ডায়েবেটিছ বা মধুমেহ ৰোগীৰ জীৱন আনতকৈ যথেষ্ট কঠিন, কাৰণ তেওঁলোকে সদায় নিজৰ ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাক লৈ চিন্তিত থাকে ৷ মধুমেহ ৰোগীৰ বৃক্ক ৰোগ, হাৰ্ট এটেক আৰু দৃষ্টিশক্তি বেয়া হোৱাৰ আশংকা থাকে ৷ এনে বিপদৰ পৰা হাত সাৰিবলৈ প্ৰথমে গাখীৰ আৰু চেনিযুক্ত চাহ পৰিহাৰ কৰাটো উচিত ৷ ইয়াৰ বিপৰীতে আপুনি ওলং চাহ গ্ৰহণ কৰিব পাৰে ৷ ইয়াৰ ফলত স্বাস্থ্যৰ বাবে বহুতো আচৰিত উপকাৰিতা সাধন হ’ব পাৰে ৷
ওলং চাহ চীনৰ এবিধ পৰম্পৰাগত চাহ, যিটো বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা হয় । এই গছৰ পাত, ডাল আৰু কলি চাহত ব্যৱহাৰ কৰা হয় । কিন্তু প্ৰধানকৈ চীন, জাপান আৰু আমেৰিকাত ইয়াৰ প্ৰচলন অধিক । চীনত ইয়াক পৰম্পৰাগত চাহ হিচাপে ব্যৱহাৰ কৰা হয় ।
ওলং চাহত থকা পুষ্টিকৰ উপাদান
ওলং চাহক পুষ্টিকৰ সম্পদৰ ভঁৰাল বুলি কোৱা হয়, কাৰণ ইয়াত ভিটামিন A, ভিটামিন B, ভিটামিন C, ভিটামিন E, ভিটামিন K, কেৰটিন, চেলেনিয়াম, মেংগানিজ, তাম, কেলচিয়াম আৰু এন্টি অক্সিডেন্ট প্ৰচুৰ পৰিমাণে পোৱা যায় ৷
ওলং চাহ খোৱাৰ উপকাৰিতা