অসম

assam

ETV Bharat / sukhibhava

পুৰুষ আৰু মহিলা উভয়ৰে উৰ্বৰতা বৃদ্ধিত ফলপ্ৰসূ এইবিধ ফল - ডালিমৰ উপকাৰিতা

Fertility Diet: ডালিম বিভিন্ন পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এবিধ অতি উপকাৰী ফল । ইয়াক গ্ৰহণ কৰিলে কেৱল ৰক্তহীনতাৰ সমস্যা দূৰ হোৱাই নহয়, পুৰুষ-মহিলা উভয়ৰে প্ৰজনন ক্ষমতা সম্পৰ্কীয় সমস্যাও দূৰ হয় । ডালিমক দৈনিক কম বেছি পৰিমাণে সেৱন কৰিলেও পেট, হৃদযন্ত্ৰ, মগজু, ছাল আনকি চুলিৰ বাবেও অতি উপকাৰী ।

Fertility Diet: These fruits are effective in increasing the fertility of both men and women
পুৰুষ আৰু মহিলা উভয়ৰে উৰ্বৰতা বৃদ্ধিত ফলপ্ৰসূ এইবিধ ফল

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 5:30 PM IST

ৰোগ প্ৰতিৰোধ ক্ষমতা, হাড় শক্তিশালী কৰা, পেশী গঠন, সঠিক হজম আৰু স্নায়ুতন্ত্ৰৰ উন্নত কাম-কাজৰ বাবে আমাৰ শৰীৰক এই সকলোবোৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন, কিন্তু আজিকালি ব্যস্ততাৰে ভৰা আমাৰ জীৱনশৈলী, তাৰ লগত আমাৰ শৰীৰক এই সকলোবোৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়৷ বৰ্তমান সময়ত ফিট হৈ থকাটো অতি কঠিন হৈ পৰে যেতিয়া আমি পেট ভৰাবৰ বাবে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ লগতে, সঠিক টোপনি গ্ৰহণ নকৰা আৰু সঠিক ব্যায়াম নকৰো ৷ ইয়াৰ ফলত দিনক দিনে আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে-

আজিকালি পুৰুষ-মহিলা উভয়ে সন্মুখীন হোৱা এটা সাধাৰণ সমস্যা হ’ল প্ৰজনন ক্ষমতাৰ সমস্যা ৷ যাৰ অন্যতম কাৰণ হ’ব পাৰে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ ৷ এনে ক্ষেত্ৰত ডালিম হৈছে আপোনাৰ এই সমস্যা এক মূল সমাধান ৷ ডালিম হৈছে এনে এবিধ ফল য’ত প্ৰ’টিন, ভিটামিন, কেলচিয়াম, পটাছিয়াম, আইৰণ আৰু এন্টিঅক্সিডেন্ট আদি বহুতো পুষ্টিকৰ উপাদানেৰে ভৰপূৰ ৷

সেয়ে এই সন্দৰ্ভত ড৹ দীক্ষা ভৱসৰ সাৱলিয়াই সামাজিক মাধ্যমযোগে এটা পোষ্ট শ্বেয়াৰ কৰিছে য’ত তেওঁ ডালিমৰ এই গুণৰ কথা উল্লেখ কৰিছে-

ডালিম খোৱাৰ উপকাৰিতা

  • ডালিম খালে শুক্ৰাণুৰ সংখ্যা আৰু ইয়াৰ গুণগত মান উন্নত হয় ৷ ই আফ্ৰিকান খাদ্য ৷ যাৰ ফলত যৌন ক্ষমতা বৃদ্ধি পায় ৷ প্ৰজনন সমস্যাত ভুগি থকা লোকসকলে ইয়াক সেৱন কৰাটো প্ৰয়োজনীয় ৷
  • হৰম’নৰ সমস্যাত ভুগি থকা মহিলাসকলৰ বাবেও এই ফল অতি উপকাৰী ৷ এইখিনি খালে পিচিঅ’এছ, প্ৰজনন ক্ষমতা, চুলি সৰা, ব্ৰণ আদি বহুতো সমস্যাৰ পৰা উপশম দিয়াত সহায় কৰে ৷
  • উচ্চ বি পি ৰোগীয়ে ডালিম খোৱাটো খুবেই জৰুৰী ৷ ই হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে ৷ লগতে শৰীৰত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণো ই হ্ৰাস কৰে ৷
  • ডায়েৰিয়া, ইৰিটেবল বাৱেল চিনড্ৰম বা আলচাৰেটিভ কলাইটিছ ৰোগত আক্ৰান্ত ৰোগীৰ বাবেও এই ফল অতি উপকাৰী ৷
  • এন্টিঅক্সিডেন্টযুক্ত ডালিম ফ্ৰী ৰেডিকেল আৰু প্ৰদাহৰ দৰে সমস্যাৰ সৈতে মোকাবিলা কৰাত ফলপ্ৰসূ ৷
  • আটাইতকৈ ডাঙৰ কথাটো হ’ল ই ৰক্তশৰ্কৰাও নিয়ন্ত্ৰণত ৰাখে ৷
  • এই সকলোবোৰৰ উপৰিও ডালিম খোৱাৰ ফলত হজম শক্তিও উন্নত হয়, অৰ্থাৎ এই এটা ফলৰ দ্বাৰা আপুনি শৰীৰৰ বাবে বহু উপকাৰিতা লাভ কৰিব পাৰে ৷ সেয়ে আজিয়েই আপোনাৰ খাদ্য তালিকাত ডালিমক অন্তৰ্ভুক্ত কৰক ৷

লগতে পঢ়ক:শীতকালত কমলা খোৱাৰ এই আচৰিত উপকাৰিতাসমূহ জানি লওক

ABOUT THE AUTHOR

...view details