কৰিবলগীয়া শীৰ্ষ ৰহস্যময় আৰু অলৌকিক শক্তিৰ স্থানসমূহৰ ভিতৰত ভংগাৰ দুৰ্গ । ই এক অতি জনপ্ৰিয় পৰ্যটনস্থলী, ৰাতিপুৱাৰ পৰা দিনটোলৈ যথেষ্ট পৰ্যটকৰ ভিৰ দেখা যায় কিন্তু সূৰ্যাস্তৰ পিছত দুৰ্গত প্ৰৱেশ নিষিদ্ধ কৰা হয় । দুৰ্গটোৰ বাহিৰত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ এখন জাননী ফলকত পৰ্যটকক দুৰ্গত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ।

ভাংগাৰ দুৰ্গ, ৰাজস্থান

লোকবিশ্বাস অনুসৰি ভাংগাৰ ৰাজকুমাৰীৰ প্ৰেমত পৰা এজন যাদুকৰে এই স্থানত এতিয়াও ৰাজকুমাৰীক ভাংগাৰ দুৰ্গত বিচাৰি ফুৰে । নিশা দুৰ্গটোত সোমাই নিৰুদ্দেশ হোৱা লোকৰো বহু কাহিনী ওলাই আছে । সেয়ে ভাংগাৰ দুৰ্গই ভাৰতৰ অন্যতম অলৌকিক শক্তিৰ স্থান হিচাপে স্বীকৃতি লাভ কৰিছে ।

3/ মহাৰাষ্ট্ৰৰ চিংগাপুৰ(Singapur Village, Maharashtra)

মহাৰাষ্ট্ৰৰ চিংগাপুৰ

শনি চিংগাপুৰ ভাৰতৰ অন্যতম আকৰ্ষণীয় স্থান । আহমেদনগৰৰ ওচৰত অৱস্থিত এখন সৰু গাঁও, এই গাঁও শনি মন্দিৰৰ বাবে অতি জনপ্ৰিয় । ইয়াৰ ৰহস্যটো হ’ল ঘৰ-দুৱাৰ, বিদ্যালয়, বেংক, থানা আদিত কোনো দুৱাৰ নাই ৷ ইয়াৰ উপৰিও শনি চিংগাপুৰ এনে এখন ঠাই য’ত আজিলৈ কোনো অপৰাধ সংঘটিত হোৱা নাই । গাঁৱৰ ৰাইজৰ ভগৱান শনিৰ ওপৰত থকা পৰম বিশ্বাসৰ বাবে সকলোকে ৰক্ষা কৰিব বুলি বিশ্বাস কৰে ।

4/ ৰাজস্থানৰ কুলধৰা(Kuldhara, Rajasthan)

ৰাজস্থানৰ কুলধৰা

কেইবাটাও কাহিনী আৰু ৰহস্যৰে আগুৰি থকা কুলধৰা ভাৰতৰ আন এক ৰহস্যময় স্থান । এসময়ত ১৫০০ৰো অধিক ব্ৰাহ্মণৰ বাসস্থান আছিল যদিও হঠাতে এৰাতি সমগ্ৰ জনসাধাৰণে পৰিত্যক্ত কৰি পেলালে । সকলো বাসিন্ধাই কিয় তেনেকৈয়ে ঠাইখন এৰি থৈ গ’ল কোনেও সেই কথা আজিও নাজানে । এই ঠাইখনৰ বিষয়ে বহুতো কাহিনী আছে, কিছুমানে কয় যে ঠাইখন অভিশপ্ত । কুলধৰাত এতিয়া কেৱল বাকী আছে কিছুমান পুৰণি অট্টালিকা, পুৰণি মন্দিৰ আৰু অতীতক আগুৰি থকা বিভিন্ন কাহিনী ।

5/ কেৰেলাৰ কোডিনহি(Kodinhi, Kerala)

কেৰেলাৰ কোডিনহি

অস্বাভাৱিকভাৱে বৃহৎ সংখ্যক যমজ সন্তান জন্ম হোৱাৰ খবৰে কেৰেলাৰ এখন সৰু গাঁও কোডিনহিয়ে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিছে । গাঁওখনৰ নাম ভিলেজ অৱ টুইনছ । গাঁওখনত সোমালেই সকলোকেই যমজ সন্তান দেখা যায়(Twin town of Kerala) । বিজ্ঞানীসকলৰ যদিও কয় যে কোডিনহি পানীত এক অদ্ভুত ৰাসায়নিক পদাৰ্থৰ মিহলি হৈ আছে, কিন্তু ই এতিয়াও সম্পূৰ্ণভাহে প্ৰমাণিত হোৱা নাই ।

এইসমূহেই আছিল ভাৰতৰ কিছু ৰহস্যময় স্থানৰ ভিতৰত ঐন্যতমম । এনে ঠাইসমূহৰ কিছু ঠাই অতি ভয়ংকৰ তথা কিছু ৰহস্যৰে আৱৰি আছে ।

লগতে পঢ়ক:World polio day: মাতৃ আৰু শিশুৰ এক সুস্থ ভৱিষ্যতৰ বাবে পালন বিশ্ব পলিঅ’ দিৱস

ABOUT THE AUTHOR

...view details