অসম

assam

ETV Bharat / sukhibhava

Never do these things after taking bath: গা ধোৱাৰ পিচত আপুনিও কৰে নেকি এই কাম ? তেতিয়াহ’লে জানি লওক ইয়াৰ অপকাৰিতা - গা ধোৱাৰ লগে লগে পানী খাব নালাগে

ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ আপুনি গা ধোৱাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কামৰো যত্ন ল’ব লাগিব, যিবোৰ মানুহে প্ৰায়ে অনুসৰণ নকৰে । জানি লওক গা ধোৱাৰ পিচত কোনসমূহ কাম কৰিব নালাগে (Dont do these things after taking bath) ৷

Dont do these things after taking bath, otherwise you will be in trouble
জানি লওক গা ধোৱাৰ পিচত কোনসমূহ কাম কৰিব নালাগে

By

Published : May 7, 2023, 4:14 PM IST

শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ অনেক নিয়ম-নীতি পালন কৰিব লাগে, নহয়নে ? কিয়নো ই আমাৰ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় ৷ যদি আপুনি শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ কিছু সঠিক নিয়ম পালন কৰে, তেন্তে অসুস্থ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে কমি যায় (Dont do these things after taking bath)।

সুস্থ হৈ থাকিবলৈ যেনেকৈ সঠিক খাদ্য খোৱাটো প্ৰয়োজনীয়, ঠিক তেনেদৰে কিছুমান নিয়ম মানি চলাটোও প্ৰয়োজনীয় । ৰোগৰ পৰা মুক্ত হৈ থাকিবলৈ আপুনি গা ধোৱাৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কামৰো যত্ন ল’ব লাগিব, যিবোৰ মানুহে প্ৰায়ে অনুসৰণ নকৰে ।

এতিয়া আপুনি নিশ্চয় ভাবিছে যে, গা ধোৱাৰ লগত স্বাস্থ্যৰ কি সম্পৰ্ক ? (Never do these things after taking bath) কিন্তু জানি লওক যে দুয়োটাৰ মাজত এটা ডাঙৰ সংযোগ আছে । গা ধোৱাৰ পিচত এই ৪ টা কাম কেতিয়াও নকৰিব । এই ৪ টা কাম কি আৰু কিয় উচিত নহয় জানো আহক ?

১) গা ধোৱাৰ লগে লগে পানী খাব নালাগে

গা ধোৱাৰ পিচতে পানী খোৱাৰ পৰা বিৰত থাকিব লাগে । কিয়নো বহুতে হয়তো নাজানে গা ধুৱাৰ পিচত পানী খালে আমাৰ শৰীৰ ক্ষতি কৰে ৷ গা ধুলে শৰীৰৰ উষ্ণতা বেলেগ হয় আৰু তেজৰ সঞ্চালনও বেলেগ হয় । সেয়াহে গা ধোৱাৰ লগে লগে পানী খালে আপোনাৰ ৰক্ত সঞ্চালনত প্ৰভাৱ পৰিব পাৰে, যাৰ বাবে ৰক্তচাপ ওপৰলৈ আৰু তললৈ যাব পাৰে ।

২) গা ধোৱাৰ পিচত জোৰকৈ ছাল নঘঁহিব

গা ধোৱাৰ পিচত ছালখন খৰকৈ ঘঁহি দিয়াৰ কাম কেতিয়াও নকৰিব । কাৰণ তেনে কৰিলে আপোনাৰ ছালত পানীলগা হ’ব পাৰে । আপোনাৰ ছাল শুকান হ’ব পাৰে । ইয়াৰ লগতে খজুৱতি আৰু শুকান হোৱাৰ দৰে সমস্যাও উদ্ভৱ হ’ব পাৰে ।

৩) গা ধোৱাৰ পিচত হেয়াৰ ড্ৰাইয়াৰ ব্যৱহাৰ নকৰিব

চুলি ধোৱাৰ পিচত লগে লগে হেয়াৰ ড্ৰাইয়াৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে । কাৰণ এনে কৰিলে চুলিৰ পৰা আৰ্দ্ৰতা আঁতৰি যাব পাৰে আৰু চুলি শুকান হৈ যাব পাৰে । ইয়াৰ বাহিৰেও চুলিবোৰ ফ্ৰিজি হৈ পৰে আৰু ফাটিবলৈ আৰম্ভ কৰে ।

৪) গা ধোৱাৰ লগে লগে ৰ’দত বহা

গা ধোৱাৰ লগে লগে ৰ’দত ওলাই যোৱাৰ পৰা বিৰত থাকিব লাগে । কাৰণ এনে কৰিলে আপুনি ঠাণ্ডা আৰু গৰমৰ বলি হ’ব পাৰে । ইয়াৰ ফলত চৰ্দি, কাহ আৰু জ্বৰ হ’ব পাৰে ।

লগতে পঢ়ক:Spicy food Disadvantages: আপুনিও অধিক মচলাযুক্ত খাদ্য খাই ভাল নেকি ? তেতিয়া হ’লে সাবধান !

ABOUT THE AUTHOR

...view details