অসম

assam

ETV Bharat / sukhibhava

Health Tips: আপুনিও ধঁপাত গ্ৰহণ কৰে নেকি? তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওক

যদি আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে, তেন্তে যিমান সোনকালে সম্ভৱ ধঁপাতজাতীয় সামগ্ৰী, ধঁপাত গ্ৰহণ কৰা বন্ধ কৰক ৷ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি আপুনি কিদৰে ধঁপাত, বিশেষকৈ ধঁপাতৰ আসক্তিৰ পৰা নিজকে বচাই ৰাখিব পাৰে, আজি সেই বিষয়ে জানো আহক-

do-you-eat-tobacco-too-learn-the-home-remedies-to-get-rid-of-this-addiction
আপুনিও ধঁপাত গ্ৰহণ কৰে নেকি? তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওক

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:45 PM IST

ধঁপাত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ জীৱনটোক নিজেই বিপদত পেলায় ৷ এই কথাত হয়তো দ্বিমত কাৰো নাথাকিব ৷ নিয়মীয়াকৈ ধঁপাত সেৱন কৰা লোকসকলৰ ক্ষেত্ৰত ইৰেক্টাইল ডিচফাংশনৰ আশংকা বহুগুণে বৃদ্ধি হয় ৷ যিয়ে তেওঁলোকৰ পুৰুষত্বত গুৰুতৰ প্ৰভাৱ পেলায় ৷ ফলত জীৱনৰ মানদণ্ড অৱনতি হৈ পৰে ৷ সেয়েহে, যদি আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে, তেন্তে যিমান সোনকালে সম্ভৱ ধঁপাতজাতীয় সামগ্ৰী, ধঁপাত গ্ৰহণ কৰা বন্ধ কৰক ৷ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি আপুনি কিদৰে ধঁপাত, বিশেষকৈ ধঁপাতৰ আসক্তিৰ পৰা নিজকে বচাই ৰাখিব পাৰে, আজি সেই বিষয়ে জানো আহক-

১. যদি আপুনি ধঁপাতৰ প্ৰতি আসক্ত, তেন্তে আপুনি পান মছলা, মিচিৰিৰ সৈতে মিহলি কৰি চোৱাই খাব ৷ এনে কৰাৰ দ্বাৰা আপুনি অতি সোনকালেই লাভান্বিত হ'ব ৷

২. অলপ আজৱাইন নেমুৰ ৰস আৰু ক'লা নিমখত দুদিনৰ বাবে তিয়াই ৰাখিব ৷ পাছত সেইখিনি ভালকৈ শুকুৱাই ল’ব ৷ শুকুৱাৰ পাছত সেয়া আপুনি নিয়মীয়াকৈ খোৱা আৰম্ভ কৰিব ৷

৩.নেমুৰ ৰস আৰু নিমখৰ পানীত দুদিনৰ বাবে শিলিখা তিয়াই থৈ দিব ৷ইয়াৰ পাছত ভালদৰে শুকুৱাই ধঁপাতৰ বিকল্প হিচাপে গ্ৰহণ কৰিব ৷

৪. যদি আপোনাৰ অত্যাধিক ধঁপাত খাবলৈ মন যায়, তেন্তে আপুনি আজৱাইন বা ইলাচী লগে লগে খাব পৰাকৈ আপোনাৰ সৈতে ৰাখিব ৷

৫.যদি আপোনাৰ শীতকালত ধঁপাত খাবলৈ মন যায়, জেতুকাৰ গোন্ধ ল’ব ৷

৬. মনত ৰাখিব যে তৎক্ষণাৎ ধঁপাত খোৱাৰ অভ্যাস ত্যাগ নকৰিব, লাহে লাহেহে এই আসক্তি ত্যাগ কৰাৰ চেষ্টা কৰিব ৷

ধঁপাত খোৱাৰ ফলত হৃদৰোগ হয়

শেহতীয়া এক অধ্যয়ন মতে, ভাৰতীয় জনসংখ্যাৰ প্ৰতি পাঁচজনৰ ভিতৰত এজন ব্যক্তি ধঁপাত খোৱাৰ ফলত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷ সেয়েহে, যিসকলে ধঁপাত খোৱাসকল অৱগত হোৱা উচিত যে সোনকালেই তেওঁলোক হৃদৰোগত আক্ৰান্ত হ’ব ৷ বহুসময়ত দেখা গৈছে যে ধঁপাতৰ প্ৰতি আসক্ত একাংশ বন্ধুৱে তেওঁলোকৰ সঙ্গীকো ইয়াৰ প্ৰতি আসক্ত কৰি তোলে ৷সেয়েহে, যদি আপোনাৰ কোনো বন্ধুৱে ধঁপাত খাবলৈ প্ৰস্তাৱ দিয়ে, তেন্তে সেয়া স্পষ্টভাৱে অস্বীকাৰ কৰা কৰিব ৷

লগতে পঢ়ক:Hemoglobin Deficiency: খাওক আইৰণেৰে ভৰপূৰ এই 10বিধ খাদ্য; শৰীৰত কেতিয়াও নহয় হিম’গ্লবিনৰ অভাৱ

ABOUT THE AUTHOR

...view details