অসম

assam

ETV Bharat / sukhibhava

Egg Cholesterol Relation: কণী খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হয় নে নহয় ? স্বাস্থ্যৰ ওপৰত কণীৰ প্ৰভাৱ কেনেকুৱা হয় জানি লওক - কলেষ্টেৰলৰ মাত্ৰা

আমাৰ মাজৰ বহুলোকেই কণী খাই ভাল পায়, কিন্তু ই আমাৰ তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰিব পাৰেনে ? এই সন্দৰ্ভত বিতংভাৱে জানো আহক ।

Does eating eggs increase cholesterol or not? Know how will be the effect of egg on health
কণী খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হয় নে নহয় ? স্বাস্থ্যৰ ওপৰত কণীৰ প্ৰভাৱ কেনেকুৱা হয় জানি লওক

By

Published : Jun 14, 2023, 7:19 PM IST

আমাক প্ৰায়ে ব্ৰেকফাষ্টত সিজোৱা কণী খাবলৈ পৰামৰ্শ দিয়া হয় কাৰণ ইয়াক প্ৰ’টিনৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, লগতে ইয়াত প্ৰাকৃতিক চৰ্বিও পোৱা যায় । সমগ্ৰ বিশ্বৰ মানুহৰ মাজত কণী অতি জনপ্ৰিয় । প্ৰতিজন স্বাস্থ্য বিশেষজ্ঞই এই ছুপাৰফুড খাবলৈ পৰামৰ্শ দিয়ে, কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে যিসকল লোকৰ কলেষ্টেৰলৰ মাত্ৰা ইতিমধ্যে বেছি, তেওঁলোকে কণী খাব লাগেনে, যদি হয়, তেন্তে কিমান পৰিমাণত সেৱন কৰিব পাৰি ।

কণীয়ে কলেষ্টেৰল বৃদ্ধি কৰে নে নাই ?

বহু গৱেষণাত প্ৰমাণিত হৈছে যে কণীত ভাল কলেষ্টেৰল থাকে যিটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, এই ধৰণৰ কলেষ্টেৰলে আমাৰ শৰীৰত সুস্থ কোষ গঢ়ি তোলে । ইয়াত চেচুৰেটেড বা ট্ৰান্স ফেট নাথাকে, গতিকে এল ডি এল অৰ্থাৎ বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি নহয় । মনত ৰাখিব লাগিব যে উতলাৰ পিছত খাওক, যদি আপুনি ইয়াক অধিক তেল বা ঘিউত সিজোৱাৰ পিছত খায়, তেন্তে লাভৰ সলনি লোকচানৰ সন্মুখীন হ’ব লাগিব ।

কিমান মাত্ৰাত কণী খাব ?

যিহেতু কণী খালে ভাল কলেষ্টেৰল বৃদ্ধি পায়, সেয়েহে ই আমাক উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ পৰাও ৰক্ষা কৰে । চিকিৎসকৰ মতে, যদি আপুনি এদিনত ২টা কণী খায় তেন্তে ই স্বাস্থ্যৰ বাবে অতি উপকাৰী । ইয়াতকৈ বেছি সেৱন কৰিব বিচাৰিলে চিকিৎসকৰ পৰামৰ্শ লওক । গধুৰ ৱৰ্কআউট কৰা লোকসকলে অধিক কণী খোৱাৰ প্ৰয়োজন ।

এইবোৰ বস্তুৱে কলেষ্টেৰল বৃদ্ধি কৰে

আমি দৈনন্দিন জীৱনত এনে কিছুমান খাদ্য সামগ্ৰী খাওঁ, যিয়ে কলেষ্টেৰলৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি কৰে, এনে পৰিস্থিতিত এইবোৰ বস্তু পৰিহাৰ কৰিবলৈ আৰম্ভ কৰোঁ, নহ’লে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে ।

১) ৰঙা মাংস- যদিও ই প্ৰ’টিনৰ প্ৰচুৰ উৎস, কিন্তু ইয়াত চৰ্বিও প্ৰচুৰ পৰিমাণে পোৱা যায়, গতিকে ইয়াক সীমিত পৰিমাণত খাব লাগে ।

২)সম্পূৰ্ণ চৰ্বিযুক্ত গাখীৰ-গাখীৰ আমাৰ বাবে সম্পূৰ্ণ খাদ্য, কিন্তু যদি আপুনি সম্পূৰ্ণ চৰ্বিযুক্ত গাখীৰ খায় তেন্তে কলেষ্টেৰল বৃদ্ধি পাব পাৰে, ক্ৰীম আঁতৰোৱাৰ পিছত খাব লাগে ।

৩) তেলীয়া খাদ্য- বহুতো ৰন্ধন তেল আমাৰ স্বাস্থ্যৰ শত্ৰু বুলি কোনো সন্দেহ নাই, অতিৰিক্তভাৱে সেৱন কৰিলে বহু ৰোগ হ’ব পাৰে ।

লগতে পঢ়ক:UTI problem in Men: পুৰুষৰ UTIএ বৃক্ক বা প্ৰষ্টেটত সৃষ্টি কৰিব পাৰে সমস্যাৰ!

ABOUT THE AUTHOR

...view details