অসম

assam

ETV Bharat / sukhibhava

Child Disease: গৰমত শিশুৰ হ'ব পৰা ৰোগ তথা নিৰাময়ৰ উপায় সম্বন্ধে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে

অত্যধিক গৰম আৰু উষ্ণতাৰ বাবে শিশুসকলৰ এই সময়ছোৱাত বিভিন্ন ৰোগ হোৱা দেখা যায় । এই সময়ছোৱাত শিশুসকলক সুস্থ কৰি ৰাখিবলৈ তেওঁলোকৰ যতন লোৱাটো অতি প্ৰয়োজনীয় । গৰমৰ সময়ছোৱাত শিশুসকলৰ হ'ব পৰা ৰোগ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ল'বলগীয়া সাৱধানতা সম্বন্ধে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে ।

Child disease
গৰমত শিশুৰ হ'ব পৰা ৰোগ আৰু ইয়াৰ পৰা নিৰাময়ৰ উপায় সম্বন্ধে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে

By

Published : Aug 14, 2023, 4:28 PM IST

শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইন

গৰমৰ সময়ছোৱাত শিশু সকলৰ প্ৰায়ে হিট ষ্ট্ৰক হোৱা দেখা যায় । অতি বেছি গৰমৰ বাবে শৰীৰ ডি হাইড্ৰেট হয় । গৰমত বাহিৰলৈ ওলালে প্ৰথমে হিট অৱসাদ (exhaustion) হয় । হিট অৱসাদ (exhaustion) হ’লে প্ৰথমে গোটেই শৰীৰ গৰম হৈ যায়, শিশুটি দুৰ্বল হৈ পৰে । হিট অৱসাদ (exhaustion)ৰ পিছৰ লক্ষণটো হৈছে হিট ষ্ট্ৰক। হিট ষ্ট্ৰকৰ হলে শিশুটিৰ গোটেই গা ৰঙা পৰি যায় । হিটষ্ট্ৰোক হলে মগজুত প্ৰভাৱো পৰিব পাৰে । বহু ক্ষেত্ৰত শিশুটি মূৰ্ছা যোৱাও দেখা যায় । এনে লক্ষণ দেখা দিলে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।

গৰমৰ সময়ছোৱা বহু শিশুৰ ডায়েৰীয়াত ভোগা দেখা যায় । গৰমৰ কাৰণে খোৱা খাদ্য সমূহ সোনকালে বেয়া হৈ যায়। পুৰণি বা বহু সময় ধৰি বনাই থৈ দিয়া খাদ্য শিশুক খুৱালে ডায়েৰীয়া হ'ব পাৰে ।

ইয়াৰ উপৰিও এই সময়ছোৱাত ভাইৰেল জ্বৰ, আদিকে ধৰি বিভিন্ন ৰোগ শিশুৰ হ'ব পাৰে । সেয়ে শিশু সকলৰ এই সময়ছোৱাত যতন লোৱাটো অতি আৱশ্যকীয় ।

গৰমৰ সময়ছোৱাত শিশু সকলৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সমূহ-

১) গৰমৰ সময়ছোৱাত শিশু সকলক পুৰণি খাদ্য খুৱাব নালাগে ।

২)শিশু সকলক সদায় সতেজ খাদ্য খুৱাব লাগে ।

৩)চাফ-চিকুণকৈ ৰাখিব লাগে ।

৪)শিশুক আহাৰ খুওৱাৰ পূৰ্বে সদায় হাত ধুই ল'ব লাগে ।

৫) পৰিয়ালৰ যদি কোনো সদস্যৰ বেমাৰ হৈ থাকে তেন্তে তেওঁৰ পৰা শিশুটিক দূৰত ৰাখিব লাগে ।

এনেদৰে আপোনাৰ শিশুটিৰ যতন লৈ, শিশুটিক সুস্থ আৰু সবল কৰি ৰাখিব পাৰে ।

লগতে পঢ়ক: Blood Circulation: ৰক্ত সঞ্চালন সঠিক নহ’লে দেখা যায় এই লক্ষণ, বিপদৰ পৰা হাত সাৰিবলৈ খাওক এই খাদ্য

লগতে পঢ়ক: Symptoms Of Cough: আমাৰ শৰীৰে কফ বাঢ়িলে দিয়ে এনে সতৰ্কবাণী, কেতিয়াও আওকাণ নকৰিব এইসমূহ সতৰ্কবাণীক

লগতে পঢ়ক:Kidney Disease Symptoms: বৃক্কৰ ৰোগ কেৱল প্ৰস্ৰাৱৰ ৰঙৰ দ্বাৰাই নহয়; জানি লওক বৃক্কৰ ৰোগৰ অন্য লক্ষণসমূহ

ABOUT THE AUTHOR

...view details