অসম

assam

ETV Bharat / sukhibhava

Health Tips: ডায়েবেটিছৰ পৰা আৰম্ভ কৰি ৰক্তচাপ নিয়ন্ত্ৰণলৈকে উপকাৰী এইবিধ ফল - Anjeer for health

সুস্থ হৈ থাকিবলৈ কেৱল ৰুটি বা শাক-পাচলি নহয়, আন আন বস্তু খোৱাটোও জৰুৰী । ইয়াত আমি আপোনালোকক জনাবলৈ ওলাইছো এনে এবিধ ফলৰ বিষয়ে যাৰ অনেক স্বাস্থ্য উপকাৰিতা আছে ৷ জানো আহক এইফল বিধনো কি আৰু ইয়াৰ কিছু উপকাৰিতা-

Eat so many figs in a day you will get many benefits including controlling sugar
ডায়েবেটিছৰ পৰা আৰম্ভ কৰি ৰক্তচাপ নিয়ন্ত্ৰণলৈকে উপকাৰী এইবিধ ফল

By

Published : Dec 7, 2022, 12:37 PM IST

সুস্থ হৈ থাকিবলৈ কেৱল ৰুটি বা শাক-পাচলি নহয়, আন আন বস্তু খোৱাটোও জৰুৰী । ইয়াত আমি আপোনালোকক জনাবলৈ ওলাইছো এনে এবিধ ফলৰ বিষয়ে যাৰ অনেক স্বাস্থ্য উপকাৰিতা আছে ৷ জানো আহক এইফল বিধনো কি আৰু ইয়াৰ কিছু উপকাৰিতা-

আমি সকলোৱে জানো যে ফল আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী(Anjeer for health) ৷ ফলে আমাৰ শৰীৰটো সজীৱ কৰি ৰাখে ৷ তথা বিভিন্ন ৰোগৰ সৈতে মোকাবিলা কৰাত সহায় কৰে ৷ ডিমৰু, বহু স্বাস্থ্যজনিত সমস্যাৰ উপায় হৈছে ডিমৰু ৷ বহুলোকে হয়তো এইবিধ ফলৰ সোৱাদ এতিয়াও লোৱা নাই ৷ কিন্তু এই প্ৰতিবেদনত উল্লেখিত লাভালাভসমূহ জানিলে আপুনি হয়তো এইবিধ ফল নোখোৱাকৈ থাকিব নোৱাৰিব ৷ তেনেহ'লে জানো আহক ডিমৰুৰ লাভালাভৰ বিষয়ে ৷

ডায়েবেটিছৰ পৰা আৰম্ভ কৰি ৰক্তচাপ নিয়ন্ত্ৰণলৈকে উপকাৰী এইবিধ ফল
  1. টাইপ ১ ডায়েবেটিছ নিয়ন্ত্ৰণ: বিশেষজ্ঞসকলে কয় যে, ডিমৰুৰ এনে গুণকাৰী ফল যিয়ে টাইপ ১ ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী । টাইপ ১ ডায়েবেটিছ নিয়ন্ত্ৰণত ডিমৰু পাতৰ চাহ অতি ফলপ্ৰসূ(figs health benefits for diabetes)। ইয়াক খালে বা পান কৰিলে শৰীৰত ব্লাড চুগাৰৰ মাত্ৰা ঠিকেই থাকে ।
  2. ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে: ডিমৰুত প্ৰ'টিন, উৰ্জা, কাৰ্বহাইড্ৰেট, কেলচিয়াম, ফছফৰাছ, পটাছিয়াম, ফ’লেট, মেগনেছিয়াম আদি উপাদান থাকে । যদি আপুনি ইয়াক দৈনিকভাৱে গ্ৰহণ কৰে তেন্তে ই High BP নিয়ন্ত্ৰণত ৰখাত সহায় কৰে(Figs for Maintains blood pressure properly) । প্ৰতিদিনে খালী পেটত তিয়াই থোৱা ডিমৰু আৰু ইয়াৰ পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে(Figs health benefits)।
  3. ওজন হ্ৰাস: আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচনত প্ৰকাশিত এক অধ্যয়ন অনুসৰি উচ্চ আঁহযুক্ত খাদ্যই অতিৰিক্ত চৰ্বি হ্ৰাস কৰাত সহায় কৰে । যদি আপুনি ওজন কমাব বিচাৰে তেন্তে দৈনিক ২ৰ পৰা ৩ টা ডিমৰু খোৱাটো উচিত(figs for weight loss)।
  4. পাচনতন্ত্ৰক মজবুত কৰক:পুষ্টিবিদৰ মতে, ডিমৰুত আঁহৰ পৰিমাণ অতি বেছি, যাৰ বাবে হজম শক্তি ঠিকেই থাকে । এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ ডিমৰুত সুৰক্ষামূলক এন্টিঅক্সিডেন্ট গুণো আছে যিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে (Figs for Strengthen the digestive system)।

লগতে পঢ়ক:Covid-19: RITৰ বিজ্ঞানীৰ মতে এতিয়াও কমা নাই ক'ভিডৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details