ফল-মূল খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, ই আমাৰ স্বাস্থ্য সম্বন্ধীয় বহু সমস্যা আৰু ৰোগ নিৰাময় কৰাত সহায় কৰে ৷ দৈনিক ফল-মূল সেৱন কৰাটো অতি প্ৰয়োজনীয়, যাৰ বাবে আমাৰ শৰীৰ বহুতো পুষ্টিকৰ উপাদানৰে ভৰি থাকে ৷ সেয়ে দিনটোৰ আৰম্ভণি আপুনি সদায় কেৱল ফল-মূলৰ সৈতেহে কৰিব লাগে ৷ যাৰ বাবে গোটেই দিনটো আপোনাৰ শৰীৰটো শক্তিৰে ভৰি থাকে ৷
বহুতে মধুৰিআম খাবলৈ ভাল পায় ৷ ইয়াক খালে বহু সমস্যাৰ পৰা উপশম পোৱা যায় ৷ খালী পেটত সেৱন কৰিলে বহু উপকাৰিতা সাধন হয় ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ইয়াক সেৱন কৰিব পাৰে ৷
যদি আপুনি কোষ্ঠকাঠিন্যত ভুগিছে তেন্তে পুৱা খালী পেটত আপুনি নিশ্চয়কৈ মধুৰিআম খোৱাটো উচিত ৷ ইয়াৰ ফলত আপোনাৰ পেটে যথেষ্ট সকাহ লাভ কৰাই নহয় বৰঞ্চ আপোনাৰ পেটৰ ভিতৰৰ মলিও সহজে আঁতৰি যাব ৷