অসম

assam

ETV Bharat / sukhibhava

পূজা সমাগত: জানক দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব - দুৰ্গাৰ অৰ্থ

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ । দুৰ্গোৎসৱক সাধাৰণতে নৱৰাত্ৰি বুলিও জনা যায় ৷ এই পবিত্ৰ ক্ষণত জানো আহক দেৱী দূৰ্গা তাৎপৰ্য আৰু দুৰ্গোৎসৱৰ ইয়াৰ সঠিক সময় ৷

Durga Puja celebration timing and Significance of Durga Puja
পূজা সমাগত: জানক দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

By

Published : Sep 25, 2022, 1:48 PM IST

Updated : Sep 25, 2022, 3:31 PM IST

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ । দুৰ্গা পূজাক সাধাৰণতে নৱৰাত্ৰি বুলিও জনা যায় ৷ নৱৰাত্ৰি শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় আৰু দশমী তিথিত দেৱীৰ বিৰ্সজন হয়, ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয় । নৱৰাত্ৰিৰ ভিন্ন ভিন্ন আখ্যান আৰু বিভিন্ন পূজা বিধি মাৰ্কণ্ডেয় পূৰাণ, ব্ৰহ্মবৈৱৰ্ত পূৰাণ, দেৱী ভাগৱত, কালিকা পুৰাণ আদি প্ৰাচীন পুথিত পোৱা যায়(Durga Puja celebration time and Significance of Durga Puja) । ইতিমধ্যে মহালয়াৰ পবিত্ৰ ক্ষণত দেৱীৰ মত্যলৈ আগমনৰ লগে লগে আৰম্ভ হৈছে নৱৰাত্ৰি ব্ৰত ।

পূজা সমাগত: জানক দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব

ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে । ভাৰতৰ পশ্চিমবংগ, অসম(Durga puja celebration in Assam) ত্ৰিপুৰা বিহাৰ ঝাৰখাণ্ড আৰু উৰিষ্যাত দুৰ্গাপূজা সৰ্বাধিক জাকত জিলিকা হয় আৰু ৫ দিন যোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয় । বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে ।

পূজাৰ এই পৱিত্ৰ অনুষ্ঠানত ধূপ-ধূনা আৰু হোমৰ গোন্ধ, ডবা,কাহ, শংখ,ঘণ্টাৰ সন্মিলিত সময়ে মানুহৰ অন্তৰে অন্তৰে স্বৰ্গীয় পৱিত্ৰতা সানি দিয়েহি । হিংসা, দ্বেষ,কপটতা বিসর্জন দি ভক্তসকলে দেৱীৰ চৰণত মূৰদোৱাই শক্তি, বিদ্যা বুদ্ধি, ঐশ্বর্যবিভূতি কামনা কৰে । মানুহেৰে উদুলি-মুদুলি পূজামণ্ডপ যেন বৈকুণ্ঠধামত পৰিণত হয় ।

  • পূজাৰ সময় আৰু অনুষ্ঠান(Timing of Durga Puja)

শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয় । চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত । সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠ তম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ । এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত । এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় । পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা হয় । আৰু পুৰ্ণিমাৰ দিনাক লক্ষ্মী পূজাৰ দিন হিচাপে গণ্য কৰা হয় ।

সপ্তমী, অষ্টমী আৰু নৱমী এই তিনিটা তিথিত দেৱীৰ ভক্তসকলে পুৰােহিতৰ পৰিচালনাত ষােড়শােপচাৰে দেৱীক পূজা কৰি ভক্তি অঞ্জলি প্রদান কৰে । অষ্টমী আৰুনৱমী তিথিৰ সন্ধিক্ষণত যি বিশেষ পূজা অনুষ্ঠিত হয়, তাক সন্ধি পূজা বোলে । দশমী তিথিত দেৱী বন্দনা আৰু আৰাধনাৰ সকলাে কাম সমাপ্ত হয় আৰু দেৱীক বিসর্জন দিয়া হয় । নানা বাদ্য-ভাণ্ডাৰে শোভাযাত্রা কৰি কোনো নদী বা জলাশয়ত প্রতিমা উটুৱাই দিয়া হয় ।

