অসম

assam

ETV Bharat / sukhibhava

দুখনকৈ মাস্ক পৰিধানে প্ৰতিৰোধ কৰিব নোৱাৰে কৰ’ণাক ! - আমেৰিকা যুক্তৰাষ্ট্ৰ

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকসকলে কৰা এক অধ্যয়নত দাবী কৰিছে যে, দুখনকৈ মাস্ক পৰিধানে আপোনাক কৰ’ণাৰ পৰা সুৰক্ষা প্ৰদানত ব্যৰ্থ হ’ব পাৰে ৷ বৰঞ্চ সংক্ৰমণৰ লগতে সংক্ৰমণৰ আশংকা বৃদ্ধিহে কৰে ।

Double-masking does not improve protection against COVID: Study
দুখনকৈ মাস্ক পৰিধান প্ৰতিৰোধ কৰিব নোৱাৰে কৰ’ণাক

By

Published : May 5, 2022, 2:21 PM IST

Updated : May 5, 2022, 3:09 PM IST

ফ্লুইডৰ পদাৰ্থ বিজ্ঞানৰ এক অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি, অপৰিস্কাৰভাৱে থকা মাস্কৰ লগতে আপুনি পৰিধান কৰা দুখনকৈ মাস্কে আপোনাক কৰ’ণাৰ সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰিব নোৱাৰে ৷ এয়া এক সম্পূৰ্ণ ভ্ৰান্ত ধাৰণা ৷ এই সন্দৰ্ভত ফ্লৰিডা ষ্টেট ইউনিভাৰ্চিটি আৰু জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ গৱেষকসকলে যুক্তি দিছিল যে, "অধিক স্তৰৰ অৰ্থ হৈছে কম ছিদ্ৰযুক্ত আৱৰণ, যাৰ ফলত কম পৰিধিৰ ডবল মাস্কৰ ব্যৱহাৰত ভাইৰাছৰ অধিক সংক্ৰমণ ঘটিব পাৰে" ৷

দুটা স্তৰ থকা মাস্কে কেৱল ফিল্টাৰিং ক্ষমতা বৃদ্ধি কৰে ৷ কিন্তু উশাহ-নিশাহত অসুবিধা হ'ব পাৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, ঢিলাকৈ বোঁৱা কাপোৰৰ মুখাবোৰে কৰ’ণাৰ বিৰুদ্ধে আটাইতকৈ কম সুৰক্ষা প্ৰদান কৰে ৷ কিন্তু N 95 আৰু KN 95 মাস্কে আটাইতকৈ বেছি সুৰক্ষা প্ৰদান কৰে ৷ মহামাৰী আৰম্ভ হোৱাৰ দুবছৰ পিছতো কিন্তু এই সন্দৰ্ভত সঠিক তথ্য পোৱা হোৱা নাই ৷

অধ্যয়নটোত গৱেষকৰ দলটোৱে সকলো প্ৰকাৰৰ মাস্কৰ বাবে সঠিক উপযুক্ততাৰ গুৰুত্ব আৰু মুখৰ আকৃতিয়ে ইয়াক কেনেদৰে প্ৰভাৱিত কৰে, তাক দেখুৱাবলৈ ফ্লুইড ডাইনামিকচ চিমুলেচন মডেলৰ সৈতে মুখ্য উপাদানৰ বিশ্লেষণ (পিচিএ) ব্যৱহাৰ কৰিছিল । গৱেষকসকলে নাক আৰু মুখৰ ওপৰত কাপোৰৰ মুখা পৰিধান কৰা এগৰাকী প্ৰাপ্তবয়স্ক লোকৰ মুখত এটা moderate cough jet ৰ আৰ্হি প্ৰস্তুত কৰিছিল আৰু তেওঁৰ কাণত ইলাষ্টিক বেণ্ড মেৰিয়াই দিছিল । তেওঁলোকে মুখা খনৰ মাজেৰে বাহিৰ হোৱা প্ৰবাহৰ হাৰ গণনা কৰাৰ লগতে বিভিন্ন সামগ্ৰীৰ পোৰোচিটি স্তৰত পেৰিফেৰেল ফাঁকৰ হিচাপ কৰিছিল ।

অধিক বাস্তৱিক মুখৰ আকৃতি আৰু আকাৰৰ বাবে, গৱেষকসকলে পিচিএ ব্যৱহাৰ কৰিছিল ৷ যি ছুইজাৰলেণ্ডৰ বাছেল বিশ্ববিদ্যালয়ত 100 জন প্ৰাপ্তবয়স্ক পুৰুষ আৰু 100 গৰাকী প্ৰাপ্তবয়স্ক মহিলাৰ মুৰ একত্ৰিত কৰি চলোৱা পৰীক্ষাত এই তথ্য লাভ কৰা দেখা গৈছিল । তেওঁলোকৰ আৰ্হিটোৱে দেখুৱাইছিল যে কেনেকৈ সকলো মুখমণ্ডলৰ গাঁথনিত সামান্য অসমতাই মাস্কৰ সঠিক পৰিধানৰ ক্ষেত্ৰত প্ৰভাৱিত কৰিব পাৰে ৷

মুখমণ্ডলৰ অসমতা, চকুৰ বাবে প্ৰায় অবোধ্য ৷ কিন্তু মাস্কৰ মাজেৰে কাঁহৰ প্ৰবাহৰ দ্বাৰা এয়া স্পষ্ট হৈ পৰে বুলি ফ্লৰিডা ষ্টেট ইউনিভাৰ্চিটিৰ সহ-লেখক টমাছ চোলানোৱে সদৰি কৰে ।

লগতে চাওক:ক’ভিডত আক্ৰান্ত হোৱাৰ এবছৰৰ পিছতো ভুগিব পাৰে সমস্যাত !

Last Updated : May 5, 2022, 3:09 PM IST

ABOUT THE AUTHOR

...view details