আমাৰ মাজৰ বহুতৰে পুৱাৰ ভাগত বমিৰ সমস্যাই দেখা দিয়ে ৷ কেৱল গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতে এনে নহয় পুৱাৰ ভাগত বমিৰ সমস্যা যিকোনো লোকৰে হ’ব পাৰে ৷ এয়া কোনো ৰোগ নহয়, কিন্তু কিছুমান কাৰণত মানুহৰ মাজত এনেকুৱা সমস্যাই দেখা দিয়ে ৷ গৰ্ভাৱস্থাৰ সময়ত পুৱাৰ ভাগত এনে হোৱাটো সাধাৰণ কাৰণ,যাক Morning Sicknessবুলিও কোৱা হয় ৷ এয়া পেটৰ সাধাৰণ অস্বস্তিৰ ফলত বা কোনো অৱস্থাৰ লক্ষণ হ’ব পাৰে ৷ সাধাৰণতে বহুতে বমিৰ বিৰুদ্ধে যুঁজিবলৈ ঘৰুৱা উপায় অনুসৰণ কৰে, কিন্তু ইয়াৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজ দিবলৈ ইয়াৰ কাৰণ জনাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় ৷ এই কাৰণসমূহৰ বিষয়ে তলত বিতংভাৱে জানো আহক-
পুৱা বমি ভাৱ কিয় আহে ?
১) ভাগৰুৱা-
সাধাৰণতে কম টোপনিৰ বাবে বমিৰ সমস্যা হ’ব পাৰে ৷ টোপনি কম হ’লে পুৱাৰ ভাগত বমি ভাব আহিব পাৰে ৷ যদি আপোনাৰ শৰীৰে ভাগৰুৱা অনুভৱ কৰে তেন্তে এই সমস্যাই দেখা দিব পাৰে ৷
২) ৰক্তশৰ্কৰাৰ মাত্ৰা কম হোৱা-
তেজত গ্লুক’জৰ পৰিমাণ কম হ’লে বমি হ’ব পাৰে ৷ ইয়াৰ ফলত মূৰ ঘূৰাবও হ’ব পাৰে ৷ সাধাৰণতে নিশাৰ আহাৰ আৰু ব্ৰেকফাষ্টৰ মাজত দীঘলীয়া ব্যৱধানৰ বাবে এনে হয় ৷ ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলেও ৰক্তশৰ্কৰাৰৰ মাত্ৰাৰ উঠা-নমা অনুভৱ কৰিব পাৰে ৷ ব্ৰেকফাষ্ট এৰি দিলে এই অৱস্থা আৰু বেয়া হ’ব পাৰে ৷
৩) এচিড ৰিফ্লাক্স-
হাৰ্টবাৰ্ণ বা এচিড ৰিফ্লাক্সে বমিকে ধৰি বহু অস্বস্তিৰ সৃষ্টি কৰিব পাৰে ৷ শোৱাৰ কেইঘণ্টামান আগতে নিশাৰ আহাৰ খালে নিশা এচিড ৰিফ্লাক্স ৰোধ কৰিব পৰা যায় ৷