উৎসৱৰ বতৰত ভাৰতীয় ঘৰত বহু ধৰণৰ ব্যঞ্জন আৰু সুস্বাদু খাদ্য প্ৰস্তুত কৰা হয় ৷ পিচে ব্যঞ্জন অবিহনে আমাৰ উৎসৱবোৰো যেন অসম্পূৰ্ণ ৷ উৎসৱৰ বতৰত আমাৰ ঘৰত সন্ধিয়াৰ সময়ত বহু ধৰণৰ বস্তু প্ৰস্তুত কৰা হয় যদিও বহুলোকে বাহিৰৰ পৰাও বহু ধৰণৰ সন্ধিয়া খাব পৰা খাদ্য ক্ৰয় কৰে ৷ কিন্তু বজাৰৰ পৰা অনা এই খাদ্যবোৰত চেনি আৰু ছ’ডিয়ামৰ পৰিমাণ যথেষ্ট বেছি ৷ ইয়াক গ্ৰহণ কৰিলে কলেষ্টেৰল বৃদ্ধি আৰু ৰক্তচাপ (বি পি) বৃদ্ধিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷
কিন্তু এই উৎসৱৰ বতৰত আপোনাৰ স্বাস্থ্যৰ কথা মনত ৰাখি আমি লৈ আহিছো সন্ধিয়া খাব পৰা কিছুমান সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ খাদ্য ৷ এই খাবলৈ সুস্বাদু হোৱাই নহয়, আমাৰ স্বাস্থ্যৰ বাবেও অতি লাভদায়ক ৷ স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে, উৎসৱৰ বতৰত আমি আমাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত ৷
এই সন্দৰ্ভত ডায়েটিচিয়ানে কয় যে উৎসৱৰ বতৰত এনে বহুতো চৰ্বিমুক্ত আহাৰ বা স্নেকছ থাকে যিবোৰ খাবলৈ অতি স্বাস্থ্যকৰ ৷ গতিকে এই উৎসৱৰ বতৰত কোনবোৰ স্বাস্থ্যকৰ সন্ধিয়াৰ আহাৰ খাব লাগে জানি লও আহক ৷
কেৰট ষ্টিকছ
ডায়েটিচিয়ানে কয় যে উৎসৱৰ সময়ত বেছিকৈ চেচুৰেটেড ফেট খোৱাৰ পৰিৱৰ্তে সতেজ ফল-মূল, দৈ, এয়াৰ পপড পপকৰ্ণ বা খৰখৰীয়া গাজৰ বা কেৰট ষ্টিকছ পদিনা চাটনি-দৈত ডুবাই খাওক ৷ ই অধিক স্বাস্থ্যকৰ ৷ ই পুষ্টিকৰ উপাদানেৰে ভৰপূৰ আৰু স্বাস্থ্যৰ বাবেও উপকাৰী ৷ ইয়াৰ লগতে ইহঁতে শৰীৰক শক্তি প্ৰদান কৰে ৷
মাখানা-বাদামৰ ভেল