ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ লগে লগে আমাক সহায় একাপ চাহৰ প্ৰয়োজন হয় লগতে ই আমাৰ সকলোৰে বাবে এক অভ্যাসলৈ পৰিণত হৈছে । পুৱাৰ বাহিৰেও দিনটোৰ যিকোনো সময়ত একাপ চাহ খালে শৰীৰটো সক্ৰিয় হৈ থকিব বুলি আমি সকলোৱে বিশ্বাস কৰো ।
কিন্তু আমাৰ মাজৰ বহুতেই একাপ চাহ খোৱাৰ পাছতে পানী খাওঁ । আমি নজনাকৈয়ে ই আমাৰ স্বাস্থ্যৰ বহু ক্ষতিসাধন কৰে । হয়, পানীক এক অতি শক্তিশালী পানীয় বুলি গণ্য কৰা হয় যদিও চাহ খোৱাৰ পাছত পানী খালে ই স্বাস্থ্যৰ যথেষ্ট হানি কৰে । আজি এই বিষয়ে জানো আহক-
চাহৰ পিছত পানী খালে প্ৰকৃততে কি হয় ?
১) চাহ খোৱাৰ পিছত পানী খালে পেটত গেছৰ সমস্যাই দেখা দিয়ে । ইয়াৰ ফলত পেট ফুলা, কোষ্ঠকাঠিন্য আদিৰ দৰে সমস্যাৰো সৃষ্টি হ’ব পাৰে ।
২) চাহ খোৱাৰ লগে লগে বা তাৰ লগত পানী খালে পেটৰ সমস্যাই দেখা দিয়ে । পেটত গেছ গঠন হোৱাৰ উপৰিও বিষ, পেট বিষ, পেট ফুলা, কোষ্ঠকাঠিন্য আদি বহুতো সমস্যা হ’ব পাৰে ।
৩) চাহ খোৱাৰ লগে লগে পানী খালে নাকৰ পৰা তেজ ওলাব পাৰে । বিশেষকৈ গ্ৰীষ্মকালত চাহৰ পিছত পানী খালে আপোনাৰ শৰীৰ আৰু খাদ্যনলীয়ে একেলগে গৰম আৰু ঠাণ্ডা সহ্য কৰিব নোৱাৰে । যাৰ ফলত নাকৰ পৰা ৰক্তক্ষৰণ হোৱাৰ এশ শতাংশই সম্ভাৱনা থাকে । সেয়ে গ্ৰীষ্মকালত এই কাম একেবাৰেই নকৰিব ।