অসম

assam

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 3:13 PM IST

ETV Bharat / sukhibhava

Zinc Deficiency: জিংকৰ অভাৱত দুৰ্বল হৈ পৰিব পাৰে আপোনাৰ শৰীৰ; ইয়াৰ পৰা হাত সাৰিবলৈ খাওক এই ৪বিধ খাদ্য

জিংকক এক অপৰিহাৰ্য পুষ্টিকৰ উপাদান বুলি গণ্য কৰা হয় । শৰীৰত ইয়াৰ অভাৱ হ’লে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে । এনে পৰিস্থিতিত আপোনাৰ শৰীৰত ইয়াৰ অভাৱ দূৰ কৰিবলৈ আপুনি কি কি খাদ্য গ্ৰহণ কৰিব পাৰে বিশেষজ্ঞৰ পৰা জানি লওক....

Due to zinc deficiency, your body can become completely weak, eat these 4 foods to avoid it
জিংকৰ অভাৱত দুৰ্বল হৈ পৰিব পাৰে আপোনাৰ শৰীৰ; ইয়াৰ পৰা হাত সাৰিবলৈ খাওক এই ৪বিধ খাদ্য

আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বিভিন্ন পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যাৰ ভিতৰত জিংকো অতি গুৰুত্বপূৰ্ণ ৷ যদি এই পুষ্টিকৰ উপাদানৰ অভাৱ হয় তেন্তে আপোনাৰ শৰীৰটো অতি দুৰ্বল হৈ পৰিব আৰু বহু ৰোগৰ সংক্ৰমণো হ’ব পাৰে ৷ আমাৰ শৰীৰত জিংক নিজাববীয়াকৈ উৎপন্ন নহয় ৷ ইয়াৰ বাবে কিছুমান বিশেষ বস্তু দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব ৷ এই সন্দৰ্ভত বিশেষজ্ঞই কোনবোৰ খাদ্য খালে আমি প্ৰচুৰ পৰিমাণে জিংক লাভ কৰিব পাৰো এই সন্দৰ্ভত বিৱৰি ক’লে এনেদৰে ৷

জিংকৰ অভাৱত হোৱা সমস্যা

  • ওজন কমি যোৱা
  • দুৰ্বল অনুভৱ কৰা
  • মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ
  • চুলি সৰা
  • ঘাঁ ভাল হোৱাত পলম হোৱা
  • ভোক কমি যোৱা
  • সোৱাদ আৰু গোন্ধ কমি যোৱা
  • সঘনাই ডায়েৰিয়া হোৱা

জিংক সমৃদ্ধ খাদ্য

১/ কণীৰ কুহুম

কণীৰ হালধীয়া অংশটোক কুহুম বুলি কোৱা হয়, কিছুমান মানুহে কণীৰ কুহুমটো পৃথক কৰি কেৱল প্ৰ’টিন পাবলৈ খায় ৷ কুহুম খালে জিংকৰ বাহিৰে শৰীৰত আঁহ, ভিটামিন B6, ভিটামিন B12, থাইয়ামিন, ফলেট, পেন্থনিক এচিড, কেলচিয়াম, আইৰণ আৰু ফছফৰাছ আদি উপাদান পোৱা যায় ৷

২/ দৈ

আমি দৈ খাদ্যৰ সৈতে দৈ সেৱন কৰো কাৰণ ইয়াত ভাল বেক্টেৰিয়া থাকে যিয়ে হজম শক্তি সুস্থ কৰি ৰাখে আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে ৷ ইয়াৰ উপৰিও এইবিধ গাখীৰৰ সামগ্ৰীতো জিংক থাকে ৷

৩/ নহৰু

বহুতে হয়তো নহৰুৰ গোন্ধ ভাল নাপাব পাৰে, কিন্তু ই জিংকৰ এক প্ৰধান উৎস ৷ ইয়াক গ্ৰহণ কৰিলে শৰীৰে ভিটামিন A, ভিটামিন B, ভিটামিন C, আইৰণ, পটাছিয়াম, মেগনেছিয়াম আৰু আয়’ডিন আদি উপাদান লাভ কৰে ৷

৪/ কাজু

কাজু এবিধ শুকান ফল যিটো বহুতে খাবলৈ ভাল পায় ৷ জিংকৰ বাহিৰেও ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন A, ভিটামিন K আৰু ফলেট থাকে ৷ বিশেষকৈ শীতকালত ইয়াক বেছিকৈ খোৱা হয় ৷

লগতে পঢ়ক:Diwali 2023: গৰ্ভাৱস্থাত ফটকা ফুটুওৱাটো সুৰক্ষিত নে ? জানক কি কি ক্ষেত্ৰত গৰ্ভৱতী মহিলাই গুৰুত্ব দিয়া উচিত

ABOUT THE AUTHOR

...view details