আমি প্ৰায়েই দেখো যে পঢ়া-শুনা কৰি থকাৰ সময়ত সৰু ল’ৰা-ছোৱালীয়ে টোপনি যাবলৈ আৰম্ভ কৰে ৷ এই সমস্যা কেৱল শিশুৰ ক্ষেত্ৰতেই নহয়, প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰতো হোৱা দেখা যায় ৷ ইচ্ছা কৰিলেও পঢ়িবলৈ মন নাযায় ৷ যদি আপোনাৰ বা আপোনাৰ কোনো চিনাকী লোকৰ ক্ষেত্ৰতো যদি একেধৰণৰ সমস্যাই দেখা দিছে, তেন্তে ইয়াৰ কাৰণ কি আৰু এই সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানি লওক-
কিতাপ তুলি লোৱাৰ লগে লগে মোৰ টোপনি কিয় লাগে ?
আমি অধ্যয়ন কৰোতে চকুৰ সৈতে জড়িত পেশীবোৰৰ ওপৰত চাপ পৰে ৷ আমাৰ মগজুৱে পঢ়া কথাবোৰ সংগ্ৰহ কৰি মনত ৰাখি থাকে ৷ চকুৰ পেশীবোৰ যেতিয়া ভাগৰুৱা হয় বা লাহে লাহে কাম কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়া আমাৰ টোপনি আহে৷ আমাৰ মগজুৱে কম্পিউটাৰৰ দৰে সকলো তথ্য সংৰক্ষণ কৰি ৰাখে ৷ সেয়ে ইমান চাপৰ বাবে আমাৰ চকু আৰু মগজুৱে জিৰণি বিচাৰে ৷
বহু সময়ত পঢ়া-শুনা কৰি থাকোতে আমাৰ বহা ভংগীমা ভুল হোৱাৰ বাবেও আমাৰ টোপনি আহিব পাৰে ৷ যাত্ৰাৰ সময়তো বাছ বা ৰে’লত বহি থাকোতে যেন আমি টোপনি যাবলৈ আৰম্ভ কৰো ৷ গতিকে পঢ়া-শুনা কৰি থকাক সময়ত শাৰীৰিক ভংগীমা এনেদৰে ৰাখিব লাগে যাতে আমাৰ বেছি আৰাম অনুভৱ নহয় আৰু যাতে বেছি এলেহুৱা অনুভৱ নহয় ৷
পঢ়া-শুনা কৰি থকাৰ সময়ত টোপনি আহিলে কি কৰিব ?
১) আন্ধাৰত অধ্যয়ন নকৰিব-
যেতিয়াই পঢ়া-শুনা কৰিবলৈ বহিব, তেতিয়াই যথেষ্ট পোহৰ থকা ঠাই বাছি লওক ৷ ইয়াৰ ফলত চকুত কম প্ৰভাৱ পৰিব আৰু কম পোহৰ থকা ঠাইত বহি থকাৰ পৰাও ৰক্ষা পৰিব ৷ আন্ধাৰত অধ্যয়ন কৰিলে টোপনি আহিব পাৰে ৷