নিয়মীয়া চিগাৰেটতকৈ ই-চিগাৰেট শৰীৰৰ বাবে কম ক্ষতিকাৰক বুলি বহুতে বিশ্বাস কৰে । এই ভ্ৰান্ত ধাৰণাটোৰ বাবেই ই-চিগাৰেট সমগ্ৰ বিশ্বতে যুৱক-যুৱতীসকলৰ পছন্দৰ বিষয় হৈ পৰিছে। কিন্তু তেনেকৈ ভবাটো সম্পূৰ্ণ ভুল(E cigarette health hazards)। ই-চিগাৰেটৰ এৰ’ছলৰ সংস্পৰ্শলৈ আহিলে হাৰ্ট এটেক হ’ব পাৰে বুলি ভাৰতীয় গৱেষকসকলকে ধৰি আমেৰিকাৰ এক নতুন অধ্যয়নকাৰী দলে প্ৰকাশ কৰিছে এই তথ্য(E cigarette affects human health) ।
নেচাৰ কমিউনিকেচনত প্ৰকাশিত লুইছভিল বিশ্ববিদ্যালয়ৰ গৱেষক ক্ৰীষ্টিনা লী ব্ৰাউন এনভাইৰম ইনষ্টিটিউটৰ গৱেষকৰ এক অধ্যয়নত দেখা গৈছে যে ই-চিগাৰেট কিছুমান ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে এৰিথমিয়া আৰু হৃদৰোগৰ সৃষ্টি কৰে(E cigarette on immune system) ।
সহকাৰী অধ্যাপক এলেক্স কাৰ্লে কয় যে, "আমাৰ তথ্যই দেখুৱাইছে যে ই-চিগাৰেটৰ সৈতে হ্ৰস্বম্যাদী সংস্পৰ্শলৈ আহিলে ই-লিকুইডত থকা কিছুমান ৰাসায়নিক পদাৰ্থৰ বাবে হৃদযন্ত্ৰৰ ছন্দত ব্যাঘাত জন্মিব পাৰে(Cardiac arrest) । ই-লিকুইডত কিছুমান বিশেষ সোৱাদ বা দ্রাৱক থাকে যিয়ে হৃদযন্ত্ৰৰ বৈদ্যুতিক পৰিবাহিতাত ব্যাঘাত জন্মাব পাৰে ।" আৰু এৰিথমিয়া (হৃদৰোগ)ৰ সৃষ্টি কৰিব পাৰে(side effects e cigarettes) ।"