অসম

assam

ETV Bharat / sukhibhava

একাধিক প্ৰ’টিন যুক্ত খাদ্য একেলগে খাই উচ্চ ৰক্তচাপ হ্ৰাস কৰিব পাৰে আপুনি - উচ্চ ৰক্তচাপ

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ উপায় বিচাৰি ফুৰিছে নেকি আপুনি ? এটা নতুন গৱেষণাত প্ৰকাশ পাইছে যে বিভিন্ন প্ৰ’টিন যুক্ত খাদ্যৰ সৈতে নিয়মীয়াকৈ সঠিক পৰিমাণত আহাৰ গ্ৰহণ কৰিলে উচ্চ ৰক্তচাপৰ সম্ভাৱনা নাইকিয়া কৰিব পাৰি ( tips to lower high blood pressure) ৷

lower BP
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ উপায় বিচাৰি ফুৰিছে নেকি আপুনি ?

By

Published : Mar 12, 2022, 5:13 PM IST

হাইপাৰটেনছন বা উচ্চ ৰক্তচাপ হৃদৰোগৰ অন্যতম মুখ্য কাৰণ । যেতিয়া ইয়াৰ সঠিক মতে চিকিৎসা কৰা নহয়, তেতিয়াই ই ঘাটকৰ ৰূপ ল’ব পাৰে ৷ হৃদৰোগ, ষ্ট্ৰ’ক আৰু দেহৰ অন্যান্য বিভিন্ন ৰোগৰ বাবে উচ্চ ৰক্তচাপেই হ’ল মুখ্য কাৰক ।

হাইপাৰটেনছন শীৰ্ষক এখন জাৰ্নেলত প্ৰকাশিত সমীক্ষা এটাই দেখুৱাইছিল যে যিসকল লোকে চাৰিটা বা তাতোতকৈ অধিক প্ৰ’টিন যুক্ত খাদ্য যেনে শস্য, পৰিশোধিত শস্য, সংসাধিত ৰেডমীট, সংসাধিত নোহোৱা ৰেডমীট, কুকুৰা, মাছ, কণী আৰু মাহজাতীয় শস্য আদি গ্ৰহণ কৰে তেওঁলোকৰ উচ্চ ৰক্তচাপৰ বিপদাশংকা দুটাতকৈ কমকৈ প্ৰ’টিন যুক্ত খাদ্য গ্ৰহণ কৰা লোক সকলৰ তুলনাত 66 শতাংশ কম আছিল ( tips to lower high blood pressure) ।

চীনৰ গুয়াংঝৌ অৱস্থিত চাউদাৰ্ণ চিকিৎসা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নান্ফাং চিকিৎসালয়ৰ নেশ্যনেল ক্লিনিকেল ৰিচাৰ্ছ চেণ্টাৰ ফ’ৰ কিডনী ডিজিজ বিভাগৰ এমডি জিয়ানহুই কিনে কয় "পুষ্টি হৈছে উচ্চ ৰক্তচাপৰ বিৰুদ্ধে যুঁজিবলৈ এক উত্তম উপায় ( nutrition to lower blood pressure) । চৰ্বি আৰু কাৰ্ব’হাইড্ৰেটৰ সৈতে প্ৰ'টিন হৈছে তিনিটা মৌলিক মাইক্ৰ’নিউট্ৰিয়েণ্টছ্" ৷

নিম্ন মানদণ্ডৰ আহাৰ আৰু বৰ্ধিত হৃগৰোগৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে ৷ মানুহৰ মৃত্যুৰ সংখ্যাও এই হৃগৰোগজনিত কাৰণতে বহুত বৃদ্ধি পোৱা দেখা গৈছে ৷ দ্য় আমেৰিকান হাৰ্ট এচ’চিয়েছনে 2021 বৰ্ষৰ নিজৰ ডায়েটেৰী গাইডেন্সৰ সংস্কৰণটোত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নতিকৰণৰ বাবে মানুহক প্ৰ’টিন যুক্ত খাদ্য খোৱাৰ পৰামৰ্শ দিছিল ৷ বিশেষকৈ শাক-পাচলি, সাগৰীয় খাদ্য, কম চৰ্বি যুক্ত বা চৰ্বি মুক্ত দুগ্ধজাত সামগ্ৰী খোৱাৰ কথা কৈছিল AHA এ ৷ প্ৰয়োজন অনুসৰি সংসাধিত নোহোৱা মাংস খোৱাৰ কথাও কৈছিল সংস্থাটোৱে ৷ AHA এ দৈনিক এটাৰ পৰা প্ৰ’টিন যুক্ত খাদ্য খোৱাৰ পৰামৰ্শ দিছিল ৷