এইবাৰৰ দূৰ্গা পূজাৰ ষষ্ঠ দিনৰ আৰম্ভণিৰ সময় ৩০ ছেপ্টেম্বৰ, শুকুৰবাৰ নিশা ১০ বাজি ৩৮ মিনিট ৯ ছেকেণ্ড পৰা আৰম্ভ কৰি ৫ অক্টোবৰ, বুধবাৰ ১১ বাজি ৯ মিনিট ৫২ ছেকেণ্ডত দশম তিথিৰ অন্ত পৰিব ৷

পূজা সমাগত: জানক দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব
  • মূৰ্তি সমূহ(The idols)

দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায় । এই মূৰ্তিসমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক । কলিকতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰী পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল ।

  • দূৰ্গা পূজাৰ তাৎপৰ্য(Significance of Durga Puja)

দুর্গাপূজা চাৰিদিনতে সমাপ্ত হয়; তাতকৈ বেছিদিন পূজা নহয় । ইয়াৰ এটা অন্তর্নিহিত লৌকিক কাহিনী বঙালীসকলৰ মাজত প্ৰচলিত আছে । হিমালয়ৰ কন্যা উমাই (দুর্গাই) বিবাহৰ বহু বছৰৰ পাছত পুত্রকন্যা সমন্বিতে মাত্র তিনিদিনৰ বাবেহে পতি-গৃহৰপৰা পিতৃগৃহলৈ আহিছিল আৰু মাতৃ-মেনকাক কন্দুৱাই চতুর্থদিনাই পুনৰ পতি-গৃহলৈ গমন কৰিছিল । সেইবাবেই পূজাৰ চতুর্থ দিনা দেৱীৰ বিসর্জন হয় । বঙালীসকলৰ পাৰ্বিাৰিক জীৱনতাে এই কাহিনীৰ সামঞ্জস্য তেওঁলােকে দেখিবলৈ পায় । বিবাহিতা কন্যাৰ পিতৃ-গৃহলৈ আগমনত অন্যান্যসকলৰ লগতে মাতৃৰ অন্তৰ আনন্দত উদ্বেলিত হৈ উঠে। সেইদৰে স্বামী-গৃহলৈ প্রত্যাগমনৰ দিনা বিদায়বেলাত মাতৃৰ অন্তৰেই আটাইতকৈ বেদনাসিক্ত হৈ পৰে; অঞনীৰে বেদনা-সাগৰ পূৰ্ণ হৈ যায়;এইসাদৃশ্যই, সামঞ্জস্যই দুর্গাপূজাক বঙালীসকলৰ অতি দৰদৰ, অতি মৰমৰ প্ৰাণৰ আপােন কৰি তুলিছে ।

পূজা সমাগত: জানক দূৰ্গা পূজাৰ তাৎপৰ্য আৰু মহত্ব
  • দুৰ্গাৰ অৰ্থ(Meaning of Durga)

‘দ’-আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক । অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা । দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি । পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে তেখেতৰে শক্তিৰে এই সৃষ্টিৰ সৃজন, পালন-পোষণ আৰু সংহাৰ কৰে । আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ । শাস্ত্ৰত বৰ্ণনা কৰা মতে সেইসমূহৰ নাম হ’ল –

১.শৈলপুত্ৰী, ২.ব্ৰহ্মচাৰিণী, ৩.চন্দ্ৰঘণ্টা, ৪.কুষ্মাণ্ডা, ৫.স্কন্দমাতা, ৬.কাত্যায়নী, ৭.কালৰাত্ৰি, ৮.মহাগৌৰী, ৯.সিদ্ধিদাত্ৰী ।

লগতে পঢ়ক:Durga puja special: দূৰ্গা পূজালৈ বুলি পুৰুষ-মহিলাই কিদৰে ল'ব ছালৰ যতন

Last Updated : Sep 25, 2022, 3:31 PM IST

ABOUT THE AUTHOR

...view details