‘নেশ্যনেল ক্ৰাছ’ ৰশ্মিকা মন্দান্নাক তেওঁৰ সৰলতা আৰু মৰমলগা হাঁহিৰ বাবে বহুলোকে পচন্দ কৰে ৷ পুষ্পা ছবিৰ দ্বাৰা খ্যাতি লাভ কৰা ৰশ্মিকাৰ বিশেষত্ব হ’ল সাধাৰণ ৰূপতো তেওঁক আকৰ্ষণীয় দেখা যায় ৷ এই কাৰণেই তেওঁৰ ফেশ্বন চেন্স খুবেই উৎকৃষ্ট ৷ পিছে, লাহে লাগে শীতকালৰ আগমণ ঘটিছে আৰু এনে সময়ত কেনেধৰণৰ সাজ-পোছাক পৰিধান কৰিব তাকে লৈ বহু মহিলাই চিন্তিত থাকে ৷ এই ঋতুত ঠাণ্ডা, আৰাম আৰু বহুতো কথা আগত ৰাখিহে সাজ-পোছাক পৰিধান কৰাটো উচিত ৷ কিন্তু এই ক্ষেত্ৰত ৰশ্মিকা মন্দান্নাৰ পৰা আপুনি কিছুমান ফেশ্বন টিপছ অনুসৰণ কৰিব পাৰে ৷
আমি আপোনালোকক ক'ম ৰশ্মিকা মন্দান্নাৰ এনেকুৱা কিছুমান শীতকালীন লুক বা আউটফিট যিবোৰ আপুনিও কঢ়িয়াই নিব পাৰে ৷ ৰশ্মিকাৰ ফেশ্বন চেন্স কপি কৰাটো সহজ কাৰণ সাধাৰণ লুকতো তেওঁক বৰ ভাল লাগে ৷
ৰশ্মিকাৰ শীতকালীন লুক
শেহতীয়াকৈ ৰশ্মিকাই এখন ছবি শ্বেয়াৰ কৰিছে য’ত তেওঁক লং জেকেট আৰু জিন্স পিন্ধি দেখা গৈছে ৷ ডিঙিত মাফলাৰ আৰু খোলা চুলিৰে সহজ ৰূপত ৰশ্মিকাক খুবেই ধুনীয়া দেখা গৈছে ৷ মেৰুণ ৰঙৰ জেকেটৰ সৈতে ৰশ্মিকাই নিজৰ লুক সম্পূৰ্ণ কৰিছে ৷ যদি আপুনি শীতকালত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি নেচনেল ক্ৰাছৰ এই লুকটোৰ পৰা অনুপ্ৰেৰণা ল’ব পাৰে ৷
পীচ ৰঙৰ লুক
প্ৰতিটো সাজ-পোছাকত ৰশ্মিকাক খুবেই সুন্দৰ দেখা যায় ৷ অভিনেত্ৰীগৰাকীৰ এই শীতকালৰ এই লুক অতি আকৰ্ষণীয় দেখা গৈছে ৷ পিচ ৰঙৰ টপ পিন্ধি অভিনেত্ৰীগৰাকীয়ে ডেনিম জিন্সৰ সৈতে যোৰা পৰিধান কৰিছে ৷ ৰশ্মিকাই ছানগ্লাছ, খোলা চুলি আৰু লাইট মেকআপেৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছে ৷ ৰশ্মিকাৰ এই সাজ-পোছাকে ষ্টাইল আৰু আৰাম দুয়োটা প্ৰদান কৰে ৷
এই লুকত ৰশ্মিকাই গাঢ় বগা ৰঙৰ কোটৰ সৈতে বাদামী ৰঙৰ চাৰ্ট আৰু পেণ্টৰ যোৰা কৰি পৰিধান কৰিছে ৷ অভিনেত্ৰীগৰাকীয়ে পনি হেয়াৰষ্টাইলৰ সৈতে লুকটো সম্পূৰ্ণ কৰিছে আৰু ছবিখনত নাৱৰ যাত্ৰা উপভোগ কৰা দেখা গৈছে ৷ যদি আপুনি শীতকালত ভ্ৰমণ কৰিবলৈ ওলাইছে, তেন্তে আপুনি ৰশ্মিকাৰ এই সাজ-পোছাকৰ পৰা প্ৰেৰণা ল’ব পাৰে ৷ যদি আপুনি ষ্টাইল আৰু কম্ফৰ্ট দুয়োটা বিচাৰে তেন্তে নিশ্চিতভাৱে ৰশ্মিকাৰ এই সহজ লুকটো ট্ৰাই কৰিব পাৰে ৷
শীতকালত এটা কথা মনত ৰাখিব যে ফেশ্বনেবল দেখাবলৈ গৈ নিজৰ কম্ফৰ্ট পাহৰি নাযাব ৷ এনে কাপোৰ পৰিধান কৰক যি ফেশ্বনেবল হোৱাৰ লগতে আপোনাৰ শৰীৰে আৰামো অনুভৱ কৰে কাৰণ অধিকাংশ মহিলাই ফেশ্বন বা ষ্টাইলৰ প্ৰতি থকা হেঁপাহত এনে ভুল কৰে যাৰ ফলত তেওঁলোকৰ সমস্যা অধিক বাঢ়ি যায় ৷ এনে কৰাৰ পৰা বিৰত থাকক ৷
লগতে পঢ়ক:Fenugreek Seeds For Pregnant Women: গৰ্ভধাৰণ কৰা-স্তনপান কৰোৱা মহিলাসকলে কিয় মেথি গুটি খাব লাগে ?