গ্ৰীষ্মকাল অহাৰ লগে লগে বজাৰত ভৰি পৰে ধুনীয়া ধুনীয়া গ্ৰীষ্মকালীন ফল (Litchi Benefits) ৷ গ্ৰীষ্মকালীন ফলৰ ভিতৰত অন্যতম ফল হৈছে লিচু ৷ লিচু এনেকুৱা এটা ফল যিটো সকলো বয়সৰ লোকে খাই ভাল পায় । কিয়নো এই ফল কেৱল সোৱাদযুক্তই নহয়, বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰেও সমৃদ্ধ ।
যিহেতু লিচুৰ সোৱাদ মিঠা, সেয়েহে ইয়াক আইচক্ৰীম, চৰবহতকে ধৰি বহু প্ৰকাৰে ব্যৱহাৰ কৰা হয় । লিচু স্বাস্থ্যৰ পক্ষে বহু উপকাৰী । গতিকে জানো আহক লিচুৰ ভিতৰত কি কি গুণ লুকাই আছে আৰু কিয় ইয়াক গ্ৰহণ কৰিব লাগে (Benefits of eating litchi in summer) ৷
লিচু খোৱাৰ উপকাৰিতা
১) হজম শক্তি বৃদ্ধিত সহায় কৰে
লিচুত প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যিয়ে খাদ্য হজম কৰা যথেষ্ট সহায় কৰে (Litchi Health Benefits) ৷ লিচুক আঁহৰ ভাল উৎস বুলিও গণ্য কৰা হয় । এই কাৰণেই লিচুৱে পেটৰ লগত জড়িত সমস্যাবোৰ আঁতৰাই ৰখাত আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়াত সহায় কৰে ।
২) ৰক্তচাপ নিয়ন্ত্ৰণ
ৰক্তচাপ এনেকুৱা এটা ৰোগ, যাৰ সন্মুখীন হৈছে বৰ্তমান সময়ত বৃহৎ সংখ্যক লোক । যদিও লিচুত এনে বহু গুণ আছে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণৰ কাম কৰিব পাৰে । লিচুত ভাল পৰিমাণৰ পটাছিয়াম পোৱা যায়, যিয়ে ৰক্তচাপ সুস্থিৰ কৰি ৰখাত সহায় কৰে ।