অসম

assam

ETV Bharat / sukhibhava

Wedding Food: বিয়াত হেপাঁহ পলুৱাই খাওক এইসমূহ ব্যঞ্জন, নাবাঢ়ে ওজন - Latest health news

সাধাৰণতে বিয়াত প্ৰস্তুত কৰা খাদ্য তেলীয়া হয় আৰু যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰা বাবে বহুলোকে এই খাদ্যসমূহ পৰিহাৰ কৰে । চিন্তা নকৰিব কাৰণ আজি আমি আপোনালোকক এনে কিছুমান খাদ্যৰ বিষয়ে ক'ম, যিসমূহ আপুনি বিয়াত খাইও ফিট হৈ থাকিব পাৰিব ।

Eat these foods in weddings weight will not increase
বিয়াত হেপাঁহ পলুৱাই খাওক এইসমূহ ব্যঞ্জন, নাবাঢ়ে ওজন

By

Published : Nov 27, 2022, 4:48 PM IST

আকৌ আহিল বিয়াৰ বতৰ । ভাৰতৰ কথা ক’বলৈ গ’লে ইয়াত সুন্দৰ তথা ৰয়েল ডেক'ৰেশ্বন আৰু বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন অবিহনে বিয়াবোৰ অসম্পূৰ্ণ বুলি গণ্য কৰা হয়(Eat these foods in weddings) ।

এতিয়া বিয়াৰ মেনুবোৰো লাহে লাহে সলনি হৈ আহিছে । সাধাৰণতে বিয়াত প্ৰস্তুত কৰা খাদ্য তেলীয়া হয় আৰু যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতিসাধন কৰা বাবে বহুলোকে এই খাদ্যসমূহ পৰিহাৰ কৰে । চিন্তা নকৰিব কাৰণ আজি আমি আপোনালোকক এনে কিছুমান খাদ্যৰ বিষয়ে ক'ম, যিসমূহ আপুনি বিয়াত খাইও ফিট হৈ থাকিব পাৰিব(Wedding Food) ।

ফলৰ চালাড

বিয়াত ফলৰ চালাডৰ ধাৰা বহু পৰিমাণে বৃদ্ধি পাইছে আৰু ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰা লোকসকলৰ বাবে ই এক উত্তম খাদ্য বিকল্প । আজিকালি ফলৰ চালাডৰ অৰ্থ কেৱল আপেল, অমিতা বা তৰমুজ নহয়, ড্ৰেগন ফ্ৰুটৰ দৰে সকলো দামী ফলো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে । বিয়াত ভোকত থকাতকৈ পেট ভৰাই ফলৰ চালাড খোৱাই ভাল ।

পানীৰ বা চিকেন টিক্কা

যদি আপোনাৰ আন এটা স্বাস্থ্যকৰ জলপানৰ বাবে পেটত ঠাই আছে তেন্তে পানীৰ বা চিকেন টিক্কা খাই চাওক । এয়া খাবলৈ সৰ্বোত্তম বিকল্প আৰু যদি আপুনি ইয়াক অধিক স্বাস্থ্যকৰ কৰিব বিচাৰে তেন্তে চেফক ইয়াত তেল বা মাখন প্ৰয়োগ নকৰিবলৈ কওক ।

ৰোষ্টেড শুকান ফলৰ চাট

যদি বিয়াত Roasted Dry Fruit Chaatৰ কাউণ্টাৰ দেখা পায়, তেন্তে খাওক । এইটো এটা ছুপাৰ হেল্ডী স্নেক হ'ব, যিটো আপুনি একেবাৰেই এৰি দিয়া উচিত নহয় । ইয়াত কিচমিচ, কাজু, ডালিম, বিভিন্ন গুটি, পিষ্টা, আনকি মাখানাৰ স্বাস্থ্যসন্মত মিশ্ৰণ থাকে ।

ৰসগোল্লা

যদি আপুনি মিঠাইৰ প্ৰতি আকৰ্ষিত নহয় তেন্তে আমি আপোনাক মিঠাই এৰিবলৈ নকওঁ । বিবাহত মিঠাই নাথাকিব এয়া কেতিয়াও সম্ভৱ নহয় । কিন্তু ইয়াৰ পৰিৱৰ্তে আপুনি ব্ৰাউনি বা ৰসগোল্লা খাব পাৰে কাৰণ ই আপোনাৰ বাবে কম ক্ষতিকাৰক হ’ব পাৰে ।

বাদাম গাখীৰ

আপুনি ভাবিব যে বাদাম গাখীৰ অতি হেভী আৰু ই আপোনাৰ পেটটো গধুৰ কৰি তুলিব, কিন্তু ই অতি স্বাস্থ্যকৰ, অধিক প্ৰটিনযুক্ত তথা ই কম কেলৰিযুক্ত।

লগতে পঢ়ক:শীতকালত উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী

ABOUT THE AUTHOR

...view details