অসম

assam

ETV Bharat / sukhibhava

Health Benefits of Broccoli: বিভিন্ন গুণাগুণেৰে সমৃদ্ধ ব্ৰকলি, আজিয়েই অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত - থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণ কৰে

স্বাস্থ্যৰ বাবে উপকাৰী সেউজীয়া শাক-পাচলিবোৰৰ ভিতৰত এক ঔষধি অন্যতম খাদ্য হৈছে ব্ৰকলি । স্বাস্থ্যৰ বাবে উচ্চ গুণগত মানবিশিষ্ট সুস্বাদু খাদ্য ব্ৰকলি । ব্ৰকলিত স্বাস্থ্যৰ বাবে উপকাৰী বহু উপাদান পোৱা যায় । সেইবাবে কবিজাতীয় সেউজীয়া পাচলিৰ ভিতৰত ব্ৰকলিক সদায় আগত স্থান দিয়া হয় ।

Dont say never eat broccoli Broccoli has endless health benefits
বিভিন্ন গুণাগুণেৰে সমৃদ্ধ ব্ৰকলি, আজিয়েই অন্তৰ্ভুক্ত কৰক খাদ্য তালিকাত

By

Published : Dec 28, 2022, 4:25 PM IST

সেউজীয়া পাঁচলিৰ ভিতৰত ব্ৰকলিৰ আছে বহু কেইটা মহৌষধী গুণ । বৰ্তমান বহুতে ব্ৰকলিক নিজৰ নিয়মিত খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে । বহু কেইটা মাৰাত্মক ৰোগৰ প্ৰতিকাৰক ৰূপেও চিহ্নিত হৈছে ব্ৰকলি(Broccoli has endless health benefits) ।

কৰ্কট ৰোগ প্ৰতিৰোধক: মৰাত্মক কৰ্কট ৰোগ প্ৰতিৰোধ কৰে ব্ৰকলিয়ে । কেন্সাৰ চেল গ্ৰুথ হোৱাত বাধা প্ৰধান কৰে ব্ৰকলিয়ে । দেহত কৰ্কট ৰোগ সৃষ্টিৰ অন্যতম কাৰক এচট্ৰ’জেন কম কৰাৰ গুণ আছে ব্ৰকলিৰ । স্তন কৰ্কট আৰু জৰায়ুৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে অতি উপযোগী ব্ৰকলি ।

কেন্সাৰৰ সৈতে যুঁজ দিব পৰাকৈ ব্ৰকলিত যথেষ্ট উপাদান থাকে । আন আন পাচলিৰ দৰে ব্ৰকলিতো কেন্সাৰ প্ৰতিৰোধৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন উপাদান নিহিত হৈ থাকে । গৱেষণাৰ পৰা প্ৰমাণ পোৱা হৈছে যে স্তন কেন্সাৰ আৰু জৰায়ুৰ কেন্সাৰ প্ৰতিৰোধত ব্ৰকলিয়ে বিশেষভাৱে কাম কৰে ।

থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণ কৰে:যদি আপুনি এই সমস্যাৰ পৰা আঁতৰি থাকিব খোজে তেন্তে নিয়মীয়াভাৱে গ্ৰহণ কৰক ব্ৰকলি । কাৰণ ব্ৰকলিত আয়দিন আৰু ফাইবাৰৰ মাত্ৰা অধিক থাকে । যিয়ে আপোনাক থাইৰয়ডৰ ৰোগৰ পৰা আঁতৰত ৰাখিব আৰু সুস্বাস্থ্যবান কৰি ৰখাত সহায় কৰিব ।

কলেষ্টেৰ’লৰ পৰিমাণ হ্ৰাস কৰে: ব্ৰকলিত আয়ডিন আৰু ফাইবাৰৰ মাত্ৰা অধিক থাকে । যি তেজত কলেষ্টেৰ’লৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে । এলাৰ্জিৰ লগতে সংক্ৰমণ প্ৰতিৰোধৰ বাবেও উপযোগী ব্ৰকলি । ব্ৰক’লিত Omega3 Fatty Acid থাকে । লগতে হৃদ ৰোগ নিৰাময়ৰ বাবেও প্ৰয়োজনীয় ব্ৰ’কলি । শৰীৰত জমা হোৱা কলেষ্টৰেল শৰীৰৰ পৰা বাহিৰ কৰাৰ ক্ষেত্ৰত ব্ৰকলিৰ যথেষ্ট ভূমিকা আছে । ব্ৰকলিত যথেষ্ট পৰিমাণৰ সঞ্চিত হৈ থকা ফাইবাৰে এই কাৰ্যত সহায় কৰে । এক খাদ্য গৱেষণাৰ জৰিয়তে এইটো জানিব পৰা গৈছে আমাৰ পাচন প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা একপ্ৰকাৰ এচিডৰ সহায়ত ব্ৰকলিয়ে তেজত থকা এল ডি এল কলেষ্টৰেলৰ মাত্ৰা ৬ শতাংশ পৰ্যন্ত হ্ৰাস কৰে ।

এলাৰ্জি নিৰাময়ত: মানৱ দেহত এলাৰ্জিৰ সমস্যা উপশমৰ বাবে ব্ৰকলি এক উত্তম খাদ্য । ব্ৰকলিত থকা যথেষ্ট পৰিমাণৰ ওমেগা ফেটি এচিডে শৰীৰত এলাৰ্জি সৃষ্টি কৰিব পৰা উপাদানবোৰ নাশ কৰে । তদুপৰি আমাৰ শৰীৰটো আৰ্থাইটিছ ৰোগৰ পৰা ৰক্ষা কৰাত ব্ৰকলিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । ব্ৰকলিত থকা Sulforaphane নামৰ ৰাসায়নিক দ্ৰব্যবিধে শৰীৰত আৰ্থাইটিছ ৰোগ সৃষ্টি কৰিব পৰা এনজাইম নি:সৰণত বাধাৰ সৃষ্টি কৰে ।

হাড় মজবুত কৰাত সহায় কৰে: ব্ৰকলিত কেলছিয়াম, ভিটামিন k থাকে । লগতে ব্ৰক’লিত মেগনেছিয়াম, জিংক, Phosphorous থাকে ।

ছাল ভালে ৰাখে:ব্ৰকলিত প্ৰচুৰ পৰিমাণে ভিটামিন C, কপাৰ, জিংক অত্যাধিক পৰিমাণে থাকে যিয়ে ছাল ভালে ৰখাত সহায় কৰে ৷

ব্ৰক’লি এণ্টি এজি: ব্ৰক’লিত ভিটামিন C থাকে । যি বয়সৰ চাপ বহুখিনি নিয়ন্ত্ৰণ কৰে । শৰীৰত Fine Line, Wrinkles, বিভিন্ন চৰ্ম জনিত সমস্যা ৰোধৰ বাবে উপযোগী ব্ৰ’কলিৰ । ইয়াৰ লগতে-

  • হৃদৰোগৰ বাবেও উপযোগী ব্ৰকলি ।
  • চকু ভালে ৰখাতো ব্ৰকলিয়ে সহায় কৰে ।

লগতে পঢ়ক:Immunity booster medicines: ক'ভিডৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰহণ কৰক চিকিৎসকে আগবঢ়োৱা এই পৰামৰ্শ

ABOUT THE AUTHOR

...view details