আমাৰ মাজত বহুলোকৰে এই সমস্যা থাকে যে টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে মূৰৰ বিষ হ’বলৈ আৰম্ভ কৰে যদিও বহুলোকে ইয়াক সাধাৰণ বুলি গণ্য কৰি আওকাণ কৰা দেখা যায়, কিন্তু এনে কৰাটোৱে পিছলৈ আপোনাৰ শৰীৰত গম্ভীৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে ৷ পুৱা মূৰৰ বিষে আমাৰ গোটেই দিনটো নষ্ট কৰি পেলায় ৷ এনে পৰিস্থিতিত এই বিষয়ে সচেতন হোৱাটো খুব প্ৰয়োজন ৷ তেন্তে জানো আহক পুৱা মূৰৰ বিষ হোৱাৰ আঁৰৰ মূল কাৰণ কি কি-
- টোপনিৰ মানদণ্ড
সঠিক পৰিমাণৰ টোপনি গ্ৰহণ নকৰা, অপৰ্যাপ্ত টোপনিৰ সময় বা টোপনিৰ ব্যাঘাত জন্মিলে পুৱা মূৰৰ বিষ হ’ব পাৰে ৷ এনে পৰিস্থিতিত আপুনি শুবলৈ সময় নিৰ্ধাৰণ কৰি আৰামদায়ক পৰিৱেশ নিশ্চিত কৰিব লাগে, যাতে আপুনি ভালদৰে টোপনি গ্ৰহণ কৰিব পাৰে ৷
- স্লিপ এপনিয়া
পুৱা মূৰৰ বিষ অনুভৱ কৰা লোকসকলৰ টোপনিৰ সময়ত উশাহ-নিশাহ বন্ধ হোৱা অৱস্থাত স্লিপ এপনিয়াৰ আশংকা থাকিব পাৰে ৷ জাৰ্নেল অৱ হেডএচ এণ্ড পেইনৰ এক অধ্যয়ন অনুসৰি স্লিপ এপনিয়াত আক্ৰান্ত প্ৰতি পাঁচজন লোকৰ ভিতৰত এজনে পুৱা মূৰৰ বিষৰ কথা উল্লেখ কৰিছে ৷
- ডিহাইড্ৰেচন
আপুনি জানেনে যে ডিহাইড্ৰেচনৰ ফলত পুৱা মূৰৰ বিষ হ’ব পাৰে ? সেয়ে গোটেই দিনটো পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিলে আমি আমাৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰখাত সহায় কৰাৰ লগতে মূৰৰ বিষৰ ফলত টোপনিৰ পৰা সাৰ পোৱাৰ সমস্যা দূৰ হ’ব পাৰে ৷
- ব্ৰুক্সিজম (দাঁত মুচৰি থকা)
পুৱা মূৰৰ বিষৰ ফলত টোপনি ভাঙি যোৱাৰ আঁৰত আন এটা কাৰণ হৈছে ব্ৰুক্সিজম, যিটো হ’ল টোপনিৰ সময়ত দাঁত মুচৰি থকাৰ ফলত হ’ব পাৰে ৷ যদি আপোনাৰো এই সমস্যা আছে তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰক বা চিকিৎসকৰ পৰামৰ্শ লওক ৷
- শুই থকা অৱস্থা
শুই থকা অৱস্থাত মূৰ আৰু ডিঙিৰ বিষ হ’ব পাৰে ৷ এনে পৰিস্থিতিত মনত ৰাখিব যে এনেদৰে শোৱাৰ চেষ্টা কৰক যাতে আপোনাৰ ডিঙি আৰু মূৰটোৱে জিৰণি লাভ কৰে ৷ যেতিয়াই আপুনি অনুভৱ কৰে যে আপুনি ভুল দিশত টোপনি গ্ৰহণ কৰিছে তেতিয়া তৎক্ষণাত সেই ভুল শুধৰাবলৈ চেষ্টা কৰক ৷
- কেফেইন