ডালচেনি মিহলোৱা পানী বা ডালচেনিৰ চাহৰ বহু উপকাৰিতা আছে ৷ ই ওজন হ্ৰাস কৰাত সহায় কৰাৰ উপৰিও শৰীৰত ডায়েবেটিছ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ডালচেনি নিজৰ স্বাস্থ্য উপকাৰিতা আৰু এক শক্তিশালী ঔষধ হিচাপে পৰিচিত ৷ সেয়ে এই মচলাবিধ প্ৰাচীন কেইবাবিধো ঔষধত বিভিন্ন ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷
পানীত ডালচেনি মিহলাই সেৱন কৰিলে ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থৰ লগতে অতিৰিক্ত গ্লুক’জৰ পৰিমাণ উলিয়াই দিয়াত সহায় কৰে ৷ অৰ্থাৎ ই তেজৰ গ্লুক’জৰ পৰিমাণ স্বাভাৱিকভাৱে নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ইয়াৰোপৰিও গৰম পানীত ডালচেনি মিহলাই সেৱন কৰিলে ই শৰীৰৰ অতিৰিক্ত চৰ্বি বাহিৰ কৰাত সহায় কৰে ৷ ই শৰীৰত কলেষ্ট’ৰেলৰ মাত্ৰা কমাই দিব পাৰে, যাৰ ফলত হৃদৰোগ আৰু স্ট্ৰোকৰ সম্ভাৱনা ৰোধ হয় ৷
দৈনিক খাদ্যত মাত্ৰ ১ গ্ৰাম ডালচেনি যোগ কৰিলে ইনচুলিনৰ সংবেদনশীলতা উন্নত হয় আৰু টাইপ-২ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ লগতে ই হজম শক্তি উন্নত কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে ৷ ডালচেনিত থকা এন্টি-বায়টিক, এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট গুণে শৰীৰত তেজৰ গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰাৰ লগতে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ৷ ইয়াৰোপৰি, ভাল টোপনি আৰু বিপাকীয় ক্ৰিয়াৰ বাবেও ডালচেনি উপযোগী ৷