চিটাৰা ডেস্ক, 16 মে’: মাতৃ হোৱাৰ আনন্দ হয়তো মাতৃতকৈ বেছি কোনেও বুজিব নোৱাৰিব । মাতৃ হোৱাৰ প্ৰক্ৰিয়াত আধুনিক যুগত চিজাৰিয়ান কৌশলে বহুখিনি সহায় কৰিছে । মহিলাৰ স্বাভাৱিক প্ৰসৱৰ সময়ত দেখা দিয়া বহু ধৰণৰ সমস্যাৰ ফলত মাতৃ বা শিশুৰ জীৱনৰ বাবে বিপদ মাতি আনে ৷ কিন্তু চিজাৰিয়ানৰ ফলত তেওঁলোকৰ সেই বিপদসমূহ হ্ৰাস কৰাত বহু পৰিমাণে সহায়ক হৈছে ।
কিন্তু বৰ্তমান সময়ত বহু লোকে নিৰ্ধাৰিত তাৰিখত প্ৰসৱৰ বিষৰ পৰা হাত সাৰিবলৈ চিজাৰিয়ানত অধিক গুৰুত্ব দিয়ে (Cesarean delivery Side Effects) । কিন্তু চিজাৰিয়ান প্ৰসৱক আমি যিমান সহজ ভাবো সিমান সহজ নহয় ৷ স্বাভাৱিক প্ৰসৱৰ তুলনাত প্ৰসৱৰ বিষ নোহোৱাকৈ সন্তান জন্ম হয় যদিও প্ৰসৱৰ পিচত মাতৃৰ শৰীৰত চিজাৰিয়ান অপাৰেচনৰ বহু পাৰ্শ্বক্ৰিয়াই দেখা দিয়ে । চিজাৰিয়ান প্ৰসৱৰ পিচত মাতৃগৰাকীয়ে কি কি পাৰ্শ্বক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হয় জানো আহক।
লাহে লাহে আৰোগ্য লাভ কৰে মাতৃয়ে
অতি কম সময়তে চিজাৰিয়ান প্ৰসৱ হয় যদিও ইয়াৰ পিচত মাতৃয়ে নিজৰ শৰীৰক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ অৰ্থাৎ আৰোগ্য লাভৰ বাবে বহু সময় লাগে । চিজাৰিয়ান অস্ত্ৰোপচাৰৰ পিচত চিলাইবোৰ ভাল হ’বলৈ বহু সপ্তাহ লাগি যায় । এই চিলাইবোৰ খুব বেদনাদায়ক আৰু এই সময়ত মাকে উঠি বহি বা বহিবলৈ বহুত অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ।
আনকি বহু সময়ত চিলাইবোৰ সিজি যায় যাৰ বাবে মাতৃয়ে বহুত সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় আৰু বিভিন্ন ঔষধো দিয়া হয় যিবোৰ সাধাৰণতে চিজাৰিয়ানৰ পিচত দিয়া হয় যাতে অস্ত্ৰোপচাৰৰ বিষ কম হয় । স্বাভাৱিক প্ৰসৱৰ তুলনাত চিজাৰিয়ান প্ৰসৱৰ পিচত এগৰাকী মহিলা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ তিনি-চাৰি মাহ সময় লাগে ।
সংক্ৰমণৰ আশংকা
চিজাৰিয়ান প্ৰসৱৰ পিচত বহু মহিলা বহু ধৰণৰ সংক্ৰমণৰ আশংকা থাকে (Cesarean delivery)। ইয়াত আটাইতকৈ ডাঙৰ আশংকা হ’ল এণ্ডোমেট্ৰিয়াছিছৰ সংক্ৰমণ । এইটো এক প্ৰকাৰৰ সংক্ৰমণ যাৰ ফলত জৰায়ুৰ ভিতৰত গঠিত কোষবোৰ জৰায়ুৰ বাহিৰত গঠন হ’বলৈ আৰম্ভ কৰে ।