অধ্যয়নটোৰ লেখকসকলে চীনত বাস কৰা প্ৰায় 12,200 প্ৰাপ্তবয়স্ক লোকসকলক লৈ এই স্বাস্থ্য সম্পৰ্কীয় তথ্য বিশ্লেষণ কৰিছিল ৷ 1997 চনৰ পৰা 2015 চনলৈকে চীনত চলা চীন স্বাস্থ্য আৰু পুষ্টি জৰীপৰ 7 টা পৰ্যায়ৰ কমেও 2 টা পৰ্যায়ৰ অংশ আছিল এইলোকসকল ৷

অংশগ্ৰহণকাৰীসকলক 8 টা প্ৰ'টিনযুক্ত খাদ্যৰ উৎসৰ ভিতৰত বিভিন্ন উৎসৰ সংখ্যাৰ ওপৰত আধাৰিত কৰি এক প্ৰ'টিন "variety score" দিয়া হৈছিল: সম্পূৰ্ণ শস্য, পৰিশোধিত শস্য, প্ৰচেচড্ ৰেড মীট, আন প্ৰচেচড্ ৰেড মীট, কুকুৰা, মাছ, কণী আৰু মাহজাতীয় শস্য আদি আছিল এই পৰীক্ষাৰ উৎস । তাৰ পিছত গৱেষকসকলে প্ৰ'টিনৰ প্ৰকাৰৰ নম্বৰৰ ওপৰত ভিত্তি কৰি উচ্চ ৰক্তচাপৰ সৈতে ইয়াৰ সম্পৰ্ক বিশ্লেষণ কৰে । এই বিশ্লেষণত পোৱা গৈছে:

1.প্ৰায় 12,200 জন অংশগ্ৰহণকাৰীৰ 35% ৰো অধিকৰ শৰীৰত এই সময়চোৱাত নতুনকৈ আৰম্ভ হোৱা উচ্চ ৰক্তচাপ বিকশিত হৈছিল।

2.প্ৰ'টিন গ্ৰহণৰ বাবে নিম্নতম প্ৰকাৰৰ নম্বৰ থকা অংশগ্ৰহণকাৰীসকলৰ তুলনাত (2-তকৈ কম), সৰ্বাধিক প্ৰকাৰৰ নম্বৰ (4 বা অধিক) থকা লোকসকলৰ উচ্চ ৰক্তচাপ হোৱাৰ আশংকা 66% কম আছিল।

3. 8 টা প্ৰ'টিনপ্ৰকাৰৰ প্ৰতিটোৰ বাবে, ব্যৱহাৰৰ পৰিমাণৰ এক স্তৰ আছিল য'ত উচ্চ ৰক্তচাপ হোৱাৰ আশংকা কম দেখা গৈছিল । গৱেষকসকলে এইটো ব্যৱহাৰৰ উপযুক্ত স্তৰ বুলি বৰ্ণনা কৰিছিল।

4.যেতিয়া প্ৰ'টিন গ্ৰহণৰ মুঠ পৰিমাণ বিবেচনা কৰা হৈছিল, প্ৰ’টিন ব্যৱহাৰৰ পৰিমাণক পাঁচটা শ্ৰেণীত (কুইণ্টাইল) বিভক্ত কৰা হৈছিল, ইয়াত অতি ক’ম প্ৰ’টিন গ্ৰহণ কৰাৰ পৰা বেছিকৈ গ্ৰহণ কৰা সকলো অন্তৰ্ভুক্ত আছিল । যিসকল লোকে মুঠ প্ৰ'টিনৰ পৰিমাণত ক’মকৈ প্ৰ’টিনযুক্ত আহাৰ খাইছিল আৰু যিসকলে আটাইতকৈ বেছি প্ৰ'টিনযুক্ত আহাৰ খাইছিল তেওঁলোকৰ উচ্চ ৰক্তচাপৰ নতুন আৰম্ভণিৰ আশংকা সৰ্বাধিক আছিল ৷

লগতে পঢ়ক:হৃদৰোগ অথবা হৃদক্ৰিয়াজনিত ৰোগত আক্ৰান্তৰ অধিকসংখ্যকেই মৃত্যুমুখত পৰাৰ সম্ভাৱনা অধিক

ABOUT THE AUTHOR

...view details