অসম

assam

ETV Bharat / sukhibhava

Heart Attack: বুকৰ বিষ হ'লে নকৰিব অৱহেলা; হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ ! - ৩০ ছেকেণ্ডত হাৰ্ট এটেক কেনেকৈ বন্ধ কৰিব পাৰি

বৰ্তমান সময়ত বহুলোকে হাৰ্ট এটেকত আক্রান্ত হৈ মৃত্যু মুখত পৰা দেখা যায় ৷ হাৰ্ট এটেক কিয় হয় বা ইয়াৰ লক্ষণসমূহ কি কি ? হাৰ্টএটেক বা হৃদৰোগ নিয়ন্ত্ৰণৰ উপায় কি এই সন্দৰ্ভত জনালে জ্যেষ্ঠ হৃদশৈল্য বিশেষজ্ঞ ডাঃ বিকাশ ৰায় দাসে ৷

Heart attack
বুকৰ বিষ হ'লে নকৰিব অৱহেলা; হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ!

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:00 PM IST

বুকৰ বিষ হ'লে নকৰিব অৱহেলা; হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ!

হাৰ্ট এটেক এটা ভয়াৱহ শব্দ ৷ যিকোনো মানুহে এই শব্দটো শুনাৰ লগে লগেই উচপ খাই উঠে ৷ কাৰণ হাৰ্ট এটেক হ'লে মানুহৰ মৃত্যু হোৱাৰ আশংকা থাকে ৷ আমাৰ হৃদযন্ত্ৰটো হৈছে এটা পাম্প ৷ হৃদযন্ত্ৰই শৰীৰটোৰ সকলো অংশলৈ তেজ বিয়পায় ৷ হৃদযন্ত্ৰই কাৰ্য সম্পাদন কৰি থাকিবলৈ তেজৰ প্ৰয়োজন ৷

সেয়েহে আমাৰ হৃদযন্ত্ৰটোক তেল কঢ়িওৱা ট্ৰেংকাৰৰ লগতো তুলনা কৰিব পাৰো ৷ এই যন্ত্ৰটোৱে তেজ পাম্প কৰি থাকে আৰু আন অংগলৈও তেজ সৰবৰাহ কৰি থাকে ৷ উচ্চ ক'লেষ্টৰল যুক্ত খাদ্য বেছি খালে তেতিয়া তেজৰ ধমনীৰ ভিতৰত গেড পৰে ৷ অৰ্থাৎ প্লাগ বান্ধে ৷ ফলত তেজৰ ধমনীসমূহ সৰু হৈ যায় ৷ ফলত কেতিয়াবা প্লাগ হোৱা ক'লেষ্টেৰলখিনি ফাটি যায় আৰু তেজ গোট মাৰে ৷ সেই অৱস্থাটোৱে হৈছে হাৰ্ট এটেক ৷

হাৰ্ট এটেকৰ লক্ষণ সমূহ কি কি ?

  1. আক্রান্ত লোকজনৰ বুকুৰ বিষ হয় ৷ সাধাৰণতে এই বিষ বুকুৰ বাওঁফালে হয় ৷ কেতিয়াবা কান্ধ, ডিঙিলৈও যাব পাৰে ৷ কেতিয়াবা আকৌ পিঠিৰ ফালে অথবা বাউসী, সোঁ হাতলৈকে এই বিষ যাব পাৰে ৷
  2. এই বিষ আকস্মিকভাৱে হোৱা দেখা যায় ৷ কেতিয়াবা গধুৰ বস্তু দাঙিলে বা কাম কৰিলেও এনে বিষ অনুভৱ হয় ৷ কিন্তু বহি থাকিলে কেতিয়াবা বুকুৰ বিষ অনুভৱ নহ'বও পাৰে ৷
  3. কেতিয়াবা হঠাতে বেছিকৈ ঘাম ওলাব পাৰে ৷
  4. মানসিক চাপৰ বাবেও এনে বিষ হ'ব পাৰে বা কেতিয়াবা যদি সপোনত দৌৰি থকা দেখা পোৱা যায় তেতিয়াও বুকুৰ বিষ হ'ব পাৰে ৷
  5. যদি কোনো ব্যক্তিৰ পেটৰ ওপৰৰ ফালে অৰ্থাৎ বুকুৰ তলৰ অংশ বিষ হোৱা যেন অনুভৱ হয় ৷
  6. ৪০ বছৰৰ উৰ্দ্ধৰ যিকোনো লোকৰ বুকুৰ ওপৰ ফালে বিষ অনুভৱ হলে সাৱধান হ'ব লাগে ৷
  7. বমি, শৰীৰ অৱশ হোৱা, ডায়েৰীয়া হোৱাও কেতিয়াবা হাৰ্ট এটেকৰ লক্ষণ হ'ব পাৰে ৷

হৃদৰোগ নিয়ন্ত্ৰণৰ উপায়

  1. হৃদৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হ'লে প্ৰথমতে জীৱনশৈলীৰ পৰিবৰ্তন কৰিব লাগিব ৷ সদায় মাছ-মাংস, কণী খোৱাতোৱেই সুষম আহাৰ গ্ৰহণ কৰাটো নুবুজাই ৷ দৈনন্দিন খাদ্য তালিকা প্ৰস্তুত কৰাৰ সময়ত সুষম আহাৰ অন্তৰ্ভুক্ত কৰা উচিত ৷
  2. খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱন-যাপনৰ সকলোখিনি কাম সুচাৰুভাৱে পালন কৰিলে হৃদৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ ৷
  3. ধুমপান পৰিহাৰ কৰিব লাগে ৷
  4. উচ্চৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে ৷
  5. ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব লাগিব ৷ অৰ্থাৎ তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখিলেও হৃদৰোগৰ পৰা বাচিব পাৰি ৷

লগতে পঢ়ক:Different Types of Facials: কোনটো ফেচিয়েল আপোনাৰ ছালৰ বাবে উপযুক্ত, কেনেকৈ বাছনি কৰিব ?

ABOUT THE AUTHOR

...view